নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি অসম দখল কৰিব জে এম বিয়ে : দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে প্ৰেৰণ কৰিছে ভাবুকি পত্ৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ইতিহাস বিজড়িত মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়ালৈ এইবাৰ দুৰ্ধৰ্ষ মৌলবাদী সংগঠন জেএমবিয়ে প্ৰেৰণ কৰিছে মৃত্যুৰ ভাবুকি । অচিৰেই নামনি অসম দখল কৰাৰ লগতে মুছলমান বিৰোধী কাৰ্য কৰাৰ বাবেই ডেকা সত্ৰীয়া তথা মইনবড়ী সত্ৰলৈ এই ভাবুকি প্ৰেৰণ কৰা বুলি এক পত্ৰত উল্লেখ কৰে জেএমবিৰ অসম শাখাৰ জেহেৰুল ইছলাম নামৰ এজনে ।

উল্লেখ্য যে, এই পত্ৰখনত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ লগতে মইনবড়ী সত্ৰৰ উন্নয়নৰ হৈ কাম কৰি অহা অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাকো দিয়া হৈছে ভাবুকি । পত্ৰত উল্লেখ থকা অনুসৰি – ‘এটা কথা মনত ৰাখিব – হিমন্ত, জয়ন্ত আৰু আপুনি ইছলামৰ শত্রু ৷ কিন্তু আপোনাক লাষ্ট সুযোগ দিয়া হৈছে ৷’ লগতে এই পত্ৰত জেএমবিয়ে ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰীক তেওঁলোকৰ নেতা বনাব বুলি কোৱাৰ লগতে চিঠিখন গোপনে ৰাখিবলৈও ভাবুকি প্ৰদান কৰিছিল ।

মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰলৈ অহা ভাবুকি পত্ৰখনত কি আছে – ‘অপূর্ব চাহাব, জে এম বি, অসমৰ তৰফৰ পৰা সংগ্রামী চালাম গ্রহণ কৰিব৷ বৰপেটাৰ মইনবড়ী সত্রক লৈ মন্ত্রী হিমন্ত, জয়ন্ত মল্ল আৰু আপুনি বহুদিন ধৰি মুছলমান মানুহক বদনামী কৰি আছে৷ সত্রৰ ছোৱালীক অপহৰণ কৰা, মুছলমানে অত্যাচাৰ কৰা বুলি মিছা অভিযোগ দিয়া হৈছে৷… আপুনি সত্রৰ পৰা মিছা অভিযোগ দি ইছলামক বদনামী কৰিছে৷ হিমন্ত, জয়ন্ত আৰু আপুনি ইছলামৰ চিৰশত্রু৷ আমি তিনিওজনক সাৰি যাব নিদিওঁ৷’ ভৱিষতে জে এম বিয়ে নামনি অসম দখল কৰিব বুলি পত্রখনৰ দ্বাৰা ঘোষণা কৰা হৈছে৷ তদুপৰি ডেকা সত্রীয়া অপূর্ব অধিকাৰীক উদ্দেশ্যি পুনৰ কোৱা হয়– ‘অধিকাৰী চাহাব, আপোনাক আমি নেতা বনাম৷ চিঠিখন পঠিয়ালোঁ, গোপনে ৰাখিব৷ বিশ্বাস কৰি চিঠিখন দিলোঁ, গোপনে ৰাখিব৷ অন্যথা চিঠিখন ৰাজহুৱা কৰিলে কঠোৰ শাস্তি দিয়া হ’ব৷ এটা কথা মনত ৰাখিব– হিমন্ত, জয়ন্ত আৰু আপুনি ইছলামৰ শত্রু৷ কিন্তু আপোনাক লাষ্ট সুযোগ দিয়া হৈছে৷’

জানুৱাৰী মাহৰ ৫ তাৰিখে কোনো অজ্ঞাত লোকে মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ বাসভৱনত এটা বন্ধ খাম পেলাই থৈ যায় । বন্ধ খামটো কোনো সভাৰ নিমন্ত্ৰণী পত্ৰ অথবা অন্য কিবা বুলি প্ৰথম অৱস্থাত বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল অপূৰ্ব অধিকাৰীয়ে । পিচে খামটো খুলি চাই আচৰিত হৈ ১৯ জানুৱাৰী তাৰিখে সৰভোগ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে সত্ৰাধিকাৰ গৰাকীয়ে ।

ঐতিহ্যমণ্ডিত মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ প্ৰতি অহা ভাবুকি পত্ৰই এতিয়া শংকিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক । নামনি অসমৰ বৰপেটাকে ধৰি বিভিন্ন অঞ্চলত জেএমবি তথা মুছলমান মৌলবাদীৰ কাৰ্যকলাপ সময়ে সময়ে পোহৰলৈ আহে যদিও এই ভাবুকিয়ে নামনিত মুছলমান মৌলবাদী শক্তি যে বাৰুকৈয়ে শিপাইছে সেইটো স্পষ্ট কৰিছে ।

You might also like