নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত মাইক্র’ফাইনেন্সৰ ভয়ত ঘৰ এৰি পলায়ন চকীমুখ পহুচিঙৰ পৰিয়ালৰ

নিয়মীয়া বার্তা, নাজিৰা ২২ নৱেম্বৰঃ নাজিৰা আদর্শ থানাৰ সমীপৰে মলা গাঁৱত সংঘটিত মাইক্র’ফাইনেন্স কোম্পানী তথা বন্ধন বেংকৰ গোটৰ মহিলাৰ দ্বাৰা সতীর্থ এগৰাকী মহিলাৰ ঘৰৰ টিনপাত খোলাৰ উপৰি ঘৰৰ বয়–বস্তুকে ধৰি অন্যান্য সা–সামগ্রী হস্তগত কৰি মানৱতা উলংঘনৰ ঘটনাই সমগ্র অসমকে জোকাৰি থকাৰ সময়তে পুনৰ আন এক ঘটনা পোহৰলৈ আহিছে নাজিৰাৰ চকীমুখ পহুচিং অঞ্চলত৷ বন্ধন বেংকৰ গোটৰ ঋণৰ কিস্তি পৰিশোধৰ বাবত সামগ্রীসমূহ এপদ এপদকৈ নি সর্বস্বান্ত কৰাৰ পৰিস্থিতি গোটৰ মহিলাৰ দ্বাৰাই সংঘটিত হৈছে এই ঘটনা৷

এনে নিদাৰুণ ঘটনাৰ পিছতো নাজিৰা মহকুমা তথা শিৱসাগৰ জিলাৰ আৰক্ষী আৰু অসামৰিক প্রশাসন কর্তৃপক্ষই নিমাতে ৰোৱাৰ পিছত অসমৰ ভিন্ন প্রান্তত নাৰীৰ মৌলিক অধিকাৰৰ পক্ষত কাম কৰা সংগঠনসমূহে নাজিৰাত পদার্পণ কৰি ৰাজহুৱা সভাৰ জৰিয়তে সজাগতা গঢ়াৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ মাইক্র’ফাইনেন্স কোম্পানী তথা বন্ধন বেংকৰ পৰা ঋণ লৈ নাজিৰা মলা গাঁৱৰ দীপামণি গগৈৰ পৰিয়াল সর্বস্বান্ত হোৱাৰ ঘটনা বিয়পি পৰাৰ পিছত নাজিৰাৰ চকীমুখ পহুচিং গাঁৱৰ কল্পনা তাঁতী আৰু স্বামী চুতু তাঁতীৰ পৰিয়ালৰ ঘৰৰ টিনপাত খুলি ঘৰৰ সমস্ত বয়–বস্তু নীতি–বহির্ভূতভাৱে উলিয়াই নি সর্বস্বান্ত কৰা হৈছে৷ এই পৰিয়ালটোৰ উপৰি অঞ্চলটোৰ আন ভালেকেইটা পৰিয়ালৰ গৃহিণী তথা বন্ধন বেংকৰ দ্বাৰা পৰিচালিত গোটৰ সদস্যাই পৰিয়ালৰ আন সদস্যসহ ঘৰ–বাৰী এৰি অঞ্চলটোৰ পৰা পলায়ন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷

সম্প্রতি নাজিৰাত বহু দল– সংগঠন তথা ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি প্রতিবাদ সাব্যস্ত কৰিলেও খোদ নাজিৰাৰ পৰা নাৰী সবলীকৰণেই হওক কিম্বা জাতীয় স্বার্থত নামধাৰী কোনো সংগঠনেই হওক সকলোৱেই নীৰৱতা অৱলম্বন কৰি ভ্রষ্টাচাৰক নীৰৱ সমর্থন যোগোৱা পৰিলক্ষিত হৈছে৷ ইফালে গোটৰ মহিলাসকলে বন্ধন বেংক, আৰোহণ আদিৰ পৰা ঋণ লৈ সময়মতে বছৰি ১৭.৯৫ শতাশৰ পৰা ২৫.৪৫ শতাংশ হাৰত আৰু কিছু সুতৰ হাৰৰ শিথিলতাৰ মাজতো ঋণৰ কিস্তি ঘূৰাই আহিছে৷ ৰিজার্ভ বেংকৰ নীতি–নিয়মকো ভৰিৰে মোহাৰি এই মাইক্র’ফাইনেন্স কোম্পানীসমূহে গোটৰ জৰিয়তে অসমীয়া মহিলা তথা সর্বসাধাৰণ জনগণক একপ্রকাৰ লুণ্ঠন চলাই অহা কার্যত আৰক্ষী–সামৰিক প্রশাসন কর্তৃপক্ষই নীৰৱ ভূমিকা অৱলম্বন কৰি অহাটো অতি দুর্ভাগ্যজনক বিষয় হিচাপে পৰিগণিত হৈছে৷

এনে পৰিস্থিতিত শেহতীয়াকৈ সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি বিকাশ শর্মা আৰু ভাৰপ্রাপ্ত সচিবপ্রধান জাকিৰ আখতাৰ হুছেইনৰ স্বাক্ষৰেৰে নাজিৰাত মাইক্র’ফাইনেন্স কোম্পানী তথা বন্ধন বেংকৰ দ্বাৰা মহিলা–পৰিয়ালক সর্বস্বান্ত কৰি লুণ্ঠন চলোৱা কার্য বন্ধ কৰি এনে লুণ্ঠনকাৰী মাইক্র’ফাইনেন্স কোম্পানীসমূহক নাকী লগোৱাৰ দাবী জনাই নাজিৰা মহকুমাৰ ভাৰপ্রাপ্ত মহকুমাধিপতিৰ যোগেদি শিৱসাগৰ জিলাৰ উপায়ুক্তলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰিছে৷ ইয়াৰ অন্যথা ৰাইজৰ বৃহৎ স্বার্থৰ প্রতি লক্ষ্য ৰাখি লুণ্ঠনকাৰী এনে মাইক্র’ফাইনেন্স কোম্পানীসমূহৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তোলাৰ বেলিকা হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে অসামৰিক প্রশাসন কর্তৃপক্ষই জগৰীয়া হ’ব লাগিব বুলি স্মাৰক–পত্রত সংগঠনটোৱে লগতে সকীয়াই দিয়ে ৷

You might also like