নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰে পেলাই থ’লে ফৰেষ্ট স্কুলৰ গেট কেলেংকাৰিৰ তদন্ত প্রতিবেদন

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ অৱসৰৰ আগদিনা অর্থাৎ ২৯ জুনত বনৰক্ষী আৰু বনপালকক পদোন্নতি দি বিতর্কত সোমাই পৰা সদ্য অৱসৰপ্রাপ্ত প্রধান মুখ্য বন সংৰক্ষক (পি চি চি এফ) এ এম সিঙৰ আন এক অনিয়মৰ তথ্য পোহৰলৈ আহিছে৷ বৃহৎ অংকৰ বুজাবুজিৰে ২০জনকৈ বনৰক্ষী–বনপালক পদোন্নতি দিয়া এ এম সিঙৰ নামটো শেহতীয়াকৈ জড়িত হৈ পৰিছে জালুকবাৰীস্থিত ফৰেষ্ট স্কুলৰ গেট নির্মাণৰ কেলেংকাৰিত৷

উত্থাপিত অভিযোগ অনুসৰি ২০১৯ চনত জালুকবাৰীত অৱস্থিত ফৰেষ্ট স্কুলৰ গেট নির্মাণৰ বাবে আবণ্টন দিয়া হৈছিল ২১ লাখ টকা৷ আনহাতে, এই গেট নির্মাণৰ দায়িত্বত আছিল ফৰেষ্ট স্কুলৰ বীট অফিচাৰ পুলিন মহন্ত৷ যথেষ্ট আটকধুনীয়াকৈ গেটখন নির্মাণৰ বাবে আবণ্টন দিয়া ২১ লাখ টকা পুলিন মহন্তই ক’ত কেনেদৰে খৰচ কৰিলে, তাৰ কোনো তথ্য নাই৷ আনকি গেটখন নির্মাণত ব্যৱহাৰ হোৱা টাইলছৰ মান নির্ধাৰণ কৰি দিয়া হৈছিল যদিও দায়িত্বত থকা বীট অফিচাৰ মহন্তই অতি নিম্নমানৰ টাইলছ লগাই ধন আত্মসাৎ কৰে৷ বীট অফিচাৰগৰাকীৰ এনে দুর্নীতি পোহৰলৈ অহাৰ সময়তে ফৰেষ্ট স্কুলৰ সঞ্চালক দীপিকা চৌধুৰীয়ে এক তদন্তৰ নির্দেশ দিয়ে৷ এই তদন্ততে ২ লাখ ৪৮ হাজাৰ টকাৰ অনিয়ম হোৱাৰ তথ্য পোহৰলৈ অহাত সঞ্চালক চৌধুৰীয়ে বীট অফিচাৰ পুলিন মহন্তক তিনিটা ইনক্রিমেণ্ট কর্তন অথবা চাকৰিৰ পৰা বর্খাস্ত কৰাৰ উপৰি ২ লাখ ৪৮ হাজাৰ টকা উদ্ধাৰৰ বাবে সেই সময়ৰ পিচিচিএফ এ এম সিঙলৈ পত্র প্রেৰণ কৰে৷ কিন্তু পৰিতাপৰ বিষয়টো হ’ল যে যোৱা দুবছৰে সঞ্চালকগৰাকীৰ তদন্তৰ প্রতিবেদন পি চি চি এফে গাপ দি ৰাখি চলিত বর্ষৰ ১৭ এপ্রিলত অতি ৰহস্যজনকভাৱে এক আদেশ জাৰি কৰে যে বীট অফিচাৰ তথা বর্তমানৰ যোৰাবাটৰ চেকগেটৰ দায়িত্বত থকা পুলিন মহন্তৰ তিনিটা ইনক্রিমেণ্ট কর্তনৰ পৰিৱর্তে মাত্র এটাহে ইনক্রিমেণ্ট কর্তন কৰা হ’ব৷ যদিও এটা ইনক্রিমেণ্ট কর্তন হ’ব, নির্ধাৰিত সময়ত সেই ধনৰাশিও তেওঁ ওভতাই পাব৷ পি চি চি এফগৰাকীৰ এনে শেহতীয়া নির্দেশক লৈ বিভাগটোৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ কি ৰহস্যজনক কাৰণত বীট অফিচাৰ পুলিন মহন্তৰ দুর্নীতিক এ এম সিঙে এনেদৰে গাপ দি ৰাখিছে, তাক লৈও উত্থাপিত হৈছে বিভিন্ন প্রশ্ণ৷

জানিব পৰা মতে শেহতীয়াভাৱে বনপালক আৰু বনৰক্ষীৰ পদোন্নতিৰ ক্ষেত্রতো নাম সাঙোৰ খাই পৰিছে এইজন বীট অফিচাৰৰ৷ উল্লেখ্য যে ১৯৯১ চনত যোৰহাটৰ ফৰেষ্ট ৰিছার্চ এণ্ড ছার্ভেৰ ডি এফ অ’ হৈ থকা সময়ৰে পৰা এ এম সিং আৰু পুলিন মহন্তৰ মাজত সম্পর্ক মধুৰ৷ দুবছৰ ধৰি যোৰহাটত কর্মৰত এ এম সিং পৰৱর্তী সময়ত অর্থাৎ পি চি চি এফ হোৱাৰ পাছত পুলিন মহন্তক গুৱাহাটীৰ জালুকবাৰীৰ ফৰেষ্ট স্কুললৈ বদলি কৰি আনে৷ এনেদৰে বন বিভাগৰ বিভিন্ন অনিয়মৰ বীট অফিচাৰজনক জড়িত কৰোৱাই লুণ্ঠনৰ সংগী হৈ পৰা এ এম সিঙৰ শেহতীয়া পদোন্নতিৰ অনিয়মৰ অভিযোগ মুখ্যমন্ত্রীৰ তদাৰকী কোষত দাখিল কৰাৰ প্রস্তুতি চলিছে৷ ইয়াৰ বিপৰীতে বিভাগে এখন গেট নির্মাণক লৈ এনেদৰে ধন লুণ্ঠনত নামি পৰা বীট অফিচাৰ পুলিন মহন্তৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷ বিভাগটোৰে এক সূত্রই প্রকাশ কৰা অনুসৰি এ এম সিঙৰ অৱসৰৰ পাছতেই লুণ্ঠনৰ অংশীদাৰ হোৱা একাংশ বন বিষয়াই বীট অফিচাৰ মহন্তক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগা বুলি জানিব পৰা গৈছে৷

You might also like