ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ব্লকৰ দ্বিতীয় মহলাক কণ্টেইনমেণ্ট জ’ন ঘোষণা
নিয়মীয়া বার্তা, ৪ জুনঃ ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ব্লকৰ দ্বিতীয় মহলাৰ ৱার্ডত চিকিৎসাধীন অৱস্থাত থকা চৰাইদেউ আৰু ডিব্রুগড়ৰ কোৱাৰেণ্টাইন কেন্দ্রৰ পৰাহা দুজন ব্যক্তি ক’ভিড–১৯ সংক্রমিত হিচাপে চিনাক্ত হোৱাৰ পৰিপ্রেক্ষিতত ডিব্রুগড় জিলাৰ উপায়ুক্ত তথা ডিব্রুগড জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ অধ্যক্ষ পল্লৱগোপাল ঝাই এক নির্দেশযোগে অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ব্লকৰ দ্বিতীয় মহলাটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ অধিক সংক্রমণ প্রতিৰোধৰ স্বার্থত ডিব্রুগড় জিলাৰ উপায়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ অধ্যক্ষ পল্লৱগোপাল ঝাই জাৰি কৰা নির্দেশটোত উল্লেখ থকা অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ব্লকৰ দ্বিতীয় মহলাটো অভিকেন্দ্র তথা কণ্টেইনমেণ্ট জ’ন, সমগ্র মেডিচিন ব্লকৰ লগতে উত্তৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ হূদৰোগ বিভাগ/ৱার্ড, পূর্বে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেন্দ্রীয় ৰান্ধনীশাল, পশ্চিমে অপথলম’লজী বিভাগ/বাইলেন আৰু দক্ষিণে অসম চিকিৎসা
মহাবিদ্যালয়ৰ ই এন টি ব্লকপর্যন্ত এলেকাটো বাফাৰ জ’ন হিচাপে ঘোষণা কৰি উক্ত জ’নকেইটাত সাধাৰণ লোকৰ আহ–যাহৰ ক্ষেত্রত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ সেই অনুসৰি কণ্টেইনমেণ্ট জ’নৰ চাৰিসীমাত মানুহৰ আহ–যাহ নিয়ন্ত্রিত কৰাৰ বাবে নির্দিষ্ট প্রৱেশ–প্রস্থানৰ পইণ্ট প্রতিষ্ঠা কৰিবলৈ আৰু তাতসাধাৰণ লোকৰ প্রৱেশ–প্রস্থান নিষিদ্ধকৰিবলৈ নির্দেশ দিয়া হৈছে৷ একেদৰে উক্ত জ’ন প্রট’কল অনুযায়ী নিয়মীয়াকৈ ছেনিটাইজ কৰিবলৈ, তাত থকা লোকৰ মাজত সামাজিক দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰিবলৈ আৰু চিকিৎসাজনিত জৰুৰী কাম আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে তাত আন কোনো ধৰণৰ আহ–যাহৰ অনুমতি নিদিবলৈ নির্দেশ দিয়া হৈছে৷
লগতে তালৈ অহা–যোৱা কৰা লোকৰ এক ৰেকর্ড প্রস্তুত কৰি তেওঁলোকক আই ডি এছ পিৰ জৰিয়তে নিৰীক্ষণৰ নির্দেশ দিয়া হৈছে৷ একেটা নির্দেশতে বাফাৰ জ’নত ব্যক্তিগত চাফ–চিকুণতা, হাতখন পৰিষ্কাৰকৈ ৰখাৰ প্রয়োজনীয়তা তথা ব্যৱস্থাৱলী সন্দর্ভত সজাগতা সৃষ্টি, সামাজিক দূৰত্ব বজাই ৰখা নিশ্চিত কৰা, মাস্ক পৰিধান–সামাজিক দূৰত্ব বজাই ৰখা আদি সন্দর্ভত সজাগতা সৃষ্টি কৰাৰ বাবে ব্যৱস্থাৱলী গ্রহণৰ নির্দেশ দিয়া হৈছে৷ ‘অসম ক’ভিড–১৯ কণ্টেইনমেণ্ট ৰেগুলেচনছ, ২০২০’ৰ অধীনত জাৰি কৰা এই নির্দেশাৱলী ২ জুনৰ নিশা ১১ বজাৰ পৰা বাহাল হৈছে আৰু পৰৱর্তী নির্দেশ নিদিয়াপর্যন্ত বাহাল থাকিব৷