নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ নগাঁও জিলা জলসম্পদ সংমণ্ডলত মথাউৰি নির্মাণৰ নামত সংঘটিত হৈছে ১.২৮ কোটি টকাৰ কেলেংকাৰি ৷ বিগত ২০১৭–১৮ বর্ষত নগাঁও জলসম্পদ সংমণ্ডলে এছ ডি আৰ এফ আঁচনিৰ অধীনত ১.২৮ কোটি টকা ব্যয়ৰে ধিং–শিলঘাট মথাউৰিৰ ১৭৫০ মিটাৰ দৈর্ঘ্যৰ এক অংশৰ নির্মাণৰ বাবে ধন আবণ্টন দিছিল৷ ব্রহ্মপুত্রৰ কাষত শিলঘাটত মথাউৰি নির্মাণৰ বাবে আহ্বান কৰা নিবিদা মর্মে ৬জন ঠিকাদাৰক মথাউৰি নির্মাণৰ সেই কাম আবণ্টন দিয়া হৈছিল৷ উত্থাপিত অভিযোগ মতে, প্রথম অৱস্থাত ঠিকাদাৰসকলে আঁচনিৰ প্রাককলন অনুসৰি কাম আৰম্ভ কৰিছিল যদিও পিছলৈ চৰকাৰী নীতি–নির্দেশনাক ধোঁৱাচাঙত তুলি চূডান্ত মইমতালিৰে কাম কৰিবলৈ লয়৷ বিশেষকৈ কামৰ তদাৰকৰ দায়িত্ব থকা এছ ডি অ’ সুৰজিত ভৰালীৰ দুর্বলতাৰ সুযোগ গ্রহণ কৰে ঠিকাদাৰসকলে৷ ইয়াৰ বিপৰীতে ঠিকাদাৰে ঠিকাৰ কাম সম্পাদন কৰিবলৈ প্রাককলন বিচৰাত বিভাগীয়ভাৱে এই প্রাককলন নিদিয়াৰ বাবে মথাউৰি নির্মাণত ব্যাপক খেলিমেলিৰ সৃষ্টি হয়৷ ৰহস্যজনকভাৱে জ্যেষ্ঠ শাখা বিষয়াক কামত নিয়োজিত নকৰি এছ ডি অ’গৰাকীয়ে নিজৰ পছন্দৰ শাখা বিষয়া সুৰজ শইকীয়াক অকলে ১ কোটি ২৮ লাখ টকাৰ দৰে বৃহৎ কামটো চোৱা–চিতাৰ দায়িত্বত নিয়োজিত কৰে৷ এছ ডি আৰ এফ শিতানত পুঁজি ধার্য হোৱা মথাউৰিটোৰ কাম ঠিকাদাৰসকলে ৰহস্যজনকভাৱে উপ–ঠিকাদাৰৰ দ্বাৰাহে কৰোৱা পৰিলক্ষিত হয়৷ উপ–ঠিকাদাৰৰ দ্বাৰা কাম আৰম্ভ কৰাৰ পিছত এছ ডি অ’জনৰ পৰা কোনো নতুন নির্দেশনা নোপোৱাত এইদৰে মথাউৰি নির্মাণকার্যত চৰম খেলিমেলিৰ সৃষ্টি হ’ল৷ ইয়াৰ মাজতে নির্মাণকার্য সম্পূর্ণ নোহোৱাকৈ তাৎপর্যপূর্ণভাৱে সেই সময়তে কাম সম্পূর্ণ হোৱা বুলি ঘোষণা কৰা হ’ল৷ ইপিনে, মথাউৰিত কলগছ পুতি মথাউৰিৰ নির্দিষ্ট অংশত সবলীকৰণ কৰা কার্য ৰাইজে পোহৰলৈ আনে৷ পিছত নিজৰ ব্যর্থতা ঢ়াক খুওৱাৰ বাবে নগাঁও জলসম্পদ বিভাগে সেই সময়তে জিলা উপায়ুক্তক ঘটনাস্থলীলৈ নিশাৰ ভাগত লৈ যোৱাত মথাউৰি নির্মাণকার্য চলি থকা শিলঘাট অংশত স্থানীয় ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হয়৷ পিছত মথাউৰি নির্মাণস্থলীত কোনো তদন্ত নকৰি জিলা উপায়ুক্ত আঁতৰি আহিবলৈ বাধ্য হয়৷ পৰৱর্তী সময়ত সংশ্লিষ্ট শাখা বিষয়াগৰাকীয়ে নিজকে জলসম্পদ মন্ত্রীৰ ঘনিষ্ঠ বুলি দাবী কৰি তেওঁক একো কৰিব নোৱাৰে বুলি শিলঘাটৰ ৰাইজক ভাবুকি দিয়ে৷ বিষয়টো মন্ত্রী কেশৱ মহন্তৰ কাণত পৰাত এক উচ্চ পর্যায়ৰ তদন্ত কৰে৷ চৰকাৰী নির্দেশ মতে জলসম্পদ বিভাগৰ কিউ চি বিভাগৰ মুখ্য অভিযন্তাই সেই তদন্ত আৰম্ভ কৰে৷ তদন্তত মথাউৰি নির্মাণত কলগছ ব্যৱহাৰ হোৱাটো উদ্ঘাটন কৰে৷ লগতে ঠিকাদাৰে কাম কৰাৰ সময়ত এছ ডি অ’, শাখা বিষয়াজনে কর্তব্যত হেলা কৰাটোও ধৰা পেলায়৷ তদন্তৰ সময়ত নগাঁও জলসম্পদ বিভাগে পূর্ণ সহযোগ নকৰাৰো অভিযোগ উঠে৷ এনেদৰে মথাউৰি নির্মাণৰ কেলেংকাৰি পোহৰলৈ অহাৰ পিছত তদন্তৰ প্রতিবেদন প্রায় ডেৰ বছৰ কাল গাপ দি ৰখাৰ পিছত শেহতীয়াকৈ নগাঁও জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা কার্যালয়ে গোপনে ১ কোটি ২৮ লাখ টকাৰ বিল প্রস্তুত কৰি তুলিছে৷ কর্তব্যত গাফিলতি কৰা, মথাউৰি নির্মাণৰ নামত কেলেংকাৰি সংঘটিত কৰাসকলৰ বিৰুদ্ধে বিভাগীয়ভাৱে কোনো ব্যৱস্থা নোহোৱাত প্রতিক্রিয়াশীল চক্রটোৱে চাতুর্যৰে হৰলুকী কৰিব বিচাৰিছে এই বৃহৎ পৰিমাণৰ ধন৷ আনফালে, নগাঁও জলসম্পদ চক্রৰ অধীক্ষক অভিযন্তা আৰু নগাঁও সংমণ্ডলৰ কার্যবাহী অভিযন্তা দুজনে এছ ডি অ’ আৰু শাখা বিষয়া দুজনৰ এনে কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি ৰহস্যজনক ভূমিকাহে গ্রহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ অকল ইমানেই নহয়, নগাঁও জলসম্পদ বিভাগৰ অন্তর্গত নগাঁও আৰু ৰহা উপ–সংমণ্ডলৰ অধীনত থকা ধিং–শিলঘাট, কলং–কপিলী, যমুনা ছীট আদি এলেকাৰ বিভিন্ন স্থানত মথাউৰি মেৰামতিৰ লগতে বানপানীৰ সময়ত স্থানীয় লোকৰ দ্বাৰা পহৰাৰ নামত ভুৱা বিল প্রস্তুত কৰি ইতিমধ্যে কেইবা লক্ষ টকা মোকলাই দিয়াৰ বাবে ‘ডিমাণ্ড’ প্রেৰণ কৰাৰ প্রস্তুতি চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