নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমা হাছাওত কেন্দ্রই স্থাপন কৰিব দেশৰ প্রথম বাঁহ ঔদ্যোগিক পাৰ্ক

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহ উদ্যোগৰ বাবে সুখবৰ । ৰাজ্যৰ ডিাম হাছাও জিলাত কেন্দ্ৰই স্থাপন কৰিব বাঁহ উদ্যোগিক পাৰ্ক । সংগঠিত ৰূপত এয়াই হ’ব দেশৰ প্ৰথম বাঁহ উদ্যোগ । কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে ।

উল্লেখ্য যে ড’নাৰ মন্ত্ৰীজনে বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰাৰ বাবে মন্ত্ৰলয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ডক্ত বৈঠকৰ অন্তত মন্ত্রীজনে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এই সিদ্ধান্তৰ কথা সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে পার্কখনৰ বাবে ইতিমধ্যে নীতিগতভাৱে অনুমোদন জনাইছে৷ ডিমা হাছাও জিলাৰ মান্দেৰদিছাত ৭৫ হেক্টৰ ভূমিত মুঠ ৫০ কোটি টকা ব্যয়েৰে এই পার্কখন স্থাপন কৰা হ’ব৷ উল্লেখ্য যে ২০২১ চনৰ মার্চ মাহৰ ভিতৰত এই পার্কখন স্থাপন কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷

আনহাতে ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙে আজি প্রকাশ কৰা মতে, তেওঁৰ মন্ত্রালয়ে চলিত বিত্তীয় বর্ষত বাজেট আবণ্টিত বিভাগীয় এশ শতাংশ পুঁজি ব্যয় কৰিবলৈ সক্ষম হ’ব৷ ইতিমধ্যে মন্ত্রালয়ে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ডন্নয়নমূলক আঁচনিত বাজেটৰ ৯৩ শতাংশ পুঁজি ব্যয় কৰিবলৈ সক্ষম হৈছে৷ সিঙে প্রকাশ কৰা মতে ইয়াৰ পূর্বে ড’নাৰ মন্ত্রালয়ে কেতিয়াও বাজেটৰ এশ শতাংশ পুঁজি ব্যৱহাৰ কৰিব পৰা নাছিল৷ বাজেটৰ ৭৫–৮০ শতাংশ পুঁজিহে ব্যৱহাৰ কৰাটো সম্ভৱ হৈছিল৷ চলিত বিত্তীয় বর্ষত উত্তৰ–পূর্বাঞ্চলত মুঠ ২১২ খন আঁচনিত ড’নাৰ মন্ত্রালয়ে মুঠ ৩,৫১২.৪৫ কোটি টকা ব্যয় কৰিবলৈ সক্ষম হৈছে বুলিও সিঙে জানিবলৈ দিয়ে৷

You might also like