নিয়মীয়া বাৰ্তা, ১ মেঃ দেশৰ ৰাজধানী দিল্লীত অব্যাহত আছে ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণ ৷ বর্তমান পর্যন্ত মাৰাত্মক ভাইৰাছত আক্রান্ত দুই সহস্রাধিক লোক দিল্লীৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬জনৰ মৃত্যু হৈছে ৷ কর্মসূত্রে দিল্লীত থকা তথা উন্নত চিকিৎসাৰ বাবে দেশৰ ৰাজধানীলৈ যোৱা অসমৰ লোকো আক্রান্ত হৈছে প্রাণঘাতী ভাইৰাছত ৷ শেহতীয়াকৈ দিল্লীত অসমৰ আন দুই ব্যক্তিৰ দেহত ক’ভিড–১৯ সংক্রমণৰ তথ্য পোৱা গৈছে ৷ দুয়ো দিল্লীলৈ গৈ চিকিৎসাধীন অৱস্থাত থকাৰ সময়তে আক্রান্ত হয় মাৰাত্মক ভাইৰাছত ৷ ইয়াৰে এজন ব্যক্তি হ’ল গুৱাহাটীৰ কাহিলিপাৰা অঞ্চলৰ বাসিন্দা অশোক শর্মা ৷ চিকিৎসাৰ বাবে দিল্লীলৈ যোৱা শর্মা ইতিপূর্বে ভর্তি হৈছিল বাট্রা হাস্পতালত ৷ চিকিৎসাধীন অৱস্থাত শর্মাৰ শৰীৰত ক’ভিড–১৯ৰ লক্ষণ দেখা দিয়াত তেওঁৰ নমুনা সংগ্রহ কৰি পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হয় ৷
বুধবাৰে নিশাৰ ভাগত অহা নমুনাৰ ফলাফলত তেওঁৰ শৰীৰত ন’ভেল ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰ পিছতে শর্মা আৰু তেওঁৰ লগত যোৱা পৰিয়ালৰ লোক একপ্রকাৰ হাহাকাৰ অৱস্থাৰ সন্মুখীন হ’বলগীয়া হয় ৷ কিয়নো বাট্রা হাস্পতালত ক’ভিড–১৯ আক্রান্ত শর্মাৰ চিকিৎসাৰ বাবে আছুতীয়া বিছনা তথা ব্যৱস্থা নাছিল ৷ গোটেই নিশা দিল্লীৰ কেইবাখনো চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিও শর্মাক বাট্রা হাস্পতালৰ পৰা স্থানান্তৰ কৰাক লৈ সমস্যাত পৰে ৰোগীৰ সৈতে যোৱা পৰিয়ালৰ লোক ৷ অৱশেষত পুৱা ৫.৩০ বজাত ছট্টৰপুৰ এলেকাত স্থাপন কৰা এটা কোৱাৰেণ্টাইন চেণ্টাৰলৈ শর্মাক লৈ যোৱা হয়৷ বহু চেষ্টাৰ মূৰতহে দুপৰীয়াৰ ভাগত অসমৰ এই ৰোগীজনক ভর্তি কৰোৱা হয় দিল্লীৰ এখন ছুপাৰস্পেচিয়েলিটী হাস্পতালত ৷ পূর্বে ৰোগাক্রান্ত শর্মাৰ দেহলৈ নতুনকৈ ক’ভিড–১৯ সংক্রমিত হোৱাৰ বাবেই এনে হাহাকাৰ অৱস্থা হয় বুলি জানিব পৰা গৈছে ৷ কিয়নো শর্মাক পূর্বৰ ৰোগৰ চিকিৎসাৰ সমান্তৰালভাৱে ন’ভেল ক’ৰোনা ভাইৰাছৰো চিকিৎসা প্রদানৰ সুবিধা থকা এখন চিকিৎসালয়ৰহে প্রয়োজন হৈছিল ৷
ইফালে, দিল্লীত ক’ভিড–১৯ত আক্রান্ত হৈছে ডিব্রুগড়ৰ এগৰাকী মহিলা ৷ ২৯ বছৰীয়া এই মহিলাগৰাকীৰ নাম পৰিয়ালে ৰাজহুৱা কৰিব বিচৰা নাই ৷ মহিলাগৰাকীৰ লগত যোৱা পৰিয়ালৰ লোকৰো নমুনা সংগ্রহ কৰি পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হৈছিল যদিও ফলাফলত সেয়া ‘নিগেটিভ’ আহিছে ৷ উল্লেখ্য যে দিল্লীত ইতিমধ্যে চিকিৎসাধীন হৈ আছে অসমৰ ১২জন ক’ৰোনা আক্রান্ত লোক ৷ ইয়াৰে ৮জনেই চিআৰপিএফৰ ময়ূৰ বিহাৰস্থিত ৩১নং বেটেলিয়ন শিবিৰৰ জোৱান ৷ সম্প্রতি মণ্ডোলি কোৱাৰেণ্টাইন শিবিৰত থকা