ঢাকাত ফাঁচিৰ হুকুম পোৱা জেহাদীৰ ঘাটি অসম
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ বাংলাদেশৰ আদালতে ফাঁচিৰ শাস্তি বিহা দুর্ধর্ষ জেহাদীয়ে অসমত ঘাটি পাতি বিয়পাইছে ইছলামিক মৌলবাদৰ নেটৱর্ক৷ ভাৰতক ইছলামিক ৰাষ্ট্রৰ অন্তর্ভুক্তিৰ লক্ষ্যৰে কুখ্যাত আল–কায়দাই গঠন কৰা ‘আল–কায়দা ইন ইণ্ডিয়ান ছাব কণ্টিনেণ্ট’ (একিউআইএছ)ৰ সহযোগী সংগঠন ‘আনছাৰুল্লাহ বাংলা টীম’ চমুকৈ এবিটিৰ বিৰুদ্ধে চলা অভিযানৰ মাজতে এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷
অসম আৰক্ষীৰ বিশেষ শাখাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন নাথে সোমবাৰে প্রকাশ কৰা অনুসৰি বর্তমানলৈ ধৰা পৰিছে এবিটিৰ ১৬জনকৈ সদস্য৷ এইসকলৰ ভিতৰত যোৱা ৪ মার্চত গ্রেপ্তাৰ কৰা মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ অন্যতম৷ অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধানজনে কয় যে বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ হৈছে অসমত এবিটিৰ কিংপিন৷ বিগত বর্ষৰ ফেব্রুৱাৰী মাহত ঢাকাস্থিত এণ্টি টেৰৰ ট্রিবিউনেলে এক হত্যাকাণ্ডৰ গোচৰৰ ৰায় দি ছজনকৈ লোকক মৃত্যুদণ্ডৰ নির্দেশ দিছিল৷ এই ছয় অপৰাধীৰ মাজৰেই এজন হৈছে মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ৷ বাংলাদেশৰ পৰা জেহাদীজনে প্রথমতে পশ্চিমবংগলৈ পলাই আহিবলৈ সক্ষম হৈছিল বুলি শীর্ষ আৰক্ষী বিষয়াজনে সদৰী কৰে৷
এই সন্দর্ভত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধানজনে পুনৰ কয় যে বাংলাদেশৰ পৰা এবিটিৰ সদস্যজনে প্রথমতে পশ্চিমবংগলৈ পলাই আহে৷ তাৰ পাছত যায় দেওবন্দলৈ৷ দেওবন্দৰৰ পৰা পুনৰ বাংলাদেশলৈ উভতি যোৱা জেহাদীজনে পৰৱর্তী সময়ত বৰপেটা জিলালৈ আহে৷ বৰপেটা জিলাৰ ঢ়াকালীয়াপাৰা মাদ্রাছাত আৰবীৰ শিক্ষক হিচাপে কাম কৰা মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদে নিজকে অনাথ বুলি কৈ স্থানীয় ৰাইজৰ সহানুভূতি আদায় কৰিছিল৷ এনেদৰে কিছুদিন থকাৰ পাছত জেহাদীজনে স্থানীয় যুৱতী এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷
উল্লেখ্য যে বিভিন্ন অনুসন্ধানকাৰী সংস্থা আৰু অসম আৰক্ষীয়ে দীর্ঘদিন ধৰি অনুসন্ধান অব্যাহত ৰাখি উপযুক্ত তথ্য–প্রমাণৰ ভিত্তিত বৰপেটা, হাউলী আৰু কলগাছিয়া থানা এলেকাৰ বিভিন্ন স্থানত যোৱা ৪ মার্চত বিশেষ শাখাই অভিযান চলাই বাংলাদেশৰ দুর্ধর্ষ জেহাদীজনৰ লগতে আন চাৰিজনকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ১২১ (এ), বেআইনী কার্যকলাপ প্রতিৰোধ আইনৰ ১৭, ১৮, ১৮ (বি), ১৯, ২০, পাৰপত্র আইনৰ ২১ (১) (চি) আৰু বিদেশী আইনৰ ১৪ (এ) (বি) নং ধাৰাৰ অধীনত বৰপেটা আৰক্ষী থানাত ৰুজু হোৱা ২৬৮/২০২২ নম্বৰৰ গোচৰটোৰ বিপৰীতে বাংলাদেশী নাগৰিকজনৰ সৈতে গ্রেপ্তাৰ কৰা আন জেহাদীকেইজন আছিল খাইৰুল ইছলাম, চুলেমান খান, নৌছাদ আলী আৰু তাইমুৰ ৰহমান খান৷ ইয়াৰ পাছত যোৱা ১৪ আৰু ১৫ এপ্রিলত বৰপেটা জিলাৰ আৰক্ষীয়ে চলোৱা অভিযানত ধৰা পৰে এবিটিৰ আন ছজনকৈ জেহাদী৷ ধৃত এই ছয় জেহাদী আছিল– সর্থেবাৰীৰ ক্ষুদ্র ফালাদি গাঁৱৰ মুফতি চুলেমান আলী, হাউলীৰ খণ্ডকাৰপাৰাৰ জাহিদুল ইছলাম, কুমুল্লীপাৰাৰ ছাদ্দাম হুছেইন, ধানবান্ধাৰ গৰৈমাৰী পথাৰগাঁৱৰ ৰছিদুল ইছলাম ওৰফে হক, কাটাঝাৰ জামাতল গাঁৱৰ মোশ্বাৰফ হুছেইন আৰু মকিবুল হুছেইন৷ অসম আৰক্ষীয়ে যোৱা ৯ এপ্রিলত ত্রিপুৰাত উপস্থিত হৈ যোগীঘোপা থানাত ৰুজু হৈ থকা ৫৬/২০২২ নং গোচৰটো সন্দর্ভত গ্রেপ্তাৰ কৰে ইমৰান হুছেইন, আবুল কাছেম আৰু হামিদ আলীক৷ অসমত ধর্মীয় মৌলবাদ আৰু জেহাদৰ শিপা বিয়পোৱা ত্রিপুৰাৰ বাসিন্দা এই তিনিওজন এবিটিৰ সদস্যক ইতিমধ্যে অসম আৰক্ষীয়ে ট্রেনজিট ৰিমাণ্ডত আনিছে৷
তদুপৰি জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি যোৱা ২২ এপ্রিলত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তর্গত ৩নং ভাণ্ডাৰাৰ ছয়েদ আহমেদক৷ বিশেষ শাখাৰ দায়িত্বত থকা অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান নাথে জানিবলৈ দিয়া মতে অসমত আনুষ্ঠানিকভাৱে অস্ত্র–শস্ত্রৰ প্রশিক্ষণ হোৱা নাই যদিও সন্ত্রাসবাদীসকলে মৌলবাদৰ শিক্ষা দিয়াৰ লগতে জেহাদৰ জাল বিয়পোৱাত নামি পৰিছে৷ জেহাদীসকলক প্রধানতঃ এক সংগঠিত গেং আখ্যা দি ই সীমান্তৰ সিপাৰৰ পৰা পৰিচালিত হৈ আছে বুলি তেওঁ মন্তব্য কৰে৷ কালিৰ দিনটোতো আন এজন লোকক গ্রেপ্তাৰ কৰাৰ কথা সদৰী কৰি তেওঁ কয়– বঙাইগাঁও জিলাৰ এটা গেৰেজত অভিযান চলাই আমি সাতটাকৈ বেংকৰ পাছবুক জব্দ কৰিছোঁ৷ এবিটিলৈ ক’ৰ পৰা ধন আহে, সেই বিষয়ে পৰীক্ষা কৰি থকা হৈছে৷
অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তয়ো জেহাদী চক্রলৈ অহা পুঁজি সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে এবিটিলৈ পুঁজি প্রেৰণৰ উৎসৰ আমি সন্ধান পাইছোঁ৷ সৰহসংখ্যক ধনেই বাংলাদেশৰ কেতবোৰ ভুৱা কোম্পানীৰ জৰিয়তে প্রেৰণ কৰা হৈছে৷ এই বিষয়ে অধিক অনুসন্ধান আমি অব্যাহত ৰাখিছোঁ৷ জেহাদীসকলে যি কাম কৰিবলৈ চেষ্টা কৰি আছে, সেয়া অতি উদ্বেগজনক৷ যোগাযোগৰ কাৰণে এই চক্রটোৱে অত্যাধুনিক এপছ–ছফ্টৱেৰ ব্যৱহাৰ কৰে৷ যিটো চিন্তনীয় বিষয়৷ যোগাযোগৰ কাৰণে আভ্যন্তৰীণ ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ উপৰি জেহাদীসকলে ‘ষ্টেগেনোগ্রাফী’ ব্যৱহাৰ কৰাৰ তথ্যও অনুসন্ধান কালত লাভ কৰিছে আৰক্ষীয়ে৷ অত্যাধুনিক প্রযুক্তিসম্পন্ন এই ‘ষ্টেগেনোগ্রাফী’ৰ জৰিয়তে এটা বার্তাৰ ভিতৰতে আন এটা বার্তা গোপনে ৰাখিব পৰা যায়৷ কম্পিউটাৰ ফাইল, ফটো ভিডিঅ’ আদিও অনুৰূপ ধৰণে ৰাখিব পাৰি৷ এবিটিয়ে প্রায় চাৰিটাকৈ প্রশিক্ষণ শিবিৰ স্থাপন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই প্রশিক্ষণ শিবিৰসমূহত অস্ত্র–শস্ত্র প্রশিক্ষণ দিয়া হোৱা নাছিল যদিও প্রৰোচনামূলক ভিডিঅ’ আদি প্রদর্শনেৰে প্রশিক্ষণত অংশ লোৱা যুৱকসকলক মৌলবাদৰ শিক্ষা দিয়া হৈছে৷ এনে প্রৰোচনামূলক ভিডিঅ’ৰ অধিকাংশই বাংলা ভাষাৰ৷ বিশ্বত্রাস সন্ত্রাসবাদী সংগঠন আল–কায়দাৰ মদদপুষ্ট এবিটিয়ে শ্লীপাৰ চেল গঠনৰ জৰিয়তে এনেদৰে অসমৰ দৰে ৰাজ্য এখনত ইছলামিক মৌলবাদ আৰু জেহাদৰ নেটৱর্ক বিস্তাৰ কৰাটো স্বাভাৱিকতে উদ্বেগজনক বিষয় ৰূপে বিবেচিত হৈছে৷ ধাৰাবাহিক অভিযান অব্যাহত ৰখা অসম আৰক্ষীয়ে ভাৰতবিৰোধী এই চক্রটোক সম্পূর্ণৰূপে উৎখাত কৰাৰ ক্ষেত্রত সফলতা অর্জন কৰাটো বিচাৰিছে ৰাজ্যবাসীয়ে৷