নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেল মাফিয়া দীননাথৰ নেতৃত্বত নিতৌ ৪০–৫০ হাজাৰ লিটাৰ পেট্র’ল–ডিজেল চুৰি

নিয়মীয়া বাৰ্তা, ৩ জুনঃ  নাগালেণ্ড আৰু মণিপুৰক কেন্দ্র কৰি সম্প্রতি অসমভূমিত গঢ়ি উঠিছে চোৰাং তেলৰ ক’লা বজাৰ৷ অসম–নাগালেণ্ড সীমান্তৰ কার্বি আংলঙৰ খটখটিক এখন অপৰাধ নগৰী হিচাপে গঢ়ি তুলি একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে বৃহৎ চোৰাং বজাৰ৷ স্বয়ং আৰক্ষীৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠা এই চোৰাং বজাৰ নিয়ন্ত্রণ হয় নাগালেণ্ডৰ ডিমাপুৰৰ পৰা৷ আশ্চর্যজনক কথা এয়ে যে ডিমাপুৰৰ পৰা নিয়ন্ত্রণ হোৱা খটখটিৰ এই চোৰাং বজাৰখন দীর্ঘদিনৰ পৰা চলি আহিছে যদিও জিলাখনৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

চোৰাং তেলৰ মাফিয়াৰ সুৰক্ষাৰ বাবে যোগান ধৰিছে অসমৰ নিৰাপত্তাৰক্ষী৷ কার্বি আংলং জিলাৰ বোকাজানৰ খটখটিত দুটাকৈ টেংকাৰ ষ্টেণ্ড স্থাপন কৰি চোৰাং তেলৰ সাম্রাজ্য গঢ়ি তোলা এইগৰাকী কুখ্যাত ব্যৱসায়ীৰ নাম হ’ল দীননাথ মিশ্র৷ এই দীননাথ মিশ্রৰ নাম শুনিলেই বোকাজানৰ আৰক্ষী মহলৰ পৰা পৰিষদীয় সদস্যলৈকে সকলোৰে বুকু কঁপি উঠে৷ ৰাজ্যৰ শীর্ষ আৰক্ষী বিষয়াৰ লগত সু–সম্পর্ক থকা দীননাথে দৈনিক প্রায় ২০০খনকৈ টেংকাৰৰ পৰা তেল চুৰি কৰি সম্প্রতি বিশাল সাম্রাজ্যৰ গৰাকী হৈ পৰিছে৷ কুখ্যাত তেলচোৰ দীননাথৰ সৈতে কার্বি আংলঙৰ এজন পৰিষদীয় সদস্য আৰু বিধায়কৰ লগতো সুসম্পর্ক থকাৰ উপৰি জিলাখনৰ আৰক্ষীৰ শীর্ষ বিষয়াৰ লগত গোপন বুজাবুজি আছে৷ ইয়াৰ সুবাদতে কুখ্যাত তেলচোৰজনে অসম আৰক্ষীৰ পৰা এগৰাকী দেহৰক্ষীও লাভ কৰে বুলি অভিযোগ উত্থাপন হৈছে৷

