নিয়মীয়া বার্তা, ১ মেঃ লকডাউনৰ মাজতে বৃহস্পতিবাৰে নাওবৈচাৰ পাণধোৱাৰ এটা মছজিদত একাংশ লোক সমাগম হোৱাক কেন্দ্র কৰি সৃষ্টি হয় তীব্র চাঞ্চল্য ৷ আৰক্ষীয়ে সমৱেত হোৱা এই লোকসকলৰ বিৰুদ্ধে কার্যব্যৱস্থা হাতত লোৱাৰ সময়তে একাংশই আৰক্ষীক আক্রমণ কৰে ৷ ঘটনাত এজন আৰক্ষী বিষয়া আৰু দুজন নিৰাপত্তা বাহিনীৰ জোৱান গুৰুতৰভাৱে আহত হয় ৷ আক্রমণকাৰীয়ে শিল দলিয়াই আৰক্ষীৰ বলেৰ’ এখনৰো ক্ষতি কৰে ৷ ঘটনাৰ বিৱৰণী মতে, বৃহস্পতিবাৰে সন্ধিয়া পাণধোৱাৰ মছজিদত সন্ধিয়া ইফতাৰৰ পিছতে নামাজ পঢ়িবলৈ একাংশ লোক সমৱেত হৈছিল ৷ এই কথা গম পাই স্থানীয় গাঁওবুঢ়াই আৰক্ষীক খবৰ দিয়াত ততালিকে নাওবৈচা আৰক্ষী চকীৰ বিষয়া বিশ্বজিৎ নাথে এটা আৰক্ষীৰ দল লৈ অভিযান চলায় ৷ অৱশ্যে সমৱেত লোককেইজনে আৰক্ষী অহাৰ উমান পায়েই পলাই যায় ৷ ফলত আৰক্ষীয়ে মছজিদটোৰ ইমামৰ বিৰুদ্ধে লকডাউন ভংগ কৰাৰ অভিযোগত এটা গোচৰ তৰাৰ প্রস্তুতি চলাওঁতে পলাই যোৱা ৮জন লোকে আৰক্ষীৰ ওপৰত শিল, ইটা দলিয়াই আক্রমণ চলায় ৷ লোককেইজনে আৰক্ষীৰ ওপৰত শিলগুটি দলিওৱাৰ ফলত ভাৰপ্রাপ্ত বিষয়া বিশ্বজিৎ নাথ আৰু নিৰাপত্তা বাহিনীৰ দুজন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ লগতে আৰক্ষীৰ গাড়ীৰো যথেষ্ট ক্ষতি হয় ৷ আহতসকলক ততালিকে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় ৷ ঘটনাৰ লগে লগে অর্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও দুর্বৃত্তৰ দলটোৱে পলাই যায়৷ আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই সোধা–পোছাৰ বাবে কেইবাজনো লোকক আটক কৰিছে ৷