দিহিং পাটকাইৰ পিছত কেন্দ্রৰ আন এক হঠকাৰী সিদ্ধান্ত; ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৭ স্থানত চলিব হাইড্র’কার্বনৰ খনন–পৰীক্ষণ
নিয়মীয়া বাৰ্তা, ২১ মেঃ ‘পূবৰ আমাজন’ খ্যাত দিহিং পাটকাই অভয়াৰণ্য তথা বর্ষাৰণ্যত কয়লা খননৰ অনুমতি দিয়াৰ বিৰুদ্ধে ৰাজ্য প্রতিবাদমুখৰ হৈ পৰাৰ সময়তে কেন্দ্রই গ্রহণ কৰিছে আন এক হঠকাৰী সিদ্ধান্ত৷ এইবাৰ জৈৱ–বৈচিত্র্যপূর্ণ অসমৰ অন্যতম এখন বনাঞ্চল ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত হাইড্র’কার্বন খনন–পৰীক্ষণৰ সম্প্রসাৰণত অনুমোদন জনোৱা হৈছে৷ ৰাষ্ট্রীয় উদ্যানখনৰ জৈৱ–বৈচিত্র্যৰ প্রতি চৰম ভাবুকি কঢ়িয়াই কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ে যোৱা ১১ মে’ত এফ নং জে–১১০১১/১৫০/২০১৬–আই এ–২ (১) পত্রযোগে এইক্ষেত্রত ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ দিয়ে৷ ইয়াৰ জৰিয়তে তিনিচুকীয়া জিলাৰ বাঘজান পিএমএলৰ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানখনৰ অন্তর্গত সাতটা এলেকাত হাইড্র’কার্বন খনন–পৰীক্ষণ সম্প্রসাৰণ কৰিব পাৰিব ‘অইল ইণ্ডিয়া লিমিটেড’–এ৷ ইতিমধ্যে এই সন্দর্ভত ‘অইল ইণ্ডিয়া লিমিটেড’ৰ তৰফৰ পৰা এক আনুষ্ঠানিক বিবৃতি প্রকাশ কৰা হৈছে৷
বিবৃতিটোত উল্লেখ কৰা মতে, ‘ই আই এ ন’টিফিকেচন–২০০৬’ৰ ব্যৱস্থাৱলীৰ অধীনত উক্ত প্রকল্পটোৰ বাবে কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ে অনুমোদন জনাইছে ‘এনভাইৰনমেণ্টেল ক্লীয়াৰেঞ্চ’ত৷ উল্লেখ্য যে অতি শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বন্যপ্রাণীৰ বাবে ৰাষ্ট্রীয় পৰিষদ (এনবিডব্লিউএল)–এ দিহিং পাটকাই বনাঞ্চলৰ প্রায় ৯৫ হেক্টৰ এলেকাত কয়লা খননৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডক অনুমতি প্রদান কৰিছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল– ইয়াৰে ৫৭.০২ হেক্টৰ মাটিত ক’ল ইণ্ডিয়াই দীর্ঘদিন ধৰি বেআইনীভাৱে কয়লা খনন কৰাৰ অভিযোগ আছে৷ এতিয়া ৪১.৩৯ হেক্টৰ মাটিতো কয়লা খননৰ অনুমতি দি দিহিং পাটকাই বনাঞ্চল তথা বর্ষাৰণ্যখন ধ্বংসৰ মুখলৈ ঠেলি দিব বিচৰা হৈছে বুলি মন্তব্য কৰিছে বিভিন্ন দল–সংগঠনৰ লগতে প্রকৃতিপ্রেমীসকলে৷ ডিব্রুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্রায় ১১১ বর্গকিলোমিটাৰ ভূমিক সামৰি লোৱা দিহিং পাটকাই বনাঞ্চলে অসমৰ জলবায়ুৰ ওপৰত যথেষ্ট ইতিবাচক প্রভাৱ পেলাই আহিছে৷ বনাঞ্চলখনৰ প্রায় ৮০০ বর্গকিলোমিটাৰ এলেকা বর্ষাৰণ্য৷ তদুপৰি ২০০৪ চনত বনাঞ্চলখনৰ এটা অংশক ৰাষ্ট্রীয় বন্যপ্রাণী সংৰক্ষণ আইনৰ অধীনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ উপৰি আন এটা অংশ দেওমালী হস্তী সংৰক্ষিত প্রকল্পত সংলগ্ণ হৈ আছে৷
