নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নবোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কেন্দুকোণাত উত্তেজনা

হত্যাৰ অভিযোগত স্বামীক আটক

নিয়মীয়া বার্তা, ১৯ ডিচেম্বৰঃ কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তর্গত কেন্দুকোনা বামুণগাঁৱত মঙলবাৰে এগৰাকী নৱবিবাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্থাপিত অভিযোগ অনুসৰি বামুণগাঁও হিকনাতোলা চুবাৰ হকিবুল হকে একে গাঁৱৰে বাহৰুল ইছলামৰ কন্যা চুমি বেগমক যোৱা ১৩ ছেপ্টেম্বৰত সামাজিকভাৱে বিবাহ কৰাইছিল ৷ উত্থাপিত অভিযোগ মতে হকিবুল হক ওৰফে ভাইটিয়ে বিবাহৰ পিছৰে পৰা পত্নীক যৌতুকৰ বাবে নানা নির্যাতন চলাই আহিছিল ৷

মঙলবাৰে ভাইটিয়ে পত্নীক হত্যা কৰি বিছনাত শুৱাই থোৱাৰ অভিযোগ তুলিছে চুমি বেগমৰ মাতৃগৃহৰ পৰিয়ালে ৷ চুমিৰ মাতৃ–পিতৃয়ে কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ কমলপুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ঘটনাৰ তদন্ত চলায় ৷ চুমি বেগমৰ স্বামী হকিবুল ওৰফে ভাইটিয়ে পত্নীয়ে চিপ লৈ আত্মহত্যা কৰা বুলি আৰক্ষীৰ আগত দাবী কৰে ৷

কিন্তু আৰক্ষীৰ প্রাথমিক তদন্তত আত্মহত্যাৰ কোনো তথ্য প্রমাণ লাভ নকৰাত স্বামী হকিবুল হকক গ্রেপ্তাৰ কৰে ৷ ইফালে বুধবাৰে চুমি বেগমৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানাজাৰ বাবে অনাৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্বামী পৰিয়ালক মৃতদেহ চমজাই নিদি চুমি বেগমৰ পৰিয়ালে হকিবুলক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰে ৷ কমলপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৰ ৩০৪ নং ধাৰাত ৩০৩ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত হকিবুল হকক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

You might also like