জানিব পৰা মতে, নাগালেণ্ড আৰু মণিপুৰলৈ সৰবৰাহ কৰা পেট্র’ল–ডিজেলৰ টেংকাৰসমূহ প্রায়ে নিৰাপত্তাজনিত কাৰণত অসম–নাগালেণ্ড সীমান্তৰ খটখটিত দুদিন ধৰি অৱস্থান কৰিব লগা হয়৷ উগ্রপন্থীৰ ধন দাবী, অপহৰণ আদি ঘটনাৰ বাবে দুই বহিঃৰাজ্যই তেলৰ টেংকাৰসমূহৰ আগে–পিছে চি আৰ পি এফ জোৱান মোতায়েন কৰি নাগালেণ্ড আৰু মণিপুৰলৈ লৈ যায়৷ কিন্তু দুদিনৰ মূৰে মূৰে এই ব্যৱস্থা কৰে নাগালেণ্ড চৰকাৰে৷ যাৰ ফলত দুদিন ধৰি বোকাজানৰ খটখটিত বিভিন্ন স্থানত টেংকাৰসমূহ আস্থান কৰি ৰাখে৷ ফলত টেংকাৰ ৰখোৱাৰ বাবে বোকাজানত গঢ় লৈ উঠিছে অবৈধ বহুসংখ্যক টেংকাৰ ষ্টেণ্ড৷ আৰু এই অবৈধ টেংকাৰ ষ্টেণ্ডসমূহতে দৈনিক একোখন টেংকাৰৰ পৰা ২০০–২৫০ লিটাৰ পেট্র’ল–ডিজেল চুৰি কৰে কুখ্যাত তেলচোৰ দীননাথ এণ্ড কোম্পানীয়ে৷ প্রতিদিনে উজনি আৰু নামনি অসমৰ বিভিন্ন তৈলক্ষেত্রৰ পৰা নাগালেণ্ড আৰু মণিপুৰলৈ প্রায় ৩০০খন টেংকাৰে তৈলজাত সামগ্রী সৰবৰাহ কৰে আৰু এই তেল মাফিয়া দীননাথ এণ্ড কোম্পানীয়ে প্রতিদিনে প্রায় ৪০–৫০ হাজাৰ লিটাৰ পেট্র’লজাত সামগ্রী চুৰি কৰি অসমত নির্বিঘ্ণে এখন ক’লা বজাৰ চলাই আছে৷ আৰক্ষীৰ শীর্ষ বিষয়াৰ লগত দীননাথৰ ঘনিষ্ঠ সম্পর্কৰ বাবেই এই ক’লা বজাৰখন ৰঘুমলাৰ দৰে বৃদ্ধি পায়৷

তেলচোৰ দীননাথে মজুত কৰা চুৰি তেল অসমৰ লগতে ডিমাপুৰৰ কেইবাটাও তেল ডিপোৱে ক্রয় কৰে কম মূল্যতে৷ জানিব পৰা মতে, দীননাথৰ নিজা তেল ডিপোলৈও যায় দৈনিক হাজাৰ হাজাৰ লিটাৰ চোৰাং তেল৷ বোকাজানৰ খটখটি সাপ্তাহিক বজাৰৰ সমীপৰ লগতে গৌতমবস্তিত থকা দুটা টেংকাৰ ষ্টেণ্ড দীননাথে নিজেই পৰিচালনা কৰাৰ লগতে চোৰাং তেলৰ ব্যৱসায়ত নিয়োগ কৰি ৰাখিছে মেনেজাৰসহ অর্ধশতাধিক লোক৷ এইগৰাকী কুখ্যাত তেলচোৰক কার্বি আংলং আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি থকাৰ সময়তে যোৱানিশা অতর্কিতে অভিযান চলায় চিআইডিৰ এটা সাতজনীয়া দলে৷ চিআইডিৰ উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই অভিযানকালত ১৭খনকৈ তেলভর্তি টেংকাৰ জব্দ কৰাৰ লগতে দীননাথৰ মেনেজাৰ বাবুল নামৰ লোকজনৰ লগতে টেংকাৰ চালকসহ ৭জনক চিআইডিয়ে গ্রেপ্তাৰ কৰিছে৷ উল্লেখ্য যে গোপন সূত্রৰ পম খেদি চিআইডিয়ে দীননাথৰ দুয়োটা টেংকাৰ ষ্টেণ্ডত একে সময়তে অভিযান চলায়৷ কিন্তু চিআইডিৰ অভিযানৰ বিষয়ে আগতীয়াকৈ কোনো শুংসূত্রই নাপালে কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকে৷ বহু অভিযোগৰ ভিত্তিত চিআইডিয়ে চলোৱা এই অভিযানৰ পিছতে নিৰুদ্দেশ হৈ পৰে কুখ্যাত বহুবল্কী তেলচোৰ দীননাথ৷

জানিব পৰা মতে, তেলচোৰ দীননাথে আৰক্ষী মহলৰ পৰা ৰাজনৈতিক নেতালৈকে প্রায় ২৫ লাখকৈ টকা মাহিলি হিচাপত যোগান ধৰি থকাৰ সুবাদতে বিনাবাধাই চলাই আহিছে চোৰাং তেলৰ বিশাল সাম্রাজ্য৷ লক্ষণীয় এয়ে যে কার্বি আংলঙৰ খটখটিক কেন্দ্র কৰি অৰুণাচলী সুৰাৰো বৃহৎ প্রচলন হৈ আছে৷

You might also like