নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ ৬৩০গৰাকী বানপীড়িত, ভূমিহীনলৈ ভূমিপট্টা বিতৰণ

নিয়মীয়া বাৰ্তা,২৯ জানুৱাৰীঃ ‘কোনোবাই যদি বিচাৰে তেন্তে দেখিব, কিছু বছৰ আগলৈ অসমৰ শর্মা, বৰুৱা, ডেকা, দাস, শইকীয়া আদি উপাধিৰ লোকৰ নামত থকা মাটিবোৰ কোনে কিনিছে৷ আমাৰ সত্র, নামঘৰেই নহয়, ম্যাদী পট্টাৰ মাটিবোৰো লাহে লাহে আমাৰ হাতৰ পৰা নোহোৱা হৈ গৈ আছে ৷ অসমত ইমান বছৰে থলুৱাৰ ভূমি বহিৰাগতক বিক্রী কৰিব নোৱাৰাৰ কোনো আইনো নাছিল৷ কিন্তু অসম চুক্তিৰ ৬নং দফাক লৈ গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শর্মা নেতৃত্বাধীন কমিটীয়ে প্রতিবেদন দাখিলৰ পিছতে ৰাজ্য চৰকাৰে সম্ভৱতঃ এপ্রিল মাহত এনে এখন আইন প্রণয়নৰ দিহা কৰিব৷ তথাপি আজি মই মঙলদৈৰ পৰা সকলো থলুৱা লোককে আহ্বান জনাম, আপোনালোকে মাটি আৰু বহিৰাগতক কেতিয়াও বিক্রী নকৰিব৷’ –মঙলদৈত ভূমি পট্টা বিতৰণ কার্যসূচীত অংশগ্রহণ কৰি এই আহ্বান বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৷ লক্ষণীয় যে মঙলদৈ ৰাজহ চক্রকে ধৰি দৰং জিলাৰ ৪টা ৰাজহ চক্রৰ ৬৩০টা ভূমিহীন তথা বানপীড়িত পৰিয়াললৈ আজি ৰাজহুৱাভাৱে মঙলদৈত ভূমিপট্টা বিতৰণ কৰা হয় ৷ মঙলদৈ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ভূমিপট্টাৰ উপৰি বানপীড়িতলৈ আর্থিক সাহায্য তথা সামগ্রী প্রদানৰো শুভাৰম্ভণি কৰা হয় ৷ বিত্তমন্ত্রী ড০ শর্মাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লোৱাৰ উপৰি মঙলদৈ আৰু ছিপাঝাৰৰ দুই বিধায়ক ক্রমে গুৰুজ্যোতি দাস আৰু বিনন্দ কুমাৰ শইকীয়াও উপস্থিত থাকে ৷

ৰাজ্য চৰকাৰে মঙলদৈত প্রায় ৮০ কোটি টকা পথ আৰু দলং নির্মাণৰ বাবে আবণ্টন কৰাত স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে কৃতজ্ঞতা জ্ঞাপন কৰি মঙলদৈত চিকিৎসা বা কাৰিকৰী শিক্ষা প্রতিষ্ঠান স্থাপনৰ বিষয়টো বিত্তমন্ত্রী ড০ শর্মাৰ দৃষ্টিগোচৰ কৰে ৷ তেওঁ মঙলদৈৰ মইৰাপট্টি দলঙৰ বাবে ৭ কোটি, ভেবাৰঘাট আৰু হলৌচৌকা সংযোগী পথ নির্মাণৰ বাবে ২০ কোটি, আউলাচৌকা–হলৌচৌকা সংযোগী পথৰ বাবে ৫ কোটি, এমপিকে পথৰ মঙলদৈ বামুণপাৰা দীঘিৰপাৰ সংযোগী পথৰ ১০ কিলোমিটাৰ পথ সম্প্রসাৰণৰ বাবে ১০ কোটি আৰু নগৰবাহীত বিগত বর্ষৰ বান ভাঙি যোৱা মথাউৰি ৯ কোটি টকাৰে পুনৰ নির্মাণ কৰিব পৰা যাব বুলি প্রকাশ কৰি বিত্তমন্ত্রী ড০ শর্মাক ধন্যবাদ জনায় ৷ আনহাতে ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই পথৰুঘাটৰ ঐতিহাসিক শ্বহীদ দিৱসৰ দিনটোতে ভূমিপট্টা বিতৰণ অতি তাৎপর্যপূর্ণ বুলি মন্তব্য কৰি তেওঁ ছিপাঝাৰ সমষ্টিৰ কেইবাটাও পথ নির্মাণ হৈ থকাৰ লগতে অনুমোদন লাভ কৰাৰ বাবে বিত্তমন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰে ৷

কার্যসূচীত বিত্তমন্ত্রী ড০ শর্মাই বড়ো শান্তি চুক্তি, অসমীয়া ভাষাৰ সংবর্ধন আৰু শিক্ষা বিভাগত লোৱা বিভিন্ন পদক্ষেপ ব্যাখ্যা কৰি কয় যে অসমীয়া ভাষা লিখিব বা পঢ়িব নোৱাৰাসকলে ২০২১ চনৰ পৰা আৰু চাকৰি পোৱাৰ সম্ভাৱনা নাই ৷ তেওঁ কয় যে বৌদ্ধিক কচৰৎ অবিহনে আৱেগৰ দ্বাৰা চৰকাৰ সলনি কৰিব পাৰি ৷ কিন্তু জাতি সলনি কৰিব নোৱাৰি ৷ তেওঁ আন্দোলনকাৰীৰ নুবুজোঁ, নুশুনো, নোৱাৰোঁ এই নীতিক সমালোচনা কৰি কয় যে আন্দোলনকাৰী পিতৃৰ পুত্রই যদি অসমীয়া ক’ব নোৱাৰে, পঢ়িব নোৱাৰে তেন্তে ৰাজ্যত অসমীয়া ভাষাৰ চর্চা কৰিব কোনে? আন্দোলন কৰিতো অসমীয়া ভাষা জীয়াই ৰাখিব নোৱাৰি ৷ সেয়ে চৰকাৰে অসমীয়া ভাষা লিখিব, ক’ব নোৱাৰাসকলৰ বাবে চৰকাৰী চাকৰিৰ দুৱাৰ বন্ধ কৰি দিব বিচাৰিছে ৷ আনহাতে বাইহাটাৰ পৰা ছিপাঝাৰপর্যন্ত ১৫নং ৰাষ্ট্রীয় ঘাইপথ শীঘ্রে সম্প্রসাৰণৰ কথা সদৰী কৰি তেওঁ কয় যে উত্তৰ গুৱাহাটী আৰু ফাঁচীবজাৰ সংযোগী দলঙৰ কাম আগন্তুক এমাহৰ ভিতৰত আৰম্ভ হ’ব ৷ দলংখন নির্মাণ হৈ উঠিলে মঙলদৈৰ মানুহে ৩০ মিনিটত গুৱাহাটীলৈ যাব পাৰিব৷ ২ সহস্রাধিক লোক উপস্থিত থকা সভাত বিত্তমন্ত্রী ড০ শর্মাই ৮জনলৈ প্রতীকী অর্থত পট্টা বিতৰণ কৰি ভূমিপট্টা প্রদান পর্ব আৰম্ভ কৰে ৷

You might also like