নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ শুকুৰবাৰে আছিল বিজ্ঞান দিৱস ৷ দিনটোৰ সৈতে সংগতি ৰাখি কেন্দ্রীয় চৰকাৰে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সৈতে জড়িত দেশৰ ২১গৰাকী গণ্যমান্য ব্যক্তিক ৰাষ্ট্রীয় বঁটা প্রদান কৰে ৷ কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ে আগবঢ়োৱা এই বিশেষ সন্মানৰ অধিকাৰী হৈছে অসমৰ ড০ অমিয়া ৰাজবংশী ৷ ড০ ৰাজবংশীক ছপা মাধ্যমৰ জৰিয়তে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সম্প্রসাৰণৰ বাবে ৰাষ্ট্রীয় বঁটা প্রদান কৰা হয় ৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিভাগীয় মন্ত্রী হর্ষ বর্ধনৰ ডপস্থিতিত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে ড০ ৰাজবংশীক এই বঁটা প্রদান কৰে ৷
উল্লেখ্য যে দেশৰ বিভিন্ন বিজ্ঞান আলোচনীৰ লগতে অসমৰ আগশাৰীৰ বাতৰিকাকতসমূহত ড০ ৰাজবংশীৰ বিজ্ঞান সম্পৰ্কীয় লেখা প্রকাশ পাইছে ৷ লগতে এনবিটি, অসম প্রকাশন পৰিষদ, অসম বিজ্ঞান সমিতিয়ে তেওঁৰ বিজ্ঞান সম্পৰ্কীয় মুঠ ১২খন গ্রন্থ প্রকাশ কৰিছে ৷ লগতে আন ২৫খন গ্রন্থৰ সহযোগী লেখক হিচাপেও তেওঁ যথেষ্ট সুনাম কঢ়িয়াইছে ৷ লগতে চিকিৎসা শাস্ত্রত নোবেল জয়ীসকলৰ জীৱন কাহিনীক লৈও ড০ ৰাজবংশীৰ তিনিটা খণ্ডত গ্রন্থ প্রকাশ পাইছে ৷ উল্লেখ্য যে লখিমপুৰ নিৱাসী ড০ শইকীয়া হৈছে লখিমপুৰ বিজ্ঞান সমিতি আৰু অসম বিজ্ঞান লেখক সন্থাৰ সভানেত্রী ৷