নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল ইণ্ডিয়া ৰূপায়ণত অৰিহণাঃ বোকাখাতৰ অপূর্ব বৰঠাকুৰলৈ পাৰদর্শিতাৰ বঁটা চৰকাৰৰ

নিয়মীয়া বার্তা, ১৪ মার্চঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন সার্থকৰ বাবে অবিৰত প্রচেষ্টা অব্যাহত ৰাখি আশা কৰাৰ ধৰণে সুফল অর্জন কৰা কমন ছার্ভিচ চেণ্টাৰ (চিএছচি) ৰজাবাৰী শাখাৰ পৰিচালক অপূর্ব বৰঠাকুৰে শ্রেষ্ঠ পাৰদর্শী ৰাজ্যিক বঁটা লাভ কৰিছে ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ অসম প্রশাসনিক মহাবিদ্যালয়ৰ সভাকক্ষত বৰঠাকুৰক এই বঁটা কৰে তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী কেশৱ মহন্তই ৷ সাংবাদিক মনময়ূৰী মহন্তই আঁত ধৰা অনুষ্ঠানত বঁটা প্রদান কৰি মন্ত্রী কেশৱ মহন্তই বৰঠাকুৰৰ এই কৃতকার্যতাক ভূয়সী প্রশংসা কৰাৰ লগতে ভবিষ্যতে অধিক সেৱা আগবঢ়াবলৈ আহ্বান জনায় ৷ সভাত অসম ইলেক্ট্রনিক্স নিগম (পৰিসীমিত) পৰিচালন সঞ্চালক, ৰাজ্যিক তথ্যপ্রযুক্তি বিভাগৰ সঞ্চালক আৰু চিএছচি, অসমৰ পৰিচালক জ্ঞান দলেৰ উপস্থিতিত অপূর্ব বৰঠাকুৰক এটি স্মাৰক, এখন মানপত্র, অংগবস্ত্র আৰু দহ হাজাৰ টকাৰ এখন চেক প্রদান কৰা হয় ৷ গ্রামাঞ্চলৰ লোকক ডিজিটেল শিক্ষা প্রদানেৰে নিৰলসভাৱে বিগত তিনি বছৰে কাম কৰি থকা বৰঠাকুৰৰ এই সাফল্যত বোকাখাতবাসীয়ে সন্তুষ্টি প্রকাশ কৰিছে ৷

You might also like