নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰৰ মুখৰ ভাত কাঢ়িছে কোনে? ১,০০০ টকা হাতত দি ফটো তুলি পুনৰ ঘূৰাই লৈছে ধন!

নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ক’ৰনা ভাইৰাছৰ আতংকৰ সময়তে ৰাজ্যৰ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আগবঢ়াইছে ১হাজাৰ টকাকৈ কিন্তু এই ধনৰ পৰাও বাদ পৰিছে একাংশ দৰিদ্ৰ জনতা আৰু বিনামূলীয়া চাউলো সঠিককৈ পোৱা নাই বহু লোকে। সোণাৰি পঞ্চায়তত দৰিদ্ৰ হিতাধিকাৰীৰ বাবে অহা ধন আত্মসাত কৰিছে মধ্যভোগী দালালে। ১০০০ টকাৰ বিপৰীতে ২কেজি চাউল, মিঠাতেল আৰু আলু দিয়েই দায়িত্ব সামৰিছে পঞ্চায়তৰ প্ৰতিনিধিয়ে। ৰঙিয়াতো ধনৰ দিয়াৰ নামত ব্যাপক কেলেংকাৰী। হিতাধিকাৰীৰ হাতত ১০০০টকাকৈ দি ফটো উঠি পুনৰ ঘূৰাই লৈ গৈছে ধন। ১০০০টকাৰ বিপৰীতে দৰিদ্ৰ জনতাই পাইছে ৫০০টকা। এনে সংকটৰ সময়তে এই স্বাৰ্থলোভী মধ্যভোগী দালালসকলৰ বাবে অতিষ্ঠ হৈ পৰিছে জনতা।

You might also like