নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাবস্তিত কাম কৰিবলৈ যোৱা অসমীয়াক নগাৰ নির্মম প্রহাৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰাৰ সময়তে অসমীয়াৰ ওপৰত নগাই অত্যাচাৰ আৰম্ভ কৰিছে । অসম-নাগালেণ্ড সীমান্তৱৰ্তী নগাৱস্তিত কাম কৰিবলৈ যোৱা অসমৰ লোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে নগাই । প্ৰাণৰ ভয়ত পলাই আহি কোনোমতে নাগিনীজানত উপস্থিত হোৱা একাংশ লোকক লৈ এতিয়া সীমান্তৱর্তী অঞ্চলত তীব্র চাঞ্চল্য আৰু প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে অসম–নালাগেণ্ড সীমান্তৱর্তী চেয়াৰমেন নামৰ এখন নগাবস্তিত থকা এটা কাঠফলা উদ্যোগত কাম কৰিবলৈ যোৱা অসমৰ লোকৰ ওপৰত একাংশ নগাই নির্মম অত্যাচাৰ চলায়৷ এই ঘটনাত প্রায় পাঁচজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন দুজন ব্যক্তি বর্তমানেও আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে৷ এই সন্দর্ভত জানিব পৰা মতে, চেয়াৰমেন বস্তিৰ মার্চা নামৰ এজন নগা লোকৰ মাটিত বাব্লী সিং নামৰ এজন ব্যৱসায়ীয়ে স্থাপন কৰা প্লাইউড ফেক্টৰীত এই ঘটনা সংঘটিত হয়৷ কালি বিয়লি কাৰখানাটোৰ কেইজনমান শ্রমিকে নগাবস্তিৰে পাৰ হৈ যাওঁতে শ্রমিককেইজনে হাঁহি–ধেমালি কৰি গৈছিল৷ সন্দেহ কৰা মতে, ইয়াৰ বাবেই নগাবস্তিখনৰ একাংশ লোক খর্গহস্ত হৈ পৰে আৰু কাৰখানাটোলৈ গৈ শ্রমিকসকলক এফালৰ পৰা প্রহাৰ কৰি যায়৷ নিশা প্রায় ৭ বজাৰ পৰা এই সন্ত্রাস আৰম্ভ হয়৷ বস্তিখনৰ চেয়াৰমেন আৰু গাঁওবুঢ়াই আজি পুৱাই কাৰখানাটোৰ চেনিৰাম চুতীয়া নামৰ লোকজনক মাতি আনি সকলো কথা বাদ দিবলৈ কয় আৰু পুনৰ আগৰ দৰেই কাম কৰিবলৈ আহ্বান জনায়৷ সেইমতেই কাৰখানাটোৰ কাম–কাজ আৰম্ভ হৈছিল যদিও দুপৰীয়া নগাৰ দল এটাই দুজন অন্য লোকক নি কাৰখানাটোত সোমায় আৰু সকলোৰে সন্মুখতে লোক দুজনক অতি বেয়াকৈ মাৰধৰ কৰে৷ সন্দেহ কৰা মতে, উক্ত লোক দুজন লেপ–তুলী বনোৱা লোক৷ ক’ৰ পৰা কেনেকৈ সেই দুজনক ধৰি নিলে তাৰ কোনো তথ্য পোৱা নাই৷ আনহাতে, উন্মত্ত হৈ পৰা নগাৰ দলটোৱে আগৰাতি প্রহাৰ কৰা শ্রমিকসকলকো পুনৰ মাৰধৰ কৰে৷ ইয়াৰে ৰজাবাহৰৰ কৃষ্ণ চুতীয়া, ফুলবাৰীৰ সুখন, যোগেন গগৈ, দুলু আৰু ফুলবাৰীৰে ছেকেণ্ড নামৰ লোককেইজন নির্মম প্রহাৰৰ সন্মুখীন হয়৷ উল্লেখ্য যে কাৰখানাটোত মুঠতে ১১জন শ্রমিক আছিল৷ ইয়াৰ পাছতেই আটাইকেইজন শ্রমিকে পলায়ন কৰে যদিও লেপ–তুলী বনোৱা বুলি সন্দেহ কৰা লোক দুজনক নগাই বর্তমানলৈকে আবদ্ধ কৰি থৈছে৷ পাহাৰে পাহাৰে, হাবিয়ে হাবিয়ে পলাই আহি শ্রমিককেইজন নাগিনীজান বজাৰত উপস্থিত হয়হি৷ ইয়াৰ পাছতেই সমগ্র ঘটনা পোহৰলৈ আহে৷ দেবেৰাপাৰ আৰক্ষী চকীত ঘটনা সম্পর্কে অৱগত কৰা হয় যদিও আৰক্ষী যথেষ্ট পলমকৈ ঘটনাস্থলীত উপস্থিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ আৰক্ষীয়ে আঘাতপ্রাপ্ত লোককেইজনক চিকিৎসাৰ বাবে নকছাৰীলৈ লৈ যায়৷ ইয়াৰ পাছতেই নগা আৰক্ষীৰ এটা দল নাগিনীজানত উপস্থিত হৈ ঘটনাৰ বুজ লয় যদিও বর্তমানলৈকে সন্ধানহীন হৈ থকা লোক দুজনক উদ্ধাৰ কৰিব পৰা নাই৷ লোক দুজনৰ এজন গোৱালপাৰা আৰু এজন বঙাইগাঁৱৰ বুলি জানিব পৰা গৈছে৷ এই ঘটনাই স্বাভাৱিকতে অঞ্চলটোত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সদৌ অসম আদিবাসী ছাত্র সন্থা, চমুকৈ আছাৰ যোৰহাট জিলা সমিতি আৰু নাগিনীজান প্রাথমিক গোটে ঘটনাৰ তীব্র নিন্দা কৰিছে আৰু উচিত বিচাৰৰ দাবী জনাইছে৷ আনহাতে, আবদ্ধ কৰি ৰখা লোক দুজনক শীঘ্রেই উদ্ধাৰ কৰিবলৈ দাবী জনাইছে৷

You might also like