নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ৰ পথত চলিল ৰাজ্যৰ প্রথমখন চিএনজিচালিত বাছ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ সুদীর্ঘ একুৰি পাঁচ বছৰৰ মূৰত উজনিৰ ঐতিহ্যমণ্ডিত ডিব্রুগড় চহৰৰ ৰাজপথত শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল চিটীবাছ সেৱা ৷ প্রদূষণমুক্ত অসম গঢাৰ দিশত এখোজ আগুৱাই ৰাজ্যৰ প্রথমখন চি এন জি ইন্ধনচালিত বাছৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে ডিব্রুগড জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ ডিব্রুগড়ৰ চৌকিডিঙিস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত আয়োজিত এক অনুষ্ঠানত উপায়ুক্ত পল্লৱ গোপাল ঝাই অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত চি এন জি বাছখনৰ ফিটা কাটি উদ্বোধন কৰাৰ পাছত ডিব্রুগড নগৰৰ পৰা চাবুৱাৰ মুলুকগাঁৱলৈ চলিবলগীয়া বাছখনৰ যাত্রাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে ৷ চি এন জি বাছসেৱাৰ শুভাৰম্ভ কৰি উপায়ুক্ত ঝাই উল্লেখ কৰে যে এখন প্রদূষণমুক্ত তথা স্বচ্ছ–সেউজ অসম গঢাৰ দিশত অসম ৰাজ্যিক পৰিবহণ নিগমে গ্রহণ কৰা এয়া এক অতিকৈ যোগাত্মক পদক্ষেপ ৷ উপায়ুক্তগৰাকীয়ে লগতে এই সময়খিনিক এক ঐতিহাসিক মুহূর্ত আখ্যা দি নিগমে ডিব্রুগড নগৰৰ পৰা বিন্ধাকটা মুলুকগাঁৱলৈ আৰম্ভ কৰা এই বাছ সেৱাৰ শুভাৰম্ভণিৰ ফলত জিলাখনৰ সীমান্তৱৰ্তী চাবুৱা, পানীতোলা এলেকাকে ধৰি গ্রামাঞ্চলৰ ৰাইজ বিশেষভাৱে উপকৃত হ’ব বুলি আশা প্রকাশ কৰে ৷ উপায়ুক্তগৰাকীয়ে লগতেচি এন জিক ইন্ধনৰ ভৱিষ্যত আখ্যা দি কয় যে এই ইন্ধনৰ ব্যৱহাৰে বাহন পৰিচালনাত হোৱা ব্যয় বহুখিনি হ্রাস কৰাৰ লগতে প্রদূষণমুক্ত পৰিৱেশ গঢ়াত বিশেষ অৰিহণা আগবঢায় ৷ সেয়েহে ৰাজহুৱা যাতায়াত ব্যৱস্থাৰ অধীনৰ বাছসমূহক অধিক সংখ্যাত চি এন জিলৈ ৰূপান্তৰিত কৰাৰ বাবে প্রশাসনে চিন্তা–চর্চা কৰি আছে বুলিও অৱগত কৰে ৷ উল্লেখ্য যে , এ এছ–২০–১৭৫৬ নম্বৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছখনৰ ডিজেলচালিত ইঞ্জিন চি এন জিলৈ ৰূপান্তৰিত কৰাত কোহলি এণ্ড ছনছে পৰিবহণ নিগমক বিশেষ সহযোগিতা আগবঢ়াইছে ৷ উদ্বোধনী অনুষ্ঠানত ডিব্রুগড জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, অসম পৰিবহণ নিগমৰ মুখ্য অভিযন্তা বলীন দাস, মুখ্য বাণিজ্যিক প্রবন্ধক মুৰুলি বৰা, তিনিচুকীয়া সংমণ্ডলৰ অধীক্ষক মিত্রদেৱ চাংকাকতি, জিলা পৰিবহণ বিষয়া সদানন্দ গগৈ, অসম গেছ কোম্পানী লিমিটেডৰ বিষয়া যামিনী বৰা উপস্থিত থাকে ৷ ইফালে, একেটা অনুষ্ঠানতে উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিব্রুগড় নগৰত চিটীবাছ সেৱাৰো শুভাৰম্ভণি কৰে ৷ উপায়ুক্ত ঝাই ডিব্রুগড়ৰ এই একেটা অনুষ্ঠানত এ এম চি এইচৰ পৰা বি চি পি এল পর্যন্ত চলিবলগীয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখন বাছৰ শুভ উদ্বোধন কৰি ডিব্রুগড়ত চিটীবাছ সেৱাৰ শুভাৰম্ভ কৰে ৷

You might also like