নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিইচিৰ স্বীকৃতি অবিহনে চলিছে আইডলৰ ২১ টা পাঠ্যক্রম

‘কেগ’ৰ প্রতিবেদনত উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ দূৰৱর্তী শিক্ষা পৰিষদ (ডি ই চি)ৰ প্রয়োজনীয় স্বীকৃতি অবিহনেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱর্তী আৰু মুক্ত শিক্ষা গ্রহণ প্রতিষ্ঠানে (আই ডি অ’ এল) ছাত্র-ছাত্রীসকলৰ বাবে আগবঢ়াইছিল ২১ টাকৈ পাঠ্যক্রম ৷ এনে পাঠ্যক্রমৰ ডিগ্রীসমূহ কেন্দ্রীয় চৰকাৰৰ সেৱাসমূহৰ ক্ষেত্রত বৈধ নাছিল ৷ অতি উদ্বেগজনক এই তথ্য প্রকাশ পাইছে ভাৰতৰ নিয়ন্ত্রক আৰু মহা হিচাপ পৰীক্ষক (কেগ)ৰ প্রতিবেদনত ৷ বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত দাখিল কৰা ‘কেগ’ৰ সামাজিক, সাধাৰণ আৰু অর্থনৈতিক (অনা–ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহ) খণ্ডৰ প্রতিবেদনত এই সন্দর্ভত কোৱা হৈছে যে ডি ই চিৰ অনুমোদনৰ সৈতে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ে ২০১০–১১ ৰ পৰা ২০১২–১৩ বর্ষলৈ কার্যকৰী হোৱাকৈ সুদূৰ শিক্ষা আর্হিৰে তিনি বছৰৰ বাবে আঠটা পাঠ্যক্রম প্রদান কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই ডি অ’ এলক ২০১০ চনৰ আগষ্ট মাহত স্বীকৃতি প্রদান কৰিছিল ৷ আঠটা পাঠ্যক্রম ক্রমে ইংৰাজী, অসমীয়া, বড়ো, বঙালী, অর্থনীতি, বুৰঞ্জী বিষয়ত এম এ, এম এ (এমএছচি) আইটি আৰু এম চি জে (মদুলাৰ)ত দিয়া এই স্বীকৃতি বিশ্ববিদ্যালয় অনুদান আয়োগ, প্রযুক্তিগত শিক্ষাৰ বাবে সর্বভাৰতীয় পৰিষদ আৰু ডি ই চিক লৈ গঠিত চুপাৰিশৰ ভিত্তিত আগবঢ়োৱা হৈছিল ৷ এইক্ষেত্রত এক বিশেষ নির্দেশনা আছিল– গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই ডি অ’ এলে এই আঠটাৰ বাহিৰে গুৱাহাটী বিশ্ববিদ্যালয় আই ডি অ’ এলে আন কোনো পাঠ্যক্রম সুদূৰ আর্হিত প্রদান কৰিব নোৱাৰিব ৷ কিন্তু ইয়াৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই ডি অ’ এলে ২০১০–১১ ৰ পৰা ২০১৬–১৭ বর্ষৰ সময়ছোৱাত স্বীকৃত এই আঠোটাৰ উপৰি ২১ টা অনুমোদনহীন পাঠ্যক্রম আগবঢ়াইছিল ৷ ‘কেগ’ৰ হিচাপ পৰীক্ষাত স্পষ্টভাৱে উল্লেখ কৰা অনুসৰি উক্ত ৭ বছৰত ২১ টা অনুমোদনহীন পাঠ্যক্রমৰ ভিতৰত ১৯ টাত মুঠ ৭৩,৯১২ জন শিক্ষার্থীৰ নামভর্তিৰ বিপৰীতে মাচুল সংগ্রহ কৰা হৈছিল ৩৯.০৬ কোটি টকা ৷ লক্ষণীয়ভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ে পূর্ব অনুমোদন অবিহনে আৰু স্বীকৃতি পোৱাৰ আগতে নতুন কার্যসূচী নকৰাত প্রতিশ্রুতিৰে ইউজিচিক শপতনামা দাখিল কৰিছিল ৷ এনেদৰে আই ডি অ’ এলৰ স্বীকৃতি বঢ়াই পোৱাৰ বাবে মিছা শপতনামা দাখিল কৰা হৈছিল বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে ‘কেগ’ৰ প্রতিবেদনত ৷ বিষয়টো ‘কগ’–এ আঙুলীয়াই দিয়াত গ্রহণযোগ্য উত্তৰ দিব পৰা নাছিল গুৱাহাটী বিশ্ববিদ্যালয়ে ৷ এই সন্দর্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কোৱা হৈছিল যে অনুমোদনৰ প্রত্যাশা কৰি পাঠ্যক্রমসমূহ প্রদান কৰা হৈছিল আৰু অনুমোদনহীন পাঠ্যক্রমসমূহ ব্যাহত কৰা হৈছে ৷ ২০১৮ চনৰ আগষ্ট মাহত বিষয়টো ‘কেগ’ৰ তৰফৰ পৰা চৰকাৰক অৱগত কৰোৱা হয় ৷ কিন্তু চলিত বর্ষৰ জুলাই মাহ পর্যন্ত চৰকাৰৰ উত্তৰ অপেক্ষাৰত হৈ থকা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে ৷

You might also like