ধনশিৰিত ডি এন এল এফৰ সদস্যৰ আত্মসমৰ্পন
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ দীৰ্ঘ দিনে কাৰ্বি-পাহাৰ আৰু ডিমা হাচাও জিলাত বিভিন্ন কূটাঘাতমূলক কাৰ্যৰে আৰক্ষী প্ৰশাসনক অশান্তিত পেলোৱা ডি এন এল এফৰ আজি ৬৭ জন কেডাৰে মূলসূঁতিলৈ উভতি আহে । সংগঠনটোৰ সভাপতি ইতিকা ডিফুছাৰ নেতৃত্বত উভতি অহা আত্মসমৰ্পনকাৰী অনুষ্ঠানত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ নাথ, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ উপৰি স্বায়ত্ত পৰিষদৰ সদস্যসকল উপস্থিত থাকে। তিনি পাৰ্বত্য জিলাত ডি এন এলৰ আত্মসমৰ্পনৰ পিছত বিদ্ৰোহী সমস্যা সমাধান হ’ল বুলি আৰক্ষী প্ৰশাসনে দাবী কৰিছে যদিও শেহতীয়াকৈ ডিএন এল ফে সামাজিক মাধ্যমত একাংশ কেডাৰে এতিয়াও বিদ্ৰোহ অব্যাহত ৰাখিব বুলি কৰা ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিব ।