নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত শীঘ্রে বলৱৎ হ’ব বলপূর্বক ধর্মান্তৰকৰণবিৰোধী আইন

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: দেশজুৰি শীঘ্রেই বলৱৎ হ’ব বলপূর্বক ধর্মান্তৰকৰণবিৰোধী আইন৷ দেশৰ প্রান্তে প্রান্তে চলি থকা বলপূর্বক ধর্মান্তৰকৰণক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক কঠোৰ ভাষাৰে এই সন্দর্ভত সঠিক ব্যৱস্থা ল’বলৈ নির্দেশ দিয়াৰ পাছতেই কেন্দ্রীয় চৰকাৰে বলপূর্বক ধর্মান্তৰকৰণ আইনৰ পৰিকল্পনা সম্পূর্ণ কৰিছে৷ উচ্চতম ন্যায়ালয়ত বলপূর্বক ধর্মান্তৰকৰণবিৰোধী আইন সন্দর্ভত শপতনামা দাখিল কৰিব বুলি কেন্দ্রীয় চৰকাৰে প্রকাশ কৰিছে৷ ইতিমধ্যে শপতনামা সম্পূর্ণ সাজু কৰি তোলা হৈছে বুলিও কেন্দ্রীয় চৰকাৰৰ সূত্রত প্রকাশ৷

উল্লেখ্য যে বিজেপি নেতা তথা অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে প্রলোভন, ভাবুকি আৰু অর্থনৈতিক লাভালাভেৰে বলপূর্বক ধর্মান্তৰকৰণ প্রতিৰোধৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে কঠোৰ ব্যৱস্থা গ্রহণ কৰা সন্দর্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰাত ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি যোৱা ১৪ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে গ্রহণ কৰিছে৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু হিমা কোহলিৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্রহণ কৰি বলপূর্বক ধর্মান্তৰকৰণ এক অতি ভয়াৱহ বিষয় হিচাপে মত ব্যক্ত কৰে৷ এনে বলপূর্বক ধর্মান্তৰকৰণে ৰাষ্ট্রীয় সুৰক্ষালৈ বিপদ নমাই অনাৰ লগতে জনতাৰ ধর্মীয় স্বাধীনতা, মৌলিক অধিকাৰ উলংঘন কৰে৷ কেন্দ্রীয় চৰকাৰক এই শুনানিৰ সময়তে বিচাৰপীঠে শীঘ্রে বলপূর্বক ধর্মান্তৰকৰণৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰিব, সেই সন্দর্ভত শপতনামা দাখিলৰ নির্দেশ দিয়ে৷

তদুপৰি বলপূর্বক ধর্মান্তৰকৰণ নিয়ন্ত্রণ আৰু প্রতিৰোধৰ বাবে প্রয়োজন সাপেক্ষ আইন ৰূপায়ণৰ ক্ষেত্রতো কেন্দ্রীয় চৰকাৰক পদক্ষেপ গ্রহণ কৰিবলৈ পৰামর্শ দিয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ এই নির্দেশৰ পাছতে কেন্দ্রীয় চৰকাৰে বলপূর্বক ধর্মান্তৰকৰণ আইন বলৱতৰ পৰিকল্পনা সম্পূর্ণ কৰি সর্বোচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিব৷ সর্বোচ্চ ন্যায়ালয়ৰ শপতনামা দাখিল কৰাৰ পাছতে এই আইন সন্দর্ভত চূড়ান্ত হ’ব৷ তাৎপর্যপূর্ণ যে ওড়িশা, মধ্যপ্রদেশ, গুজৰাট, ছত্তিশগড়, ঝাৰখণ্ড, উত্তৰাখণ্ড, উত্তৰ প্রদেশ, কর্ণাটক আৰু হাৰিয়ানাত বলপূর্বক ধর্মান্তৰকৰণক লৈ আইন আছে যদিও ই ৰাজ্যিক বিষয়ক৷ সমাজৰ দুর্বল শ্রেণীক সুৰক্ষিত কৰাৰ বাবেই বলপূর্বক ধর্মান্তৰকৰণবিৰো আইনৰ প্রয়োজন আছে বুলি কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে৷

You might also like