নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি আৰু লুণ্ঠন নিৰ্মূল কৰাৰ বাবে কঠোৰ স্থিতি প্ৰদৰ্শন কৰা পাছতো মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে ব্যাপক দুৰ্নীতি।তাৰ মাজতে ঢকুৱাখনাত মহকুমা প্ৰশাসন আৰু গড়কাপ্টানী বিভাগৰ বিষয়া-অভিযন্তাৰ জ্ঞাতসাৰেই এগৰাকী ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে৷ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ অন্তৰ্গত কলাকতা চেতীয়া গাঁৱৰ পৰা মাজ জালভাৰী সংযোগী পথচোৱা নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।প্ৰায় ২ কোটি ৪২ লাখ টকা ব্যয়ৰে নিৰ্মান হোৱা পথচোৱা নিৰ্মাণৰ পিছতেই চপৰা চপৰে খহিবলৈ ধৰিছে আলকাতৰাৰ প্ৰলেপ । লোকনিৰ্মাণ বিভাগৰ এছঅপিডি আঁচনিৰ ২০২০-২১ বৰ্ষৰ অধীনত ২.৬২ কিলোমিটাৰ পথছোৱা নিৰ্মাণত ঠিকাদাৰ গৰাকীয়ে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজ তথা দল-সংগঠনে। পথটোৰ নিৰ্মাণৰ ক্ষেত্রত হোৱা অনিয়ম সন্দৰ্ভত ৰাইজে দিয়া অভিযোগক গুৰুত্ব নিদি মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।পথ নিমাৰ্ণৰ ক্ষেত্ৰত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱাৰ ফলতেই পথটোৰ বহু অংশত বখলা-বখলে এৰিবলৈ ধৰে বুলি অভিযোগ কৰে।তদুপৰি পথ নিৰ্মানত প্ৰয়োজনীয় মাটি নিদিয়া, পথটোৰ কালভাৰ্ট স্থাপনত বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ লখিমপুৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিষয়া অভিযন্তা আৰু কৰ্মচাৰীৰ ভূমিকাত ক্ষুণ্ণ হৈছে স্থানীয় ৰাইজ।বিভাগীয় বিষয়া, অভিযন্তাৰ অৱহেলাৰ বাবে ঠিকাদাৰে এইদৰে লুন্ঠন চলাবলৈ সুযোগ পাইছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।এই সন্দৰ্ভত স্থানীয় ৰাইজে ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাক চৰজমীন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
প্ৰেৰক পুলকজ্যোতি বৰা