নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয় দক্ষিণ-পূৱ এছিয়াৰ বৌদ্ধিক পীঠস্থান হওকঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১২ডিচেম্বৰঃ লক্ষ্য যদি স্থিৰ হয়, একাগ্ৰতা, নিষ্ঠা আৰু সাহস যদি সাৰথি হয়;তেন্তে লক্ষ্যত উপনীত হোৱাত একোৱেই বাধাৰ প্ৰাচীৰ হব নোৱাৰে।-বক্সিঙত ছবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মেৰী কমে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলপথাৰত আয়োজিত সভাত এনেদৰেই সকলোকে উদ্দ্যেশি ভাষণ প্ৰসংগত কয়।

নাহৰৰ দেশলৈ এম চি মেৰী কমৰ আগমণৰ লগে লগে এক অভূতপূৰ্ব পৰিবেশৰ স্বৃষ্টি হয়।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫২সংখ্যক সপ্তাহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট ক্ৰীড়াবিদ, পদ্মবিভূষণ, বক্সাৰ এম চি মেৰী কম ৬ বাৰৰ বিশ্ব চেম্পিয়ন প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ লগতে দেশৰ দ্বিতীয়গৰাকী সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰা প্ৰথম মহিলা খেলুৱৈ তথা বিশ্ব চেম্পিয়ন মেৰী কমক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খগেশ্বৰ তালুকদাৰ খেলপথাৰত উপস্থিত হোৱা লগে আঁদৰি নিয়ে স্নাতকোত্তৰ ছাত্র একতা সভা আৰু বিশ্ববিদ্যালয় কতৃপক্ষই।বিশ্ববিদ্যালয়ৰ ৩৪টাকৈ বিভাগ তথা কেন্দ্ৰই আন্তঃৰাষ্ট্ৰীয় বক্সাৰ গৰাকীক অভিবাদন জনায়।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জিতেন হাজৰিকা আৰু স্নাতকোত্তৰ ছাত্র একতা সভাৰ সভাপতি পৱন গগৈয়ে পতাকা উত্তোলন কৰা পাছতে বিশ্ববিদ্যালয়ৰ সংগীত পৰিবেশন আৰু ফুলাম গামোচা, ফুলাম জাপি, স্মাৰক আদিয়ে সম্বৰ্ধনা জনাই এম চি মেৰী কমক। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দেশৰ ক্ৰীড়াবিদ পদ্ম বিভূষণ এম চি মেৰীকমে তিনিটা সন্তানৰ মাতৃ হৈয়ো কেনেদৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কিমান কষ্ট কৰিব লগা হৈছিল সেই বিষয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্যেশি বক্তব্যত কয়— “কবলৈ যিমান সহজ, কিন্তু ব্যৱসাৰিক দিশত কৰিবলৈ বহু কঠিন।মই কিশোৰী অৱস্থাৰে পৰা বহু কষ্টকৰ কাম কৰিছো।মোৰ কাৰনে লৰাৰ কাম আৰু ছোৱালীৰ কামৰ মাজত কোনো পাৰ্থক্য নাছিল। সকলো কামেই কৰিছিলো।দেউতাৰ লগত খেতি-পথাৰৰ পৰা আদিকে কৰি ঘৰৰ সকলো কাম কৰিছিলো। মোৰ “আনব্ৰেকএৱল” কিতাপখন পঢ়িলে সকলো ভালকৈ বুজিব পাৰিব বুলি বিশ্ব বক্সাৰ চেম্পিয়ন মেৰীকমে ভাষণত উল্লেখ কৰে।

