নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ পাতিদৰঙত মহামাৰীৰ ৰূপত কর্কটঃ মৃত্যু হৈছে ১৫০ৰো অধিক

খোৱাপানীত থকা আর্ছেনিক অভিশাপ হৈছে গাঁওবাসীৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ কর্কট ৰোগে একপ্রকাৰৰ মহামাৰীৰ ৰূপ লৈছে দৰঙৰ এখন গাঁৱত ৷ দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তর্গত পাতিদৰঙত ভয়াৱহ ৰূপ লৈছে মাৰাত্মক কর্কটে ৷ আক্রান্ত হৈছে গাঁওখনৰ ইজনৰ পিছত সিজন লোক ৷ আনকি বর্তমানপর্যন্ত কেৱল এই গাঁওখনতে এই ৰোগত মৃত্যু হৈছে ডেৰ শতাধিক লোকৰ ৷ তদুপৰি গাঁওখনত ক্রমাৎ বৃদ্ধি পাই আহিছে আক্রান্ত লোকৰ সংখ্যা ৷ আনকি বর্তমানেও কেইবাটাও পৰিয়ালত আছে কর্কট ৰোগী৷ গাঁওখনৰ প্রায় প্রতিটো পৰিয়ালত আছে কর্কট ৰোগত আক্রান্তৰ সংখ্যা ৷ দৰঙেই নহয় সমগ্র ৰাজ্যখনৰ ভিতৰতেই সম্ভৱতঃ সর্বাধিক কর্কট ৰোগত আক্রান্ত হোৱা লোক থকা এই গাঁওখনত এতিয়া আতংকৰ সৃষ্টি কৰিছে এই ৰোগে ৷ স্বাভাৱিকতে প্রশ্ন উঠিছে গাঁওখনত কর্কট ৰোগে এনেদৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ কাৰণটো কি?

প্রণিধানযোগ্য যে আজি কিছু বছৰ আগলৈকে অঞ্চলটোৰ ৰাইজৰ মাজত বিভিন্ন ধাৰণাই ক্রিয়া কৰি আহিছিল যদিও পোহৰলৈ অহা নাছিল এই মাৰাত্মক বীজাণু সৃষ্টিকাৰী কাৰক সমূহ৷ যাৰ বাবে ৰোগবিধৰ চিকিৎসাতে একপ্রকাৰৰ সীমাবদ্ধ আছিল ৰাইজৰ নিয়ন্ত্রণৰ প্রচেষ্টা৷ অৱশ্যে অঞ্চলটোৰ ৰাইজে ব্যৱহাৰ কৰি অহা খোৱাপানীৰ প্রতি সকলোৰে সতর্ক দৃষ্টি আছিল৷ শেহতীয়াভাৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপকৰ গৱেষণাত গাঁওখনৰ খোৱাপানীৰ উৎসসমূহত অত্যধিক পৰিমাণৰ আর্ছেনিক থকাটো পোহৰলৈ অহাৰ পিছত এতিয়া পাতিদৰংবাসীৰবাবে আতংকৰ নাম হৈ পৰিছে খোৱাপানী ৷ লক্ষণীয় যে প্রায় চাৰিশ পৰিয়ালে বসবাস কৰা বৃহৎ গাঁওখনত যথেষ্টসংখ্যক লোক কর্কট ৰোগত মৃত্যুবৰণ কৰাৰ লগতে বহুকেইজন লোক কর্কট ৰোগত আক্রান্ত হৈ থকাৰ কাৰণ সন্ধান কৰোঁতে খোৱাপানীত থকা মাত্রাধিক আর্ছেনিকৰ উপস্থিতিয়ে অন্যতম বুলি পৰীক্ষাৰ জৰিয়তে প্রমাণ হোৱাত ৰাইজ স্বাভাৱিকভাৱেই শংকাত ভুগিবলগীয়া হৈছে ৷

