দশম শ্ৰেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমীয়াঃ হিমন্ত বিশ্ব শৰ্মা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- অসমত ‘অসমীয়া’ হ’ব ৰাজ্যভাষা
- যিকোনো মাধ্যমৰ বিদ্য়ালয়ত অসমীয়া বাধ্যতামূলক হ’ব
- দশম শ্ৰেণীলৈকে বাধ্যতামূলক বিষয় হ’ব অসমীয়া
- বৰাক-পাবৰ্ত্য আৰু BTADত সহযোগী ভাষা থাকিব
- অবিভক্ত গোৱালপাৰা জিলাত হ’ব কমতাপুৰ স্বায়িত্ব শাসিত পৰিষদ
- মৰাণ-মটক অধ্যুষিত অঞ্চলত ২খন স্বায়িত্ব শাসিত পৰিষদ গঠন
- ২০২০ৰ মাৰ্চৰ ভিতৰত এই সন্দৰ্ভত আইন প্ৰণয়ণ
- মে’ মাহত হ’ব এই পৰিষদ দুখনৰ নিৰ্বাচন
- ৩খন উন্নয়ণ পৰিষদ পুনৰ গঠন
- মৰাণ-মটক-চুতীয়া জনগোষ্ঠীৰ বাবে ৫০০কোটি, প্ৰতিটো জনগোষ্ঠীৰ বাবে ১২৫কোটি টকাকৈ ধাৰ্য
- টাই আহোম পৰিষদৰ বাবে ২৫০ কোটি ধাৰ্য
- জনগোষ্ঠীসমূহৰ বাবে শিক্ষানুষ্ঠানত আসন সংৰক্ষণ
- গোলাঘাটত হ’ব ‘সতী সাধিনী’ বিশ্ববিদ্যালয়
- বিশ্ৱনাথ জিলাত পুৰণি অবিভক্ত শিৱসাগৰ জিলাত নতুনকৈ হ’ব নতুন মেডিকেল কলেজ
- সতী সাধিনীৰ জন্মদিন ৭ ব’হাগত ৰাজ্যিক বন্ধ ঘোষণা
- পাঠশালাক সদৰ হিচাপে লৈ বজালী নতুন জিলা গঠন
- ১০০খন চাহ-বাগিচাত হ’ব ১০০খন নতুন হাইস্কুল
- মৰাণ-মটক-চাহ জনগোষ্ঠীৰ বাবে মেডিকেলত আসন
- অসম চাহ নিগমত কৰ্মৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৰ্মচাৰীসকলে পাব ১৬৭টকা
- বৰাক উপত্যকাৰ কৰ্মচাৰীসকলে পাব ১৪৫টকাকৈ
- অহা বিধানসভাত উত্থাপন হ’ব দুখনকৈ গুৰুত্বপূৰ্ণ আইন
- খিলঞ্জীয়াৰ বাবে ভূমি অধিকাৰ আইন উত্থাপন কৰা হ’ব
- অসমৰ ভূমি বাহিৰৰ লোকে ক্ৰয় কৰিব নোৱাৰিব