নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ লকডাউনৰ দুর্যোগৰ সময়ত ভাৰাতীয়াক ঘৰভাৰা ৰেহাই দিয়াৰ বাবে চৰকাৰে জনোৱা আহ্বায়ক আওকাণ কৰি একাংশ মালিকে ভাৰাতীয়াৰ ওপৰত নির্যাতন চলোৱা ঘটনাই নগাঁৱত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে ৷ নগাঁৱৰ এগৰাকী ভাৰাঘৰৰ মালিকে এগৰাকী ষাঠি বছৰ ঊর্ধ্বৰ ভাৰাতীয়া মহিলাক যোৱানিশা প্রহাৰ কৰি ভাৰাঘৰৰ পৰা উলিয়াই দিয়ে ৷ নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ দীপ্তি লিগিৰা নামৰ লোকজনৰ ভাৰাঘৰত ভাৰাতীয়া হিচাপে আছিল টুনটুনী দাস নামৰ বর্ষীয়ান মহিলাগৰাকী ৷ স্বামীহাৰা মহিলাগৰাকীয়ে আনৰ ঘৰত কাম–কাজ কৰি কোনোমতে জীৱিকা–নির্বাহ কৰি আছিল ৷ লকডাউনৰ বাবে এতিয়া ভাৰাঘৰতে আবদ্ধ হৈ আর্থিক সংকটত ভুগিব লগা হৈছে বৃদ্ধা মহিলাগৰাকী ৷
জানিব পৰা মতে, দীপ্তি লিগিৰাই তেওঁৰ ভাৰাঘৰত থকা আন ভাৰাতীয়াকো ভাৰা বিচাৰি মানসিক আৰু শাৰীৰিক নির্যাতন চলাই আহিছে ৷ প্রাপ্ত অভিযোগ অনুসৰি, দীপ্তি লিগিৰা আৰু তেওঁৰ ভতিজা মুন্না লিগিৰাই যোৱানিশা ভাৰা বিচাৰি মহিলাগৰাকীৰ ওপৰত নির্যাতন চলায়৷ দীপ্তি লিগিৰাই এখন প্লাষ্টিকৰ চকীৰে প্রহাৰ কৰে৷ এনে কার্যত বাধা দিয়া আন এগৰাকী ভাৰাতীয়াকো মুন্না লিগিৰাই প্রহাৰ কৰে ৷ এই ঘটনাই এতিয়া নগাঁৱত সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে ৷ একাংশ ভাৰাতীয়াই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে, ভাৰাঘৰৰ মালিক দীপ্তি লিগিৰাই ভাৰাতীয়াৰ পৰা এমাহৰ ভাৰা আগধন হিচাপে লৈছিল ৷ তেওঁলোকে সেই আগধন এইবাৰ ভাৰাত কর্তন কৰিবলৈ কৈছিল যদিও মালিকে মনা নাই ৷
তদুপৰি, এই মাহৰ ভাৰা মে’ মাহৰ পাঁচ তাৰিখে দিব লাগে৷ তাৰ পাছতো মালিকে আগতীয়াকৈ ঘৰ ভাৰা বিচাৰি মানসিক আৰু শাৰীৰিক নির্যাতন চলোৱাৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে৷ এনেদৰে ভাৰাঘৰৰ মালিকে এই দুর্যোগৰ সময়ত ভাৰাতীয়াৰ ওপৰত নির্যাতন চলোৱা ঘটনাই সচেতন মহলক উদ্বিগ্ণ কৰি তুলিছে৷ দুর্যোগৰ সময়ত মানৱতা ভূ–লুণ্ঠিত কৰা এনে লোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে৷ এই ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷ এইক্ষেত্রত আৰক্ষীয়ে কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হ’ব৷