তিনিচুকীয়াৰ পানীতোলা বেতিয়নীত নিশা বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত মাতৃ-পুত্ৰ
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: আজি নিশা তিনিচুকীয়া জিলাৰ পানীতোলাৰ বেতিয়নীত এক হৃদয় বিদাৰক ঘটনাৰ সংঘটিত হয় ৷ নিশা প্ৰায় ৯ বজাত বেতিয়নীত এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। গনেশ গোৱালা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডটোত গনেশৰ পত্নী আৰু পুত্ৰ একেলগে জুইত ভষ্মিভূত হয়। মাতৃ পুনম গোৱালা(২২), পুত্ৰ ৰমেশ গোৱালা(১৮ মাহ)ক জুইয়ে আৱৰি ধৰাত থিতাতে মৃত্যু হয় দুই মাতৃ-পুত্ৰৰ ।
পৰৱৰ্তী সময়ত অগ্নিকাণ্ডস্থলীত আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী গৈ উপস্থিত হয় যদিও ইতিমধ্যে অগ্নিকাণ্ডই সকলো ভস্মীভূত কৰে ৷
কেনেদৰে অগ্নিকাণ্ডৰ ঘটনাৰ সংঘটিত হ’ল কাৰণ এইপয্যন্ত লৈকে জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি সকলোৱে নিশাৰ আহাৰ গ্ৰহণ কৰি গনেশে পথৰ ফালে উলাই যোৱাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ডটো। স্থানীয় লোকে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও অগ্নিয়ে ইমানে বিধ্বংসী ৰূপ লয় যে নিমিসতে সকলো চাৰখাৰ কৰি পেলায় ৷
আৰক্ষীয়ে উক্ত ঘটনাৰ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ।
তিনিচুকীয়াৰ পৰা বিবেক বড়া