নিয়মীয়া বার্তা,৪ মার্চঃ সোতৰ বছৰীয়া দুর্নীতি–ভ্রষ্টাচাৰ আঁতৰাই বিটিচিত এখন স্বচ্ছ আৰু নিকা চৰকাৰ বিচাৰিছে ৰাইজে ৷ পূবৰ পৰা পশ্চিমলৈ গণতন্ত্রক শক্তিশালী কৰিবলৈ ৰাইজে পৰিৱর্তন বিচাৰিছে ৷ ইয়াত জাতি–জনগোষ্ঠীৰ কোনো কথা নাই ৷ দুর্নীতি–ভ্রষ্টাচাৰী নেতাবোৰ থাকিলে গণতন্ত্র কেতিয়াও শক্তিশালী নহ’ব ৷ বি পি এফ দলে বিগত সোতৰ বছৰত দুর্নীতি আৰু টকা–পইচাক নিজৰ বন্ধু হিচাপে লৈছে, যাৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে ৷ মঙলবাৰে বাগ্সাৰ মুছলপুৰত অনুষ্ঠিত ইউ পি পি এলৰ বুথ কমিটীৰ সভাত অংশ লৈ দলটোৰ নৱনির্বাচিত সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয় ৷
নেতাগৰাকীয়ে বিজেপি দলৰ সৈতে মিত্রতা সম্পর্কত কয়– ‘বিজেপি এটা ৰাষ্ট্রীয় দল, এটা শক্তিশালী দল, তেওঁলোকে কাৰ লগত মিত্রতা কৰে সেইটো তেওঁলোকৰ ওপৰত নির্ভৰ কৰিব ৷ কিন্তু বিটিআৰৰ ৩২ লাখ জনসাধাৰণৰ দায়িত্ব বিজেপিৰো আছে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এফালে চবকা চাথ চবকা বিকাশৰ কথা কৈছে আৰু বিটিচিৰ মিত্র দল বিপিএফে ইয়াৰ নামত দুর্নীতি কৰিছে ৷ মোদীয়ে কোৱাৰ দৰে ভাৰতবর্ষখন পৃথিৱীৰ ভিতৰত শ্রেষ্ঠ দেশ হিচাপে গঢ়িব লাগিব ৷ গতিকে বিটিআৰত পৰিৱর্তন আনিব লাগিব ৷ ভাষা–সাহিত্য–সংস্কৃতি ৰক্ষাৰ বাবে সকলোৰে বাবে কাম কৰিব পৰা ভাল মানুহ ৰাইজে নির্বাচন কৰিব লাগিব ৷’
এন ডি এফ বিৰ বিভাজন সম্পর্কত নেতাগৰাকীয়ে কয়– ‘প্রত্যেকৰে নিজা বিবেক আছে, তেওঁলোক কোনে কাৰ লগত থাকে কোনে কাৰ লগত নাথাকে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা ৷ মই কাকো জোৰ দিব নোখোজোঁ ৷ কিন্তু এটা কথা ঠিক শান্তি চুক্তি হ’ল, অশান্তিৰ সমস্যা সমাধান হ’ল৷ বিটিচিৰ ভূমি নীতি সম্পর্কতো নেতাগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰি কয়, বিটিচিত ভূমিৰ সমস্যা আছে৷ সমাধান কৰিব লাগিব৷ সোতৰ বছৰে বিপিএফে এটা সুস্থ ভূমি নীতি ল’ব নোৱাৰিলে৷ এই কাম সমিল–মিলেৰে কৰিব লাগিব৷ ৰাইজে বিচৰা নেতৃত্ব বা চৰকাৰ যেতিয়া আহিব তেতিয়া সকলো ঠিক কৰা হ’ব ৷’ তেওঁ পুনৰ কয়– সকলো ৰাইজক অহা দুই–এদিনৰ ভিতৰত ইউ পি পি এল দলৰ পৰা এখনকৈ আই কার্ড দিয়া হ’ব৷ যিখন আই কার্ডৰ মূলমন্ত্র হ’ব– ‘এটা ভোট, এটা পৰিৱর্তন আৰু এটা সংস্থাপন ৷’ তেওঁ কয়– ‘আমাক ক্ষমতা নহয় পৰিৱর্তনহে লাগে৷ আমি বিটিআৰ চুক্তি আখৰে আখৰে পালন কৰিম৷ কিন্তু চুক্তিৰ সফল ৰূপায়ণ আৰু এন ডি এফ বি কেডাৰৰ সংস্থাপনৰ বাবে ৰঞ্জন দৈমাৰীৰ নিয়মিত জামিন অতি দৰকাৰ৷’ আগন্তুক ৰাজ্যসভাৰ নির্বাচন সন্দর্ভত প্রমোদ বডোৱে কয়– ‘ৰাজ্যসভাৰ আসনত এজন চিন্তাশীল ব্যক্তি দিব লাগে৷ ৰাজনৈতিক স্বার্থ ইয়াত থাকিব নালাগে ৷’