নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাজনৈতিক দল হ’লে আমি যোগাত্মক ভাৱে মোকাবিলা কৰিমঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কাইলৈ বিজেপিৰ বুথ কৰ্মীৰ সভা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ কাইলৈ অৰ্থাৎ শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বিজেপিৰ বুথ কৰ্মীৰ সভা। প্ৰতিখন জিলাৰ বিজেপিৰ কৰ্মীসকল সমবেত হ’ব এই সভাত। প্ৰায় ৭০ৰ পৰা ৯০ হাজাৰ বিজেপি কৰ্মী সমবেত হোৱাৰ দাবী ৰাজ্যিক বিজেপিৰ। সভাত উপস্থিত থাকিব জে পি নাড্ডা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতা কৰ্মীসকল। আনহাতে সভাৰ স্থান পৰিদৰ্শন কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে  অহা ৭ জানুৱাৰীত বিশ্বনাথ চাৰিআলিত হ’ব বিকাশ সমদল আৰু আৰু এই বিকাশ সমদলত অংশ ল’ব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ধেমাজিতো ১ লাখ লোকৰ সমাগমৰে হ’ব ঐক্য সমদল। CAA সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ দুৱাৰডলিত CAA। ২২ জানুৱাৰীত শুনানি গ্ৰহণ কৰাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিব ন্যায়ালয়ে। যদি আমি আইন প্ৰণয়ণ কৰাত ভুল কৰিছো এই সন্দৰ্ভতো ন্যায়ালয়ে সিদ্ধান্ত ল’ব। বিকল্প ৰাজনৈতিক দলৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে CAA আন্দোলনে ৰাজনৈতিক ৰূপ লৈছে তাৰ মানে এই আন্দোলনৰ আৰঁৰ ৰাজনৈতিক উদ্দেশ্য আছে সঁচাকৈয়ে ৰাজনৈতিক দল হয় আমি বিজেপি দলে যোগাত্মক ভাৱে মোকাবিলা কৰিম।