নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ অব্য়াহত আছে ডাম্পাৰ চালকৰ দৌৰাত্ম্য। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মাকেম্পৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু স্কুটীক এখন দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিয়াত থিতাতে নিহত হয় তিনিজনকৈ লোক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলা। লিডুৰ পৰা জাগুন অভিমুখী আছিল বাইক আৰু স্কুটী দুখন আনহাতে লিডু অভিমুখে আহি আছিল দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। নিহত লোককেইজন গোবিন টায়ে, অশ্ৱিনী নৰহ আৰু জিতেন দলে।
আনহাতে যোৰহাটতো ভয়ংকৰ দুৰ্ঘটনা। এখন ট্ৰাক আৰু বলেৰ’ পিকআপ ভানৰ মুখামুখি সংঘৰ্ষত আহত ৩জন লোক। দুৰ্ঘটনাগ্ৰস্ত সকলৰ এজনৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বলেৰ’ পিক আপ ভানখন দুটা ভাগত বিভক্ত হৈ পৰে।