নিয়মীয়া বার্তা, ২২ এপ্রিলঃ ক’ৰোনা ভাইৰাছক লৈ দেশত চলি থকা লকডাউনত বিপর্যস্ত হৈ পৰিছে মাজুলীৰ বহু দুখীয়া পৰিয়ালৰ জীৱন ৷ এনে দুর্বিসহ সময়তে তিনি শিশু সন্তানক সাবটি দৰিদ্রতাৰে যুঁজিছে মাজুলীৰ এগৰাকী নাৰীয়ে ৷ উপার্জনবিহীন পৰিয়ালটোত তিনি সন্তানে মাহৰ সৰহ দিনেই এসাঁজ খাই এসাঁজ লঘোনে পাৰ কৰিব লগা হৈছে ৷ সন্তানৰ মুখৰ আগত এমুঠি ভাত যোগাৰ কৰিব নোৱাৰি কেৱল চকুলোৰে নিবাৰণ কৰিছে পেটৰ জালা ৷ মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ অন্তর্গত অফলামুখ গাঁৱৰ চুনু দাসৰ ঘৰত উপস্থিত হোৱাৰ পিছত চুনু দাসে এই প্রতিবেদকক জানিবলৈ দিয়া মতে, অতি দৰিদ্র পৰিয়ালটোৰ একমাত্র উপার্জনক্ষম ব্যক্তি প্রশান্ত দাসে উপার্জনৰ পথ বিচাৰি পাঁচ মাহ পূর্বে হায়দৰাবাদলৈ বুলি ওলাই যায় ৷ ছেকেন্দ্রাবাদৰ পৰা পত্নীৰ সৈতে শেষ যোগাযোগ কৰাৰ পিছত আজিপর্যন্ত সন্ধান পোৱা নাই স্বামীৰ ৷
এফালে স্বামীৰ খবৰ নোপোৱাৰ চিন্তা, আনফালে তিনিটা সন্তানক লৈ পৰিয়াল পোহপালৰ চিন্তা ৷ সাতমহীয়া কেঁচুৱাক পিঠিত বান্ধি ইঘৰ–সিঘৰত সৰু–সুৰা দুই–এপদ কাম কৰি এসাঁজ খাই এসাঁজ লঘোনেই থকা পৰিয়ালটোত লকডাউনৰ ফলত কেইবাদিনো ধৰি চৌকা জ্বলা নাই ৷ দিনৰ ভাগত আনৰ ঘৰত এমুঠি বিচাৰি তিনি সন্তানৰ ভোক নিবাৰণ কৰে যদিও নিশা লঘোনেই শুৱাই থয় সন্তানক ৷ এনে দুর্দিনৰ মাজতে ষোল্ল এপ্রিলৰ ধুমুহাত বিধ্বস্ত হয় চালি ঘৰটো ৷ সমীপৱর্তী কেইগৰাকীমান যুৱকে বাঁহৰ চালিখন পুনৰ মেৰামতি কৰি দিয়ে যদিও আতংকত দিন কটাইছে পৰিয়ালটোৱে৷ এটি সাত বছৰীয়া, পাঁচ বছৰীয়া আৰু এটি সাতমহীয়া সন্তানক লৈ দুর্বিসহ জীৱন কটোৱা চুনু দাসে স্বামীৰ সন্ধান পাবৰ বাবে বনগাঁও আৰক্ষী চকীত খবৰ দিয়াৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তেও প্রচাৰ কৰে৷ কিন্তু আজিপর্যন্ত সন্ধান নাপালে স্বামীৰ ৷ এনে অৱস্থাত দিকবিদিক হেৰুৱাই পেলোৱা মহিলাগৰাকীয়ে সমাজখনৰ পৰা সহায় বিচাৰিছে৷ সুহূদজনৰ পৰা অকণমান সহায় পালে যেন সন্তান তিনিটাক দুবেলা দুসাঁজ যোগাৰ দিব পাৰিব মহিলাগৰাকীয়ে৷ পৰিয়ালটোৰ এনে দুৰৱস্থাৰ সময়ত বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ ফালৰ পৰা প্রধান আচার্য সূর্য কুমাৰ ভূঞাই নগদ কিছু টকাৰ অর্থসাহায্য আগবঢ়াই দুর্ভগীয়া পৰিয়ালটোক সকাহ দিয়ে ৷