নিয়মীয়া বার্তা, ৪ মার্চঃ এগৰাকী দুৰন্ত কণমানি৷ ৭ বছৰীয়া কণমানিজনীৰ নাম এলিনা দাস৷ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ পুঠিমাৰী গাঁৱৰ এলিনা দাসে নিতৌ ১৭ কিঃমিঃ দৌৰি সৃষ্টি কৰিছে চমক৷ দুয়োখন হাতৰ আঙুলিৰ গঠনো সকলোতকৈ সুকীয়া এইগৰাকী কিশোৰীৰ৷ অভিনৱ আঙুলিৰ গৰাকী কণমানি এলিনাৰ আছে এক অনন্য প্রতিভা৷ ভৱিষ্যতে ধিং এক্সপ্রেছ হিমা দাসৰ সমকক্ষ হোৱাৰ তীব্র হেঁপাহ এলিনা দাসৰ৷ বিহুগুৰিৰ শ্রীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্রেণীত পঢ়ি থকা এলিনাই ভাল পায় কেৱল দৌৰি৷ ৫ মাহ ধৰি এলিনাই দৌৰি আছে৷ ভৱিষ্যতে দৌৰেৰে বিশ্ব জীনাৰ সপোন পুহি ৰখা এলিনাই গাঁৱৰেই খেলপথাৰ এখনত আৰম্ভ কৰিছে দুর্দান্ত অনুশীলন৷ গতি ৰুদ্ধ কৰিব নোৱাৰা এলিনাই খেলপথাৰখনৰ চাৰিওকাষে নিতৌ পুৱা ৫০বাৰকৈ দৌৰে৷ মটৰ মেকানিক বৃত্তিত জডিত পিতৃ জগন্নাথ দাস আৰু মাতৃ ভাৰতী দাসে জীয়াৰী এলিনাক যিমান পাৰে উদগনি যোগাই আহিছে৷ দৌৰি দৌৰি ভাগৰি নপৰা এলিনাই বিহুগুৰি মিনি ষ্টেডিয়ামত বর্তমান প্রশিক্ষণ গ্রহণ কৰি আছে৷ পখিলা খেদা বয়সত জগত জীনাৰ তীব্র হেঁপাহ পুহি ৰখা এলিনাৰ দৌৰৰ প্রতি একাগ্রতা দেখি ওচৰ–চুবুৰীয়ায়ো প্রেৰণা যোগাই আহিছে৷ এলিনাই এদিন সফল হৈ গৌৰৱ কঢ়িয়াই আনক তাৰেই কামনা কৰিছে সকলোৱে৷এলিনাৰ পিতৃ জগন্নাথ দাসে সংবাদ মাধ্যমৰ আগত জনায় যে এলিনাই বিৰামহীনভাৱে দৌৰাৰ প্রতি আগ্রহ দেখা পাই অভিভাৱক হিচাপে জীয়াৰীক নিজ প্রতিভা প্রকাশৰ বাবে যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছে৷কণমানি এলিনায়ো সাংবাদিকৰ সন্মুখত প্রবল আত্মবিশ্বাস প্রদর্শন কৰি ভৱিষ্যতে ট্ৰেকত ভাৰতৰ হৈ দৌৰি বিশ্বৰ সন্মুখত ভাৰতবর্ষৰ নাম উজলাই তোলাৰ বাবে অহোপুৰুষার্থ কৰিব বুলি অনুভৱ ব্যক্ত কৰে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰখনৰ সংশ্লিষ্ট কর্তৃপক্ষই প্রচুৰ প্রতিভাসম্পন্ন কিশোৰী এলিনাক নিজ লক্ষ্যত উপনীত হ’বলৈ যথোচিত পদক্ষেপ গ্রহণ কৰিলে ভৱিষ্যতে এলিনা এক উজ্জ্বল নক্ষত্র হৈ জিলিকি উঠিব বুলি অঞ্চলবাসীয়ে আশা প্রকাশ কৰিছে ৷