নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ নগাঁও চহৰৰ খুটিকটীয়া ৰেডি’ চেণ্টাৰৰ ওচৰত বৃহস্পতিবাৰে সংঘটিত হয় লোমহর্ষক হত্যাকাণ্ড ৷ হয়বৰগাঁও আৰক্ষী সূত্র মতে, ৰেডি’ চেণ্টাৰৰ ওচৰত বাঁহৰ মূঢ়া উঠোৱা কামত নিয়োজিত এগৰাকী মহিলা শ্রমিকক কাম কৰি থকা অৱস্থাতে এজন লোকে নৃশংসভাৱে হত্যা কৰে ৷ জীৱিকাৰ তাড়নাত পশ্চিম কাৱৈমাৰীৰ আবেদা খাতুন (৩৫) নামৰ মহিলা শ্রমিকগৰাকীয়ে বৰভেটিৰ আব্দুল মান্নান নামৰ লোকজনৰ তলত শ্রমিক হিচাপে কাম কৰিছিল ৷ কাম কৰি থকা অৱস্থাতে সন্ধিয়া দুয়োৰে মাজত মজুৰিৰ পৰিমাণক কেন্দ্র কৰি তর্ক–বিতর্ক হয় ৷ তর্ক চলি থকাৰ মাজতেই মহিলাগৰাকীক কুঠাৰেৰে পাঁচ ঘাপ মাৰি নৃশংসভাৱে হত্যা কৰে আব্দুলে ৷ এই হত্যাকাণ্ডই সমগ্র নগাঁও চহৰত চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ঘটনা সংঘটিত কৰিয়েই আব্দুল মান্নানে পলায়ন কৰে ৷ আৰক্ষীয়ে নগাঁও সদৰ থানাত ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও পলাতক আব্দুল মান্নানক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