নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্ণা–ধর্মঘট কৰিলেই সমস্যাৰ সমাধান নহয়ঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ‘কেব’বিৰোধী আন্দোলনকাৰীৰ প্রতি আক্রমণাত্মক হৈ পৰিল বিত্ত, স্বাস্থ্য, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৷ মন্ত্রী ড০ শর্মাই ‘কেব’বিৰোধী আন্দোলনক তীব্র কটাক্ষ কৰি কয় যে সদায় জুই জ্বলাই জোঁৰ লৈ প্রতিবাদ কৰিলে অসমত কোনেও বিনিয়োগ কৰাৰ আগ্রহ প্রকাশ নকৰিব ৷ বাতৰিকাকতৰ সম্পাদকক জোঁৰ লৈ প্রতিবাদ কৰা উদ্যোগপতিয়ে দেখিলে কিয় বিনিয়োগ কৰিব ? উদ্যোগ স্থাপন নহ’লে ৰাজ্যৰ নিবনুৱা সমস্যা কেনেদৰে সমাধান হ’ব ? তেওঁ আৰু কয় যে ৫ লাখ মানুহে অসমৰ ভাষা–সংস্কৃতি ধ্বংস কৰিব নোৱাৰে ৷ ৫ লাখ দুর্ভগীয়াই সকলো বাদ দি অসমলৈ আহিছে ৷ অসমীয়াৰ সৈতে জীণ যাবলৈ আগবাঢ়িছে ৷ সেইসকল লোকে অসমীয়া ছোৱালী, ধর্ষণ, সত্রৰ মাটি বেদখল, আমাৰ জীৱনৰ প্রতি ভাবুকি অনা নাই ৷ তেওঁলোকৰ ভিতৰৰ পৰা এনে এজন লোক দেখুৱাই দিয়ক, যিয়ে বটদ্রৱা, মইনবড়ি সত্রৰ মাটি বেদখল কৰিছে ? ৫ লাখ মানুহৰ বিৰুদ্ধে হাতত জোঁৰ লৈ সংগ্রাম চলাই অহাসকলক তীব্র কটাক্ষ কৰি মন্ত্রী ড০ শর্মাই কয় যে ত্রুটিপূর্ণ  চূড়ান্ত এন আৰ চিখনত যেতিয়া লাখ লাখ বিদেশীৰ নাম সন্নিৱিষ্ট হ’ল, তাৰ প্রতিবাদ জনাবলৈ সেইসকল লোকে হাতত জোঁৰ লৈ ওলাই নাহিল ৷ বর্তমানৰ এন আৰ চিখন বাতিল কৰি ভাল এখন এন আৰ চি লাগিব বুলি কোৱা নাই ৷ অমিত শ্বাহৰে হোৱা আলোচনাত বিদেশীৰ নামমুক্ত শুদ্ধ এন আৰ চি এখন লাগে বুলি কোনেও দাবী কৰা নাই ৷ এন আৰ চিখন নতুনকৈ কৰাৰ বাবে তেওঁলোকে সংগ্রাম কৰক ৷ ৫ লাখ দুর্ভগীয়া পীড়িতৰ বিৰুদ্ধে যুঁজ–বাগৰ কৰি লাভ নাই৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে যোৱা চাৰিটা বছৰত ৰাজ্যখনত নতুন কর্মযজ্ঞ আৰম্ভ হৈছে ৷ কিন্তু এই সুন্দৰ বাতাৱৰণ নষ্ট কৰাৰ বাবে এচামে চেষ্টা চলাই আছে ৷ এতিয়া অসমৰ মানুহে বন্দুকৰ কথা আলোচনা নকৰে, বন্ধ–ধর্ণা–ধর্মঘট্ কথা আলোচনা নকৰে ৷ এতিয়া অসমৰ মানুহে আন ৰাজ্যৰ দৰে শিক্ষা, স্বাস্থ্য, ৰাস্তা–ঘাট আদি উন্নয়নৰ কথা পাতে ৷

You might also like