এই চিআৰপিএফৰ জোৱানকেইজন হ’ল ক্রমে বাগ্সা জিলাৰ গোৱর্ধনাৰ সমীপৰ জেংৰেংপাৰাৰ অংকুৰ নাথ, টীয়কৰ দেৱজিৎ বৰুৱা, ডিব্রুগড়ৰ টংকেশ্বৰ বৰা, টিহুৰ প্রফুল্ল চন্দ্র দাস, কামৰূপ জিলাৰ চাংসাৰিৰ আঠিয়াবৈৰ কুমুদ কলিতা, তামুলপুৰৰ ভাটপাৰাৰ মাণিক পাঠক, ওদালগুৰি জিলাৰ ৰৌতাৰ ২নং ধনশ্রী ৰাণাগাঁৱৰ ৰণবীৰ লিম্বু আৰু বর্তমানপর্যন্ত আমাৰ হাতত ঠিকনাৰ সবিশেষ তথ্য নপৰা মুকুট কলিতা৷ চিআৰপিএফৰ একেটা বেটেলিয়নৰে উপ–পৰিদর্শক তথা বৰপেটা জিলাৰ সৰুপেটাৰ বৰবৰী গাঁৱৰ মহম্মদ ইক্রাম হুছেইনে ক’ভিড–১৯ত আক্রান্ত হৈ যোৱা মঙলবাৰে মৃত্যুক সাবটি লৈছে৷ ইফালে, ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ দিল্লীত পূর্বৰে পৰা চিকিৎসাধীন হৈ আছে অসমৰ আন চাৰি ব্যক্তি৷ তেওঁলোকৰ ভিতৰত বোকাখাতৰ ম’হমাইকী গাঁৱৰ অজিত শইকীয়া, বন্তি শইকীয়া আৰু কংকণজ্যোতি বৰা অন্যতম৷ জানিব পৰা মতে, লকডাউনৰ পূর্বে চিকিৎসাৰ বাবে গৈ ৰাজীৱ গান্ধী ছুপাৰস্পেচিয়েলিটী হাস্পতালত ভর্তি হৈছিল অজিত শইকীয়া আৰু বন্তি শইকীয়া৷ তেওঁলোকৰ লগত গৈছিল ভতিজাক কংকণজ্যোতি বৰা ৷
তিনিওৰে দেহত ইতিমধ্যে ক’ভিড–১৯ ‘পজিটিভ’ নিশ্চিত হৈছে৷ তদুপৰি চৰাইদেউ জিলাৰ পাটসাঁকো আখৈয়া গাঁৱৰ পুষ্প বৰুৱা নামৰ এজন ব্যক্তিও ক’ৰোনাত আক্রান্ত হৈছে৷ ইন্দ্রপ্রস্থ এপ’লো হাস্পতালত কৰা নমুনা পৰীক্ষাত তেওঁৰ দেহত এছএআৰএছ–চি’ভি–২ ভাইৰাছ পোৱা গৈছে৷ সেইফালৰ পৰা এই ব্যক্তিজন ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি ক’ব নোৱাৰি যদিও সামগ্রিকভাৱে সম্প্রতি দিল্লীত ক’ৰোনা আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছেগৈ ১৪জন৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ সংক্রমিত হোৱাৰ পিছত মণ্ডোলি কোৱাৰেণ্টাইন চেণ্টাৰত থকা চিআৰপিএফৰ একাংশ জোৱানে উপযুক্ত চিকিৎসা তথা খাদ্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ আনকি পৰিয়ালৰ লোকে অসমৰ চিকিৎসাধীন চিআৰপিএফ জোৱানক দিল্লীৰ পৰা ওভতাই অনাৰ বাবেও ৰাজ্য চৰকাৰক আহ্বান জনাইছিল৷ সংবাদ মাধ্যমৰে হোৱা বার্তালাপৰ সময়ত আজি এই বিষয়টো সাংবাদিকে উনুকিয়াই দিয়াত প্রতিক্রিয়া ব্যক্ত কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয় যে দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়া মোৰ বন্ধু মানুহ৷ তেওঁৰ সৈতে মই যিধৰণে পাৰোঁ কথা পাতি আছোঁ৷ মই নিজেও চিআৰপিএফৰ জোৱানকেইজনৰ লগত কথা পাতিছোঁ৷ অংকুৰ নাথ নামৰ চিআৰপিএফ জোৱানজনৰ সৈতে মই কথা পতাত এতিয়া ব্যৱস্থাখিনি ঠিকে আছে বুলি জানিবলৈ দিছে৷ মোৰ ধাৰণা সকলো ঠিকে আছে৷ তদুপৰি ক’ভিড–১৯‘পজিটিভ’ ৰোগীক লৈ এম্বুলেঞ্চ বা উৰাজাহাজ নাহে৷ সেয়েহে যিখিনি কৰিব লাগিব, দিল্লীতে কৰিব লাগিব৷