নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত ৰহস্যজনক গুলীচালনাৰ ঘটনা

কথমপি প্ৰাণৰক্ষা এজন লোকৰ

ঢেকীয়াজুলিঃ বাণিজ্যনগৰী ঢেকীয়াজুলিত আজি সংঘটিত হয় এক ৰহস্যজনক গুলীচালনাৰ ঘটনা। ধীৰেণ ভূয়ৰ নামৰ লোকজনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী। এখন নম্বৰপ্লেট বিহীন বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰে ৪জাঁই খালী কাৰ্টিজ। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ পৰিণতিত কোনো দুৰ্বৃত্তই এনে ঘটনা সংঘটিত কৰা বুলি জানিব দিয়ে ধীৰেণ ভূয়ে। ইতিমধ্যে ঘটনাসন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।