তেওঁ পুনৰাই কয় যে ভাল কাম কৰিব গলে সমাজত বহু অপযশ,অপপ্ৰচাৰ পাব লগীয়া হয়।মোৰ ক্ষেত্ৰতো ব্যতিক্ৰম নাছিল।মোৰ সমাজত মই লৰাৰ দৰে কাম-কাজ কৰাৰ বাবে কেবল মইয়েই নহয় মা-দেউতাইয়ো বহু কথা,মিছা অপবাদৰ সন্মুখীন হব লগীয়া হৈছিল।সেই সময়ত বহুত দুখ লাগিছিল যদিও মই মোৰ লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিলো।মোৰ স্থিত্বপ্ৰজ্ঞই মোক লক্ষ্যলৈ লৈ গৈছিল।এসময়ত ছোৱালী আৰু এতিয়া তিনি সন্তানৰ মাক হৈয়ো মোৰ চৰ্চা নিয়াৰিকৈ চলাই গৈছো।নাৰীৰ শক্তি বহুত,মাথোঁ ইয়াক সময়ত সদভাৱে প্ৰয়োগ কৰিব লাগে বুলি অলিম্পিক মেডেল বিজয়ী উত্তৰ পূৰ্বাঞ্চলৰ গৌৱৰ এম চি মেৰী কমে সফলতাৰ আঁৰৰ কাহিনী প্ৰকাশ কৰে।অনুষ্ঠানত উপস্থিত থকা ছাত্র ছাত্ৰী সকলক উদ্দেশ্যি কয়-
মণিপুৰৰ কাংগ্‌থাইত এজন খেতিয়ক পৰিয়ালত জন্মগ্ৰহণ কৰি তেওঁৰ দেউতাক মাংগ্‌তে তন্‌পা কম আৰ মাক মাংগ্‌তে আখাম কমে ঝুম খেতি কৰি জীৱিকা নিৰ্বাহ কৰাৰ পৰা আৰম্ভ কৰি প্ৰত্যাহ্বান মুলক জীৱনৰ সন্দৰ্ভত ছাত্র ছাত্ৰী সকলক উৎসাহিত কৰি বক্তব্য ৰাখে।
প্ৰথম অৱস্থাত বক্সিঙৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল বুলি উল্লেখ কৰি কাৰণ ইয়াক মহিলাৰ বাবে উপযুক্ত খেল বুলি ভাবিছিল বুলি কয়। পিছত নিজৰ দেউতাকেও খবৰ কাকতত তেওঁৰ ফটো দেখিহে এই কথা গম পালে বুলি উল্লেখ কৰি তেওঁ নিজে তিনিটা সন্তানৰ মাতৃ হৈ কেনেকৈ খেলৰ প্ৰতি থকা নিজৰ একাগ্ৰতা আৰু কঠোৰতকৈ কঠোৰ পৰিশ্ৰম, অধ্যৱসায়ৰ জৰিয়তে সফলতা লাভ কৰিলে তাক উল্লেখ কৰে।আনহাতে ছোৱালীয়ে কৰিব নোৱাৰা কাম নাই।ছোৱালী বুলি কেতিয়াও নিজকে দুৰ্বল আৰু হীনমান্যতা অনুভৱ কৰিব নালাগে বুলি কয়।মই নিছে এগৰাকী ছোৱালী আৰু নিজে এগৰাকী মাতৃয়ো।কিন্তু মই প্ৰমাণ কৰি দেখুৱালো জীৱনত লক্ষ্য স্থিৰ হলে যি কোনো মানুহে সফলতা অৰ্জন কৰিব পাৰিব বুলি কোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক কেতিয়াও হতাশাগ্ৰস্ত নহবলৈ অনুৰোধ জনায় মেৰীকমে।তাৎপৰ্যপূৰ্ণ যে মেৰী কমে ছাত্র ছাত্ৰীৰ ভীৰৰ মাজৰ পৰা সমগ্ৰ খেলপথাৰত দৌৰিহে আঁতৰি যাবলৈ সক্ষম হয়।

আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ প্ৰদান কৰি কয় যে দক্ষিণ পূৱ এছিয়াৰ এক উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিস্থা কৰিবলৈ আমি সকলোৱ মিলিত প্ৰচেষ্টাত ব্ৰতী হব লাগিব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নিজ পাৰদৰ্শিতা আৰু মানৱসম্পদৰে নিজ পৰিছয়ৰে কাম কৰি যাব বুলি দৃঢ় বিস্বাস বুলি সোণোৱালে উল্লেখ কৰি পুনৰাই কয়–এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যি মনৰ দৃঢ়তা,একাগ্ৰতা,নিষ্ঠা,আস্থা-বিস্বাস অথলে যাব নোৱাৰে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলকো বিশ্ববিদ্যালয়ৰ মৰ্যদা অক্ষুন্ন ৰক্ষা কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে ভূমিকা গ্ৰহণ কৰিবলৈকো আহৱান জনায়।এখন সমাজত যদি এক উল্লেখযোগ্য পৰিৱৰ্তন আনিব লগা হয়,তেন্তে শিক্ষাগুৰু,অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী -এই তিনি মহাশক্তিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সদৰী কৰে। এই তিনি মহাশক্তিৰ মহামিলনৰ জৰিয়তে দক্ষিন পূৱ এছিয়াৰ এক উল্লেখযোগ্য বৌদ্ধিক পীঠস্থান হিচাপে গঢ় দিয়াৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শক্তি থকাৰ পোষকতা কৰে।মেৰীকমক সাধনাৰ এক প্ৰতীক বুলি অভিহিত কৰি অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে ভাষণত ব্যক্ত কৰি কয় যে ভাৰত চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত আয়ুস মন্ত্ৰণালয়ৰ পৰা ঔষধি উদ্যান স্থাপনৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়াব।

লগতে আয়ুস মন্ত্ৰণালয়ৰ তৰফৰ পৰা আয়ুসৰ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে সৰ্বানন্দ সোনোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশ্ববিদ্যালয় খনৰ চৌহদ সেউজীয়া কৰি ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে।

উল্লেখযোগ্য যে কভিড পৰিস্থিতি বাবে বিৰ্গত দুটা বছৰে বিশ্ববিদ্যালয়ৰ সপ্তাহ অনুষ্ঠিত হোৱা নাছিল যদিও এই বাৰ ৫২সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে যথেষ্ট উৎসাহিত দেখা যায় ছাত্র ছাত্ৰী সকলক।সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থকা এই বিশ্ববিদ্যালয়ৰ সপ্তাহতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক, সাংস্কৃতিক, শাৰীৰিক দিশৰ উত্তৰণৰ বাবে বিভিন্ন প্ৰতিযোগিতা সপ্তাহ জুৰি অনুষ্ঠিত হব।

প্ৰেৰক: ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like