নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটি কণমানিৰ পিতৃস্নেহৰ নিদৰ্শন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ মুছলপুৰ বাগানপাৰাৰ এটা কৰুণ দৃশ্য । এগৰাকী ১০ বছৰীয়া কন্যা আৰু এজন কিশোৰে ঠেলাৰে কঢ়িয়াই আনিছে নিজ পিতৃক । দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া মোহন লোহাৰ নামৰ এইগৰাকী ব্যক্তি এমাহ পূৰ্বে এক দুৰ্ঘটনা পতিত হৈ শয্যাশায়ী হৈ থাকিবলগীয়া হৈছিল । ঠিক একেদৰে মোহনৰ পত্নীৰো একে অৱস্থা ।

পিতৃ-মাতৃৰ এনে এক অৱস্থাত এতিয়া একমাত্ৰ সহায় ৰূপে থিয় দিছে দুই কণমানি । পৰিয়ালটোত আন কোনো লোক নথকাৰ বাবেই মঙলবাৰে এইদৰে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত কন্যা আৰু পুত্ৰই বাঁহজানী চুবুৰীৰ পৰা বাগানপাৰাৰ চিকিৎসালয়লৈ লৈ যায় পিতৃ মোহন লোহাৰক । নিজ পিতৃৰ এনে দুখৰ দৃশ্য চাই থাকিব নোৱাৰি কণমানি দুটিয়ে এইদৰেই চিকিৎসালয়লৈ লৈ গৈছে পিতৃক । এই দৃশ্যই এতিয়া সকলোকে ভবাই তুলিছে ।

এই দুটি কণমানিৰ পিতৃস্নেহৰ যি নিদৰ্শন সেয়া যেন সকলোৰে বাবে অনুকৰণীয় । এটি দৰিদ্ৰ পৰিয়ালটোৰ মুৰব্বীজনেই এতিয়া শয্যাশায়ী হৈ থকাৰ বাবে পৰিয়ালটোলৈ নামি আহিছে অমানিশা । পিতৃক সুস্থ কৰি তোলাৰ বাবে দুই কণমানিয়ে চলোৱা এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় ।

You might also like