নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰৰ গয়বাৰীত প্রমোদ দেৱৰগাঁৱত দিলে হাগ্রামাই মনোনয়ন

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ আসন্ন বিটিচি নির্বাচনৰ জৰিয়তে বিপিএফক বিটিচিৰ ক্ষমতাৰ পৰা উৎখাতৰ হুংকাৰ দিয়া ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো অৱশেষত হাগ্রামাৰে মুখামুখি যুঁজৰ পৰা আঁতৰি আহিল ৷ এইবাৰ বিটিচি নির্বাচনত প্রমোদ বড়োৱে হাগ্রামা মহিলাৰীৰ দেৱৰগাঁও সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি কেইদিনমান পূর্বে ঘোষণা কৰিছিল ৷ হাগ্রামা মহিলাৰীয়েও বড়োক দেৱৰগাঁৱত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তক আদৰণি জনাইছিল ৷ কিন্তু সোমবাৰে দেখা গ’ল প্রমোদ বড়োৱে কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ পৰিৱর্তে তামুলপুৰৰ গয়বাৰী সমষ্টিৰ পৰাহে মনোনয়ন দাখিল কৰে ৷ আনহাতে, বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে সোমবাৰে দেৱৰগাঁও সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিল কৰি মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে এই নির্বাচনত বিপিএফে ২৫ৰ পৰা ৩০খন আসন লাভ কৰি পুনৰ বিটিচিত চৰকাৰ কৰিব ৷ এই নির্বাচনত বিপিএফৰ সৈতে ইউপিপিএলৰ প্রতিদ্বন্দ্বিতা হ’ব বুলিও তেওঁ প্রকাশ কৰে ৷

হাজাৰ হাজাৰ দলীয় কর্মী–সমর্থক লগত লৈ ঢোলে–দগৰে মনোনয়ন দাখিলৰ সময়ত মহিলাৰীৰ সৈতে মন্ত্রী প্রমীলাৰাণী ব্রহ্মও উপস্থিত থাকে ৷ মহিলাৰীৰ উপৰি ছালাকাটি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী দেৰহাছাৎ বসুমতাৰী, বনৰগাঁও সমষ্টিৰ বিপিএফৰ প্রার্থী ৰাজীৱ কুমাৰ ব্রহ্ম, বাওখুংগ্রী সমষ্টিৰ বিপিএফৰ প্রার্থী দনেশ্বৰ গয়াৰীয়ে কোকৰাঝাৰত মনোনয়ন দাখিল কৰে৷ বিপিএফৰ সভাপতি মহিলাৰীৰ মতে, কোকৰাঝাৰত মনোনয়ন দাখিল কৰা দলৰ চাৰিওজন প্রার্থীৰ বিজয় নিশ্চিত ৷ ক’ৰোনাৰ বাবে বিটিচিৰ নির্বাচন পিছুৱাই নাযায় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ৷ সেইদৰে চিৰাংদুৱাৰ সমষ্টিৰ বিপিএফৰ প্রার্থী খাম্ফা বৰগয়াৰীয়েও সোমবাৰে মনোনয়ন দাখিল কৰে ৷ বৰগয়াৰীৰ মনোনয়ন দাখিলৰ সময়ত মন্ত্রী চন্দন ব্রহ্ম উপস্থিত থাকে ৷ ইপিনে, বাগ্সা জিলাৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী বিজিত গৌৰা নার্জাৰীয়েও মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে বিপিএফৰ সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৷

