নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ৰাজ্যখনলৈ ভয়াৱহ ক’ভিড-১৯ কঢ়িয়াই অনা নিজামুদ্দিন ফেৰতসকলৰ এতিয়াও ১০ ৰ পৰা ১৫ জন লোকে আত্মগোপন কৰি আছে । চৰকাৰৰ উপৰ্যুপৰি আহ্বানৰ পিছতো সেইসকল লোকে এই মুহূৰ্তলৈ স্বাস্থ্য বিভাগৰ কাষ চাপি স্বাস্থ্য পৰীক্ষাৰ লগতে কোৱাৰেণ্টাইনত যোৱা নাই । বৃহস্পতিবাৰে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইফালে, সম্প্ৰতি মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা চাপৰৰ জামালুদ্দিন হাজিৰ বিৰুদ্ধে ৰোগ লুকুৱাই ৰখা তথা স্বাস্থ্য বিভাগক সময়মতে সহযোগিতা আগ নবঢ়োৱাৰ বাবে গোচৰ ৰুজু কৰা হ’ব বুলি মন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে । এই সম্পৰ্কত তেওঁ কয় যে, তেওঁৰ বাবেই সম্প্ৰতি বঙাইগাঁও, ধুবুৰীৰ চিকিৎসক কোৱাৰেণ্টাইনত থাকিব লগা হৈছে । স্মৰ্তব্য যে জামালুদ্দিন হাজীয়ে নিজামুদ্দিনৰ পৰা উভতি আহি অসুস্থ হৈ পৰা সত্বেও অতি স্বাভাৱিক জীৱন-যাপন কৰি বিভিন্নজনৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল । ইয়াৰ মাজতে তেওঁ বঙাইগাঁও চিভিল হাস্পতাললৈ গৈ সাধাৰণ ৰোগীৰ বেশত গোপনে চিকিৎসাও গ্ৰহণ কৰিছিল ।
Prev Post
You might also like