ধুবুৰীত বাংলাদেশী কর্মচাৰীক দিনে দুবাৰকৈ পৰীক্ষা
নিয়মীয়া বার্তা ১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে ধুবুৰীৰ জাহাজঘাটত বাহৰ পাতি থকা ১২ গৰাকীকৈ বাংলাদেশী নাগৰিকৰ প্রতিদিনে দুবাৰকৈ কৰা হৈছে স্বাস্থ্য পৰীক্ষাৰ বিশেষ ব্যৱস্থা হাতত লৈছে ধুবুৰীস্থ স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে, প্রায় এসপ্তাহমান বাংলাদেশৰ পৰা তিনিখনকৈ মালবাহী ইঞ্জিন বোট লৈ ধুবুৰীস্থ জাহাজঘাটত উপস্থিত হৈছে ১২ গৰাকীকৈ বাংলাদেশী নাগৰিক৷ ধুবুৰীৰ পৰা শিল আমদানি কৰাৰ বাবে উপস্থিত হোৱা সেই বাংলাদেশী নাগৰিককেইগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা বিশেষ ব্যৱস্থা লোৱা হৈছে৷ জানিব পৰা মতে চিকিৎসালয়খনৰ ‘ৰেপিড ৰেচপনছ টীম’এটাই বিগত দুদিনৰ পৰা দৈনিক দুবাৰকৈ সেই বাংলাদেশী নাগৰিককেইগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি আছে৷ অৱশ্যে বর্তমানে তেওঁলোকৰ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই৷ উল্লেখ্য যে ধুবুৰীৰ ঝগৰাৰপাৰস্থ অসামৰিক চিকিৎসালয়ত ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ বাবে ইতিমধ্যে চাৰিখন বিছনাসহ এটা বিশেষ কোঠাৰ ব্যৱস্থা কৰা হোৱাৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক ডাঃ ৰফিকুল ইছলামৰ নেতৃত্বত দুগৰাকী নার্ছ, এগৰাকী পেথ’লজিষ্ট আৰু এগৰাকী মাইক্রবায়’লজিষ্টকে ধৰি ছয়জনীয়া এটা ‘ৰেপিড ৰেচপনছ টীম’ গঠন কৰা হৈছে৷