ধুমুহা-শিলাবৃষ্টিত গৃহহীন বৰহোলাৰ বহু পৰিয়ালঃ ক্ষতিপূৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ তিতাবৰ চুতীয়া ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ দেওবাৰৰ সন্ধিয়া অহা এজাক কালৰূপী ধুমুহা-শিলাবৃষ্টিয়ে গৃহহীন কৰিলে বৰহোলাৰ শ শ পৰিয়ালক। দিশহাৰা হৈ পৰা বহু পৰিয়াল বৰ্তমান একাংশ বিদ্যালয়ত আশ্ৰয় ল’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে এইসকল দুৰ্গতক কাষত ইজনৰ পিছত সিজন জনপ্ৰতিনিধি উপস্থিত হৈছেহি যদিও সকলোৱে মাথো একো একোটা আশ্বাস দিয়েই দায়িত্ব সামৰিছে বুলি আজি ভুক্তভোগী ৰাইজে দুখেৰে অৱগত কৰিছে। অধিকাংশ দৰিদ্ৰ জনতাই এতিয়া চৰকাৰক সহায় ভীক্ষা কৰাৰ বাদে আন উপায় যেন নাইকিয়া হৈ পৰিছে। এই দুৰ্গতসকলক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে তিতাবৰ মহকুমা চুতীয়া ছাত্র সন্থাই তিতাবৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা সমীৰ ৰঞ্জন শইকীয়া, তিতাবৰ মহকুমা সমিতিৰ কাৰ্যকৰী সভাপতি বিদ্যুৎ হাজৰিকা, সাধাৰণ সম্পাদক গৌৰৱজ্যোতি নেওগৰ সাক্ষৰিত স্মাৰকপত্ৰখনত সকলো গৃহহীন লোকক পুনঃসস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে নষ্ট হোৱা কৃষিভূমিৰ উচিত ক্ষতিপূৰণ আদায় দি ক্ষতিগ্ৰস্ত ৰাইজে যাতে পুনৰবাৰ এক সুস্থ তথা স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ পৰিবেশলৈ উভতি যাব পাৰে তাৰবাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আনহাতে এই বিষয়টোৰ সন্দৰ্ভত তিতাবৰ মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে মহকুমাধিপতিৰ সৈতে এক আলোচনা জৰিয়তে শীঘ্ৰে কাৰ্যকৰী কৰোৱাৰো প্ৰচেষ্টা চলাইছে।