নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাজনৈতিক দলঃ NDFB ৰ চাৰিওটা গোটৰ গোপন বৈঠক

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ একত্ৰীকৰণৰ পূৰ্বে চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত এক গোপন বৈঠকত মিলিত হয় এনডিএফবিৰ চাৰিওটা গোটৰ নেতৃবৰ্গ । চৰ্চিত হৈ থকা নতুন ৰাজনৈতিক দল সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হয় । বিটিআৰত যিহেতু দুটাকৈ ৰাজনৈতিক দল আছে তেনেক্ষেত্ৰত আৰু এটা ৰাজনৈতিক দল গঠন সন্দৰ্ভত বৰ্তমানলৈকে সিদ্ধান্ত উপনীত হ’ব পৰা নাই এনডিএফবি নেতৃত্ব ।

উল্লেখ্য যে, এই বৈঠকত আগন্তুক বিটিচি নিৰ্বাচনত চৰকাৰ পৰিৱৰ্তন আৰু বিটিআৰৰ সম্প্ৰসাৰণৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সৈতে সমিল-মিলেৰে আগবাঢ়ি যোৱাৰ কথাও আলোচনা কৰা হয় । ইফালে, আজিৰ পৰা হ’ব লগা এবছুৰ অধিৱেশনত বৃহস্পতিবাৰে এনডিএফবিৰ চাৰিওটা গোটৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰিব ।

You might also like