নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰীৰ আত্মহত্যা!ব্যাপক চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী ডিব্ৰুগড়ৰ ছাত্ৰীয়ে আত্মহত্যা কৰাৰ পাছত,উজনিৰ বৌদ্ধিক পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।এগৰাকী মেধাৱী ছাত্ৰীয়ে দিন দুপৰতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীবাসত আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিশ্ববিদ্যালয়খনৰ

আইদেউ সন্দিকৈ পুৰণি ছাত্ৰী নিবাসৰ আবাসী তথা বিশ্ববিদ্যালয়ৰ ‘দৰ্শন শাস্ত্ৰ’ বিভাগৰ তৃতীয় সন্মাষিকৰ ছাত্ৰী গৰাকীয়ে দিনৰ ভাগতেই নিজ কোঠালিত কিয় আত্মহত্যা কৰিলে তাকে লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ব্যাপক চাঞ্চল্য স্বৃষ্টি হোৱাৰ লগতে কৌতূহলৰ স্বৃষ্টি হৈছে।আত্মহত্যা কৰা ছাত্ৰী গৰাকী লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ ৰঞ্জিতা চেত্ৰী বুলি জানিব পৰা গৈছে।

 

ঘটনাৰ বিৱৰণী মতে ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰতে থকা ছাত্ৰী নিবাসটোৰ পৰা অনান্য ছাত্ৰীৰ লগতে একেটা কোঠাতে থকা আন গৰাকী ছাত্ৰী প্ৰায় ন বজাত পাঠদাৰ বাবে  উলাই গৈছিল।দুপৰীয়া পাঠদানৰ পৰা ঘুৰি আহি কোঠাৰ দুৱাৰ বন্ধ হৈ থকাত বহু সময় দুৱাৰ বন্ধ থকাত হোষ্টেল কতৃপক্ষক খবৰ দিয়ে।অৱশেষত ভেণ্টিলেটৰৰ উপৰে চোৱা অৱস্থাত চিলিং ফেনত উলমি থকা প্ৰত্যক্ষ কৰে।জানিব পৰা মতে ছাত্ৰী গৰাকীৰ অসুস্থ হৈ থকাৰ লগতে কিছু দিনৰ পূৰ্বে এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ কৰিছিল।যোৱা দেওবাৰে বিহপুৰীয়াৰ নিজ ঘৰৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰীবাসলৈ আহি বিশ্ববিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।কিন্তু কিয় আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়ালৈ বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

 

আনহাতে আৰ্থিক ভাৱে পিছপৰা এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যুত, সহজ ভাবে মানি লব পৰা নাই ছাত্র-ছাত্ৰী সকলে।ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী আৰু দণ্ডাধীশ বিশ্ববিদ্যালয়ৰ উক্ত ছাত্ৰী নিবাসত উপস্থিত হয় যদিও ছাত্ৰী গৰাকীৰ পৰিয়ালে ছাত্ৰী গৰাকীৰ মৃতদেহ কোঠাৰ পৰা বাহিৰ নকৰিবলৈ বাধা আৰোপ কৰাত সন্ধিয়া পৰ্যন্ত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিব পৰা নাছিল।

 

বিহপুৰীয়াৰ নিৱাসী ছাত্ৰী গৰাকীৰ পিতৃয়ে বাংগালোৰত চাকৰি কৰাৰ বিপৰীতে মাক গৃহিণী। ইতিমধ্যে ছাত্ৰী গৰাকীৰ একমাত্ৰ বায়েকৰ বিবাহ হোৱাৰ লগতে একমাত্ৰ ভায়েক হাইস্কুলত শিক্ষা গ্ৰহণ কৰি থকা বুলি জানিব পৰা গৈছে।নিশা পলমকৈ আত্মীয় লোক উপস্থিত হোৱাত দণ্ডাধীশৰ উপস্থিতিত দুৱাৰ ভাঙি মৃতদেহ চিলিং ফেনৰ পৰা নমোৱাৰ লগতে এক চুইচাইড নোট উদ্ধাৰ হয়।য’ত লিখা আছিল—মা,পাপা;ভালকৈ থাকিবা।ভাইটীক চাবা।বেয়া নাপাবা।

 

আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  হোষ্টেলৰ ভিতৰতে আত্মহত্যা কৰা এইটো তৃতীয়টো ঘটনা।ইয়াৰ পূৰ্বে এগৰাকী ছাত্ৰী আৰু এগৰাকী ছাত্ৰ আত্মহত্যা কৰিছিল।কিন্তু কিয় বাৰে বাৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আহি মেধাৱী ছাত্র-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে সেইয়া অতি চিন্তনীয় আৰু উদ্বেগৰ বিষয় হৈ পৰিছে।নিশা কিছু পলমকৈ ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাত,অতি শোকাকুল পৰিৱেশত, দণ্ডাধীশৰ উপস্থিতিত ছাত্ৰী গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

 

প্ৰেৰকঃ ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like