সেইদৰে ওদালগুৰি সমষ্টিৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী লৌমশ্রাও দৈমাৰীয়ে ভেৰগাঁৱৰ মহকুমাধিপতিৰ কার্যালয়ত ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ৷ মনোনয়ন দাখিলৰ সময়ত বিধায়ক মহেশ্বৰ বড়ো, কমলী বসুমতাৰীও উপস্থিত থাকে ৷ একেদৰে ২৪নং মুছলপুৰ সমষ্টিৰ বিপিএফৰ প্রার্থী অংচুমৈ খুংগুৰ বড়োৱে আজি মনোনয়ন দাখিল কৰে৷ ইফালে, তামুলপুৰ মহকুমাৰ ২৮নং গয়বাৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্রার্থী হিচাপে মনোনয়ন দাখিল কৰে দলটোৰ সভাপতি প্রমোদ বড়োৱে ৷ পুৱাৰ ভাগত বড়োৱে তেওঁৰ তামুলপুৰস্থিত বাসগৃহত ধর্মীয় ৰীতি–নীতিৰে পূজা–র্চনা কৰি মটঙা চ’কস্থিত দলীয় কার্যালয়লৈ আহে ৷ তাৰ পৰা এক বিশাল সমদল কৰি তামুলপুৰৰ মহকুমাধিপতিৰ কার্যালয়লৈ আহি মনোনয়ন দাখিল কৰে৷ মনোনয়ন দাখিলৰ সময়ত তেওঁক প্রাক্তন সাংসদ ইউ জি ব্রহ্ম, ৰণগৌৰা নার্জাৰী, তামুলপুৰ জিলা ইউপিপিএলৰ যুৱ সমিতিৰ সভাপতি ৰমিত স্বর্গীয়াৰীয়ে সংগ দিয়ে৷ মনোনয়ন দাখিল কৰি তেওঁ সাংবাদিকৰ আগত কয়– ‘আমি এটা পৰিৱর্তনৰ সংগ্রাম আৰম্ভ কৰিছোঁ৷ এই সংগ্রামখন তামুলপুৰৰ গয়বাৰী সমষ্টিৰ পৰা আৰম্ভ কৰিছোঁ৷ আজি দীর্ঘদিন ধৰি বিটিচিত চলি থকা দুর্নীতি আৰু অপশাসনৰ পৰা পৰিত্রাণ বিচাৰি এক পৰিৱর্তন বিচাৰিছে বিটিচিবাসী ৰাইজে৷ এইবাৰ ইউপিপিএলৰ নেতৃত্বত পৰিৱর্তন বিচাৰি স্বতঃস্ফূর্তভাৱে ওলাই আহিছে ৰাইজ৷ এনে প্রেক্ষাপটত এইবাৰ ইউপিপিএল দলেই দখল কৰিব বিটিচি পৰিষদ৷ তেওঁ পুনৰ কয় যে বিটিএডিত এতিয়া শান্তি স্থাপন হ’ল৷ উগ্রপন্থীৰ সমস্যা সমাধান হ’ল৷ বন্দুক–বাৰুদৰ ঝনঝননি চিৰদিনৰ বাবে বন্ধ হ’ল৷ এতিয়া ৰাইজে বিচাৰিছে এখন নিকা ভাবমূর্তিৰ চৰকাৰ৷ ৰাইজে বিচাৰিছে বিটিচিত দৰিদ্র লোকৰ লগতে নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে এখন দক্ষ চৰকাৰ৷ আজিৰে পৰা বিটিচিৰ ৪০টা সমষ্টিতে দলৰ প্রার্থীয়ে মনোনয়ন দাখিল কৰিব৷ ইতিমধ্যে আটাইকেইটা সমষ্টিতে নির্বাচনী প্রস্তুতি সম্পূর্ণ হৈ উঠিছে৷ ইউপিপিএল দলে একক সংখ্যাগৰিষ্ঠতাৰে এইবাৰ বিটিচি পৰিষদ দখল কৰিব৷ ইউপিপিএলৰ সভাপতি বড়োৰ এই দাবীৰ বিপৰীতে বিপিএফৰ প্রতিজন নেতাৰ স্পষ্ট কথা– বিটিচিত পুনৰ বিপিএফৰেই চৰকাৰ হ’ব৷ বিপিএফৰ সবল সাংগঠনিক ভেটিয়েই তেওঁলোকৰ আত্মবিশ্বাস বুলি উল্লেখ কৰি কয় যে ২০০৫ চনৰ নির্বাচনতে এবছুৱে সেই সময়ৰ বিএলটিক উপেক্ষা কৰিব বিচাৰিছিল৷ কিন্তু বিএলটিয়ে অতি কৌশলেৰে এবছুক প্রত্যাহ্বান জনাবলৈ সক্ষম হয়৷ তেতিয়াৰে পৰা বিগত ১৫ বছৰে এবছুক প্রতিটো নির্বাচনতে বিপিএফে হৰুৱাই আহিছে৷ এইবাৰো অনুৰূপ নীতিৰেই পৰাভূত কৰিব৷ তদুপৰি এইবাৰ এবছুৰ সৈতে এনডিএফবিৰ যিমান নেতা–কেডাৰ চামিল হৈছে, তাৰ বিপৰীতে বিপিএফত অধিক এনডিএফবিৰ নেতা–কেডাৰ চামিল হৈছে৷ প্রমোদ বড়ো, উর্খাও গৌৰা ব্রহ্ম, গোবিন্দ বসুমতাৰীয়ে পূর্বৰে পৰাই বিপিএফৰ বিৰোধী৷ সেয়ে বিপিএফ চিন্তিত নহয় ৷

You might also like