তিতাবৰ ষ্টেচনত চলন্ত ৰেলৰ পৰা পৰি ৰেল আৰক্ষীৰ মৃত্যুঃ ৰেল বিভাগৰ গুৰুত্বহীনতাৰ অভিযোগ
বিশেষ বাৰ্তা, ৩ মেঃ তিতাবৰ বৰএৰাৰ নিবাসী মৰিয়নি ৰেল জংচনত ৰেল আৰক্ষী ৰূপে কৰ্মৰত কমল বৰা (৪২) কালি নিশা ইণ্টাৰচিটি এক্সপ্ৰেছত তিতাবৰ ষ্টেচনত নামিব ধৰোঁতে চলন্ত ৰেলৰ পৰি এটা ভৰি ছিঙি গুৰুতৰ ভাবে আহত হয়। তিতাবৰ ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টৰ গৰাকীৰ গুৰুত্বহীনতাৰ কাৰণে ৰেল আৰক্ষী গৰাকী দুৰ্ঘটনা স্থলীত এঘণ্টাৰ অধিক সময় ৰেলৰ চিৰিত পৰি মৃত্যুযন্ত্ৰণাত চটফটাই থাকে।ৰেল আৰক্ষীৰ গৰাকীৰ এনে অৱস্থা দেখি স্থানীয় ৰাইজে জৰুৰীকালীন সেৱা ১০৮ লগত যোগাযোগ কৰে যদিও এঘণ্টাৰ পাছতে আহি ১০৮ সেৱা দুৰ্ঘটনা স্থলীত উপস্থিত হয়।এনে সময়তে তিতাবৰৰ আৰক্ষী ষ্টেচনত উপস্থিত হৈ আহত ৰেল আৰক্ষী কমল বৰাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।মূৰত প্ৰচণ্ড আঘাত পোৱা ৰেল আৰক্ষী আজি পুৱতি নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মাজুলীত আৰক্ষী ৰূপে কৰ্মৰত হৈ থাকোতে কিছুদিন পূৰ্বে বৰাই মটৰ চাইকেল দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছিল। ক্ৰমাৎ সুস্থ হোৱা বৰাই মাজুলীৰ পৰা আহি মৰিয়নি জংচনত ৰেল আৰক্ষী ৰূপে কৰ্মৰত হৈছিল।কালি বিয়লি নিজ কাৰ্য সম্পন্ন কৰি ইণ্টাৰচিটি এক্সপ্ৰেছত আহি থাকোঁতে নিশা তিতাবৰ ষ্টেচনত দুৰ্ঘটনাত পতিত হয়।উল্লেখ যে তিতাবৰ ষ্টেচনৰ প্লেটফর্ম অত্যন্ত চাপৰ হোৱাত সময়ে সময়ে ৰেলৰ পৰা পৰি বহু কেইজন লোক গুৰুতৰ ভাবে আহত হৈ আহিছে।তিতাবৰ ষ্টেচন আধুনিক কৰণৰ নামত তিতাবৰৰ বিভিন্ন দল সংগঠনে তীব্র প্ৰতিবাদ কৰি আহিছিল যদিও ৰেল বিভাগে ৰাইজৰ এই সমস্যা লৈ কোনো দিনে গুৰুত্ব দিয়া নাই।যাৰ ফলত কালি এগৰাকী ৰেল আৰক্ষী এনেদৰে মৃত্যুক সাৱতি লব লগা হয়। আজি অন্তুষ্টিক্ৰিয়া সম্পন্ন কৰা আৰক্ষী গৰাকীৰ মৃত্যুত তিতাবৰত শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দশম শ্ৰেণীত অধ্যয়নৰত এজন পুত্ৰক এৰি থৈ যায়।
প্ৰেৰক প্ৰণৱজ্যোতি কলিতা