নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ ৰাজ্যৰ ট্রাইবেল বেল্ট আৰু ব্লকসমূহৰ ভূমি ব্যাপক হাৰত বেদখল হোৱাৰ সমান্তৰালকৈ একাংশ জনজাতীয় গাঁৱত ধর্মীয় সংখ্যালঘু লোকে নির্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে ৷ জনজাতীয় লোকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ বাবে শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ কেন্দ্রত অনুষ্ঠিত কৰা এখন অভিৱর্তনত সমন্বয়ৰক্ষী সমিতিয়ে এই গুৰুত্বপূর্ণ বিষয়ক লৈ উদ্বেগ প্রকাশ কৰিছে ৷ অভিৱর্তনৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে সদৰী কৰা অনুসৰি, মানকাচৰ আৰু দক্ষিণ শালমাৰাত ধর্মীয় সংখ্যালঘু লোকৰ নির্যাতনত ৯খন গাঁৱৰ জনজাতীয় লোকে আন স্থানত বাস কৰিবলগীয়া হৈছে ৷ ভূমিপুত্র হৈও এনেদৰে নিজৰ জন্মস্থানৰ পৰা আঁতৰি যাবলগীয়া হোৱা ঘটনাক দুর্ভাগ্যজনক আখ্যা দি তেওঁ কয়– ‘মানকাচৰ আৰু দক্ষিণ শালমাৰাৰ গাঁও ক্রমে হৰিণমাৰা, কুমাৰঘাটী, ছটিভূই, সূতামাৰী, আখলকোণা, ভেৰভেৰী, ৰক্ষানগ্রী, নীলঠাবাৰী আৰু দমদমাৰ ৫ সহস্রাধিক গাৰো লোকে ধর্মীয় সংখ্যালঘুৰ নির্যাতনত আন স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে ৷ বিগত কেইবাবছৰ ধৰি এই সংখ্যালঘু লোকসকলে গাঁওকেইখনৰ গৰু–ছাগলী চুৰি কৰা, নিশা ডকাইতি কৰাৰ লগতে জীয়ৰী–বোৱাৰীকো বেয়া চকুৰে চাই আহিছে ৷ পৰিকল্পিতভাৱে এই গাঁওসমূহত কৰি অহা আক্রমণৰ বাবে ভূমিপুত্রসকলে মেঘালয় আৰু আন স্থানত আশ্রয় ল’বলগীয়া হৈছে ৷ তদুপৰি উছলভঙা, ছমৰাছালীকে ধৰি আন কেইবাখনো গাঁৱৰ হাজং লোকসকলৰো একেই অৱস্থা ৷ এই লোকসকলে জনজাতীয় গাঁওসমূহ চাৰিওফালৰ পৰা আগুৰি ধৰাৰ লগতে পাহাৰৰ টিলা, জলাশয় আদি দখল কৰিছে৷’ সেয়েহে এই লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রত্যক্ষ হস্তক্ষেপ দাবী কৰিছে সমন্বয়ৰক্ষী সমিতিয়ে ৷
একেদৰে শুকুৰবাৰে অনুষ্ঠিত অভিৱর্তনখনত আন কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰা হয় ৷ সেই অনুসৰি সদ্যসম্পাদিত বি টি আৰ শান্তি চুক্তিক উষ্ম আদৰণি জনাই চুক্তিৰ প্রতিটো দফা নির্দিষ্ট সময়ৰ ভিতৰত কার্যকৰী ৰূপ দিবলৈ অভিৱর্তনে দাবী উত্থাপন কৰে ৷ ৰাজ্য চৰকাৰে এক লাখ লোকক ভূমি পট্টা প্রদান কৰিবলৈ লোৱা সিদ্ধান্ত সন্দর্ভত সংবাদ মেলত খাখলাৰীয়ে কয়– ‘এই এক লাখ লোকৰ ভিতৰত ৮০ শতাংশ জনজাতীয় লোক সামৰি ল’ব লাগে৷ ৰাজ্য চৰকাৰে প্রস্তুত কৰা নতুন ভূমি নীতিত ট্রাইবেল বেল্ট আৰু ব্লকৰ ভূমি অবৈধভাৱে হস্তান্তৰ কৰা বিষয়া–কর্মচাৰীক জবাবদিহি কৰা বিধি সন্নিৱিষ্ট কৰাৰ লগতে জনজাতিৰ ভূমি নামজাৰি কৰাৰ ক্ষেত্রত প্রযোজ্য হোৱা মাচুলৰ ৮০ শতাংশ ৰেহাই দিব লাগে ৷ সমান্তৰালভাৱে বি টি আৰৰ বাহিৰত বসবাস কৰা বড়ো, কছাৰী, হাজং, মেছ, শৰণীয়া কছাৰী আৰু মদাহি জনজাতিৰ বাবে কার্যক্ষম স্বায়ত্তশাসিত পৰিষদ গঠন কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছো৷ মিচিং, তিৱা, ৰাভা, সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মর্যাদা প্রদান কৰিব লাগে ৷’
আনহাতে, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি তেওঁ বিভিন্ন বিভাগত খালী হৈ থকা বেকলগ পদসমূহ পূৰণ কৰিবলৈ দাবী উত্থাপন কৰে৷ জনজাতীয় লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী, মুখ্যমন্ত্রীৰ উপস্থিতিত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ খাখলাৰীয়ে দাবী জনায়৷ উল্লেখ্য যে বি টি আৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী হোৱা সত্ত্বেও বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে কৰি অহা বিভিন্ন মন্তব্য সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি খাখলাৰীয়ে কয়– ‘হাগ্রামা মহিলাৰীৰ সেয়া ব্যক্তিগত মতামত৷ নিজে স্বাক্ষৰ কৰা চুক্তি নামানো বুলি কোৱাটো তেওঁৰ ৰাজনৈতিক বত্তৃণতাহে৷’ আজিৰ অভিৱর্তনখনত বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মোমিন, তিৱা স্বায়ত্তশাসিত পৰিষদৰ উপ–মুখ্য কার্যবাহী সদস্য মোহন সেনাপতিসহ সমন্বয়ৰক্ষী সমিতিৰ সদস্য সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকে ৷