নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুঃখবৰ ! কৃষ্ণ আৰু নাই

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ গোৱালপাৰাত ত্ৰাসৰ সৃষ্টি কৰা লাডেন ওৰফে কৃষ্ণ আৰু নাই । দেওবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয় লাডেনৰ । উল্লেখ্য যে, যোৱা সোমবাৰে গোৱালাপাৰাত বিধায়ক পদ্ম হাজৰিকাই অভিযান চলাই উদ্ধাৰ কৰা লাডেনক পৰৱৰ্তী সময়ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চিকিৎসাৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল । অৱশ্যে চিকিৎসাধীন হৈ থাকে মাজতে দেওবাৰে পুৱাই আহিল কৃষ্ণৰ মৃত্যুৰ সেই দুঃখবৰটো । তাৎপৰ্যপূৰ্ণ যে, হাতীটোৰ মৃত্যু সন্দৰ্ভত একাংশই দুবাৰকৈ ট্ৰেংকুলাইজ কৰা বিষয়টো উত্থাপন কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাচতহে গম পোৱা যাব মৃত্যুৰ প্ৰকৃত কাৰণ ।

You might also like