বনাঞ্চলখন পৰিপূর্ণ হৈ আছে বিভিন্ন দুষ্প্রাপ্য প্রজাতিৰ অর্কিড, স্তন্যপ্রায়ী প্রাণী, সৰীসৃপ, পখিলা, চৰাই আদিৰে৷ সেইদৰে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানো বিভিন্ন জৈৱ–বৈচিত্র্যৰে ভৰি আছে৷ এনে অৱস্থাত কয়লা–হাইড্র’কার্বন খননৰ অনুমতিয়ে দুয়োখন বনাঞ্চলৰ অস্তিত্বৰ প্রতি ভাবুকি নমাই আনিব বুলি আশংকা ব্যক্ত কৰিছে প্রকৃতিপ্রেমীসকলে৷ এনেধৰণৰ জনবিৰোধী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহয় বুলি উল্লেখ কৰি সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়– ‘দিহিং পাটকাই অভয়াৰণ্য–বর্ষাৰণ্য্ ধ্বংস কৰিবলৈ লোৱা আৰু অসমৰ কেইবাখনো তৈলক্ষেত্র ব্যক্তিগতকৰণৰ সিদ্ধান্তই পুনৰ প্রকাশ কৰিলে যে দিল্লীৰ চকু কেৱল অসমৰ সম্পদৰ ওপৰতহে, অসমৰ সমস্যা সমাধানৰ প্রতি নহয়৷’ সেইদৰে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয়– ‘ক’ভিড–১৯ৰ সংক্রমণৰ ঘটনাই প্রকৃতি সুৰক্ষাৰ প্রয়োজনীয়তাৰ বিষয়ে জনসাধাৰণে মর্মে মর্মে উপলব্ধি কৰিছে৷ অসম আৰু অসমৰ নতুন প্রজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে দিহিং পাটকাই অভয়াৰণ্য–বর্ষাৰণ্য্ সুৰক্ষিত হ’বই লাগিব৷ প্রকৃতিক ধ্বংস কৰা কার্য মানি লোৱা নহ’ব৷
অসমৰ তৈলক্ষেত্র বিক্রীৰ কার্য মানি লোৱা নহ’ব৷ অসমৰ সম্পদ ৰক্ষা হ’বই লাগিব৷’ খিলঞ্জীয়া মঞ্চ, অসম আৰু নর্থ ইষ্ট ইণ্ডিজেনাছ পিপল্ছ ফ’ৰামেও এই কার্যৰ তীব্র বিৰোধিতা কৰিছে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত খিলঞ্জীয়া মঞ্চ, অসমৰ আহ্বায়ক অনুপ চেতিয়াই কয়– ‘ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাসমূহক এনে ধ্বংসাত্মক কার্যৰ পৰা আঁতৰি থাকিবলৈ সতর্ক কৰি দিলোঁ৷ অসম আৰু সাতভনী অঞ্চলৰ প্রাকৃতিক সম্পদৰ ওপৰত জনগণৰ সন্মতি নোলোৱাকৈ কৰা এনে ধ্বংসাত্মক আৰু লুণ্ঠন কার্যৰ দ্বাৰা আন্তঃৰাষ্ট্রীয় আইন আৰু প্রস্তাৱক উলংঘা কৰা হ’ব৷ আমি ভাৰত চৰকাৰক উনুকিয়াই দিব বিচাৰোঁ যে ২০০৭ চনত ৰাষ্ট্রসংঘৰ সাধাৰণ সভাত গ্রহণ কৰা প্রস্তাৱ ইউএন–ডিআৰআইপি, যিখনত ভাৰত চৰকাৰেও সন্মতি জনাই স্বাক্ষৰ কৰি থৈছে৷ তাক স্পষ্ট উলংঘন কৰিব বিচৰা হৈছে৷ গতিকে চৰকাৰ আৰু সংশ্লিষ্ট পক্ষক এনে সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনালোঁ৷’ ইফালে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খনন আৰু অসমৰ তৈলখণ্ড ব্যক্তিগতকৰণক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে আলফা (স্বাধীন)–এ৷ কাকতলৈ প্রেৰণ কৰা এক ই–মেইলত সশস্ত্র সংগঠনটোৰ প্রচাৰ গোটৰ হৈ দীপ অসমে কয়– ‘জাতীয় অর্থনীতি শক্তিশালী কৰাৰ স্বার্থত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্রয়োজনীয়তাক আমি ঋণাত্মক দৃষ্টিভংগী গ্রহণ কৰা নাই৷ কিন্তু অসমৰ জাতীয় সম্পদ তৈলক্ষেত্রসমূহ বহিৰাগত কোম্পানীলৈ হস্তান্তৰ কৰা কার্যক আমি সমর্থন কাহানিও নকৰোঁ৷ এইক্ষেত্রত আমি অসমপ্রেমী থলগিৰিৰ সহযোগত সর্বাত্মক সশস্ত্র প্রতিৰোধ কৰিবলৈ বদ্ধপৰিকৰ৷ বিগত সময়ছোৱাত অসমত আধুনিক কাৰিকৰী প্রযুক্তিৰে সমৃদ্ধ যথেষ্ট থলুৱা উদ্যোগপতি গঢ় লৈ উঠিছে আৰু ইয়াৰ আঁৰত পৰোক্ষই হওক বা প্রত্যক্ষই হওক অসমৰ সন্মিলিত জাতীয় মুক্তি সংগ্রামখনৰ যথেষ্ট অৰিহণা আছে৷ গতিকে থলগিৰিৰ কোনো ব্যক্তিগত কোম্পানীলৈ অসমৰ তৈলক্ষেত্র হস্তান্তৰ কৰিলে তাক আমি অসমৰ পুঁজিৰ বহিৰাগমন বন্ধৰ স্বার্থত সমর্থন কৰিম৷ কিন্তু ইয়াৰ অন্যথা হ’লে অসমৰ তৈলক্ষেত্র অধিগ্রহণ কৰিবলৈ অহা বহিৰাগত কোম্পানীয়ে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সশস্ত্র প্রতিৰোধৰ সন্মুখীন হ’ব৷
আনহাতে, দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়া কার্যক আমি বিৰোধিতা কৰিছোঁ যদিও ইয়াত আমি আচৰিত হোৱা নাই৷ আমি দিহিং পাটকাইত হাত নিদিবলৈ সকলো পক্ষকে আগতীয়াকৈ জনাই থ’লোঁ, অন্যথা পৰিণাম ভোগ কৰিব লাগিব৷ লগতে অসমৰ সকলো সচেতন থলগিৰিকে বিনম্র আহ্বান জনাইছোঁ দিহিং পাটকাইক লৈ যাতে কোনেও দৰ–দামৰ ৰাজনীতি কৰিব নোৱাৰে, তাৰ প্রতি চকু ৰাখক’৷ কেন্দ্রীয় চৰকাৰৰ অধীনৰ ‘নেচনেল ব’ড ফৰ ৱাইল্ড লাইফে’ অসমৰ দিহিং পাটকাই বনাঞ্চলৰ নতুন এলেকাত কয়লা খননৰ অনুমতি প্রদান কৰা কার্যক সমালোচনা কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াই৷ আজি এক বিবৃতিত শইকীয়াই কয় যে দিহিং পাটকাই বনাঞ্চল ভাৰতৰ সর্ববৃহৎ গ্রীষ্ম মণ্ডলীয় বর্ষাৰণ্য৷ পৰিৱেশ তথা বন্যপ্রাণী সংৰক্ষণৰ বাবে এই বনাঞ্চলৰ ৰক্ষণাবেক্ষণ দিয়াটো চৰকাৰৰ দায়িত্ব৷ এটা মাফিয়া চক্রই দিহিং পাটকাই বনাঞ্চলত ইতিমধ্যে শাসকীয় পক্ষৰ পৃষ্ঠপোষকতাত অবৈধ খনন কার্য চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এতিয়া কয়লা খননৰ অনুমতি প্রদান কৰাৰ ফলত ক’ল ইণ্ডিয়াই চলাবলগীয়া খনন কার্যৰ আঁৰ লৈ অসাধু চক্রৰ অবৈধ কয়লা খনন আৰু সৰবৰাহৰ বাট প্রশস্ত কৰাৰ শংকা উদ্ভৱ হৈছে৷ সেয়েহে অসমৰ সচেতন মহল তথা ছাত্র সমাজৰ আহ্বানৰ প্রতি সন্মান জনাই নেচনেল ব’ড ফৰ ৱাইল্ড লাইফে উক্ত বিতর্কিত সিদ্ধান্তটো পুনৰ বিবেচনা কৰা উচিত৷