লক্ষণীয় যে গাঁওখনৰ খোৱাপানীৰ মূল উৎস হ’ল নলীনাদ ৷ অৱশ্যে বিশুদ্ধকৰণৰ বাবে সৰহসংখ্যক পৰিয়ালেই ব্যৱহাৰ কৰে শিল–বালিৰ ফিল্টাৰ ৷ কিন্তু শিল বালিৰ ফিল্টাৰেই যে কোনো কাৰণতে যে বিশুদ্ধতা নিৰূপণৰ শেষ আহিলা নহয়, সেয়া প্রমাণিত হ’ল তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ এই গৱেষণাত ৷ গাঁওখনৰ কেইগৰাকীমান উদীয়মান ব্যক্তিৰ প্রচেষ্টাত ২৮টা পৰিয়ালৰ খোৱাপানীৰ নমুনা সংগ্রহ কৰি বিশ্ববিদ্যালয়খনৰ পৰীক্ষাগাৰত পৰীক্ষাৰ ব্যৱস্থা কৰাত উন্মোচন হ’ল ভয়ংকৰ তথ্য ৷ লক্ষণীয় যে সাধাৰণতে পানীত দহ পি পি বিৰ তলত আর্ছেনিক থাকিলে সেই পানী খোৱাৰ উপযোগী হৈ থাকে যদিও পাতিদৰঙৰ উক্ত উৎসকেইটাৰ পৰীক্ষাৰ অন্তত ৩০ৰ পৰা ১১৪পি পিবি পর্যন্ত পৰিমাণৰ আর্ছেনিক মিহলি হৈ থকাটো ধৰা পেলায় তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰবীন দত্তই ৷ আনকি অত্যধিক মাত্রাৰ আর্ছেনিক মিহলি হৈ থকা পানী সেৱনেই কর্কট ৰোগৰ মুখ্য কাৰণ হ’ব পাৰে বুলিও অধ্যাপকগৰাকীয়ে প্রকাশ কৰে ৷

প্রণিধানযোগ্য যে উক্ত পৰীক্ষাত পাতিদৰঙৰ ২৮টা পৰিয়ালৰ উপৰি গাঁওখনৰ একেবাৰে নিকটৱর্তী আন কেইবাটাও পৰিয়ালৰ খোৱাপানীৰ নমুনাও পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছিল যদিও উক্ত উৎসসমূহত একেবাৰে কম পৰিমাণৰ আর্ছেনিক থকাটো পোহৰলৈ আহে ৷ পাতিদৰঙৰ খোৱাপানীৰ উৎসত অত্যধিক মাত্রাৰ আর্ছেনিক মিহলি হৈ থকাটো প্রামাণিক হোৱাৰ পিছতো তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰবীন দত্ত বিশ্ববিদ্যালয়খনৰ দুগৰাকী গৱেষক ছাত্র সহিতে পাতিদৰঙত উপস্থিত হৈ আর্ছেনিকৰ ভয়াৱহতা আৰু ইয়াৰ প্রতিকাৰৰ কেতবোৰ ঘৰুৱা উপায় সন্দর্ভত স্থানীয় ৰাইজৰ লগত আলোচনাত মিলিত হয় ৷ পানী খোৱা ছ’ডা, জাৰক দ্রব্য আৰু আইৰন দ্রব্যৰে কেনেকৈ আর্ছেনিকমুক্ত কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা আগবঢ়ায় ৷ এইক্ষেত্রত চৰকাৰে আর্ছেনিকমুক্ত কৰালৈ বাট নাচাই ৰাইজক ঘৰুৱাভাৱে কম খৰচত আর্ছেনিকমুক্ত পানীৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায় ৷ লক্ষণীয় যে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীৰ এই প্রচেষ্টা সম্পূর্ণ ব্যক্তিগত পর্যায়ৰ যদিও চৰকাৰে এইক্ষেত্রত সমগ্র বিষয়টোত গুৰুত্ব দিয়াৰ প্রয়োজন হৈ পৰিছে ৷

উল্লেখনীয় কথাটো হ’ল পাতিদৰঙত প্রায় পয়ত্রিশ বছৰ পূর্বে চৰকাৰীভাৱে বিশুদ্ধ খোৱাপানী যোগান আঁচনি এখন স্থাপন কৰা হৈছিল যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিকল্পনাৰ অভাৱৰ বাবেই দুবছৰমান পিছতে সেইখন বিকল হৈ পৰে ৷ অভিযোগ মতে মাজে সময়ে পানী যোগান আঁচনিখন বিভাগে মেৰামতি কৰি থাকিল যদিও ঠিকাদাৰৰ জেপ গৰম কৰাৰ বাদে আঁচনিখনৰ পৰা ৰাইজৰ কোনো উপকাৰ নহ’ল৷ শেহতীয়াভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী যোগান আঁচনিখন পুনৰ নির্মাণ কৰি উলিয়াইছে যদিও আঁচনিখনে সামৰি ল’ব পৰা নাই সম্পূর্ণ গাঁওখন ৷ যাৰ বাবে গাঁওখনৰ অধিকসংখ্যক পৰিয়ালে বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷ ফলত সৰহখিনি ৰাইজেই নলীনাদৰ পানীৰ ওপৰতেই নির্ভৰ কৰি চলিবলগীয়া হৈছে ৷

You might also like