নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ এনডিএফবিৰ চাৰিওটা গোটৰ সন্মিলিত প্ৰচেষ্টাত গঠন হ’বলগা নতুন ৰাজনৈতিক দল সম্পৰ্কত সোমবাৰে নিজৰ মত ব্যক্ত কৰে এনডিএফবি(এছ) ৰ সাধাৰণ সম্পাদক বি ফেৰেংগাই । ১২ অথবা ১৩ তাৰিখে সন্মিলনৰ বাবে কোনোধৰণৰ তাৰিখ স্থিৰ কৰা নাই বুলি উল্লেখ কৰে ফেৰেংগাই ।
নতুন ৰাজনৈতিক দল গঠন সম্পৰ্কতো ফেৰেংগাওৱে অজ্ঞতা প্ৰকাশ কৰি বৰ্তমানলৈকে এই ধৰণৰ কোনো কথা আলোচনা হোৱা নাই বুলি উল্লেখ কৰে । যদি চাৰিওটা গোটে এই সম্পৰ্কত আলোচনা কৰাৰ কথা ভাবিছে অথবা দল গঠন কৰিব তেন্তে এজন সাধাৰণ সম্পাদক হিচাপে এই বিষয়ে মোলৈ কোনো প্ৰস্তাৱ অহা নাই বুলি কয় ফেৰেংগাই । নতুন ৰাজনৈতিক দল সময় আৰু ৰাইজৰ আহ্বানৰ ওপৰত নিৰ্ভৰশীল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এনডিএফবি নেতাগৰাকীয়ে ।