নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ৰাজ্যৰ বৃহৎ পৰিমাণৰ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে৷ বেদখলকাৰীৰ সমান্তৰালভাৱে চুবুৰীয়া চাৰিখনকৈ ৰাজ্যয়ো আগ্রাসন কৰিছে অসমৰ ভূমি৷ সেই তথ্য শনিবাৰে স্পষ্ট হ’ল সদনৰ মজিয়াত৷ বিধায়ক দেৱব্রত শইকীয়াৰ এক প্রশ্ণৰ উত্তৰত ৰাজহ–দুর্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহনে দিয়া তথ্য অনুসৰি অসমৰ প্রায় ৪৩,০১,৩৩৫.০৪৩ বিঘা চাৰি কঠা এক লেচা চৰকাৰী–বনভূমি বেদখলকাৰীৰ কবলত আছে৷
অৱশ্যে অসমৰ জিলাসমূহত বিদেশী নাগৰিকে চৰকাৰী ভূমি বেদখল কৰা নাই বুলি প্রকাশ কৰে মন্ত্রী যোগেন মহনে৷ লক্ষণীয়ভাৱে চুবুৰীয়া চাৰি ৰাজ্য মিজোৰাম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মেঘালয়ে অসমৰ মুঠ ২,৪৮,৪৩০.৩৬ বিঘা চৰকাৰী–বনভূমি বেদখল কৰি আছে বুলিও মন্ত্রী যোগেন মহনে সদনত সদৰী কৰে৷ এই সম্পর্কত তেওঁ দিয়া তথ্য অনুসৰি মিজোৰামে ১৮,২৪২.৩৩ বিঘা বনভূমি বেদখল কৰি আছে৷ অৰুণাচল প্রদেশে বেদখল কৰি থকা ভূমিৰ পৰিমাণ হ’ল ৮১,৬৮৮.১৭ বিঘা ২ কঠা ১৬ লেচা৷ ইয়াৰে ৬৬,৫৬৫.১৭ বিঘা ৩ কঠা ৮ লেচা বনভূমি হোৱাৰ বিপৰীতে ১৫,১১৯ বিঘা ৪ কঠা ১৮ লেচা হ’ল ৰাজহ ভূমি৷
নাগালেণ্ডে বেদখল কৰা মুঠ ভূমিৰ পৰিমাণ হ’ল ১,৪৩,৬৪৯ বিঘা ১ কঠা ১৩ লেচা৷ একেদৰে মেঘালয়ে মুঠ ৪,৮৫০.৮৬ বিঘা ১৮ লেচা অসমৰ ভূমি বেদখল কৰি আছে৷ চুবুৰীয়া ৰাষ্ট্রৰ বেদখলৰ উপৰি গৰাখহনীয়ায়ো অসমৰ ভূমি সংকুচিত কৰিছে৷ ২০০১ চনৰ পৰা বর্তমানলৈকে এই ২০ বছৰৰ ভিতৰতে ১,১৪১খন গাঁৱৰ ৫৮,০৯৪টা পৰিয়ালৰ প্রায় ৫,৩৫,৫৭৯ বিঘা মাটি গৰাখহনীয়াত জাহ গৈছে৷ ইয়াৰ ভিতৰত ২০০১ চনৰ পৰা ২০১৪ চনলৈ ৩,৪০,৮৪৫ বিঘা ৪ কঠা ১৪ লেচা আৰু ২০১৪ চনৰ পৰা বর্তমানলৈকে ১,৯৪,৭৩৪ বিঘা ১১ লেচা ভূমি জাহ গৈছে গৰাখহনীয়াত৷