নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত ডকাইতি কাণ্ডঃ আৰক্ষীৰে হোৱা সংঘৰ্ষত এজন ডকাইতৰ মৃত্যু

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া আৰক্ষী থানাৰ অৰ্ন্তগত কলীয়াপানী অঞ্চলত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে । দুলীয়াজানৰ চাই টেলিকম নামৰ এয়াৰটেল ডিষ্ট্ৰিবিউটৰ এটাৰ কৰ্মচাৰী তথা ১ নং দুলীয়াজান গাঁৱৰ পুৰুষোত্তম ছেত্ৰীয়ে এয়াৰটেল বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ৫ লাখ টকা সংগ্ৰহ কৰি এখন স্কুটিৰে নাহৰণিৰ পৰা নাহৰকটীয়াৰ অভিমুখে আহি আছিল তেনে সময়তে কলীয়াপানী অঞ্চলৰ গনেশ দোকানৰ সন্মুখত দুখন মটৰচাইকেলত মুখত কাপোৰ বান্ধি অহা চাৰিজনীয়া ডকাইতৰ দলটোৱে পিষ্টল দেখুৱাই পুৰুষোত্তম ছেত্ৰীৰ পৰা সমুদায় ধন চিনেমা কায়দাৰে লুট কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিছত ভুক্তভোগী যুৱক জনে আৰক্ষীক অৱগত কৰাৰ পিছত নাহৰকটীয়া আৰক্ষী বিষয়া ভাস্কৰ শইকীয়া নেতৃত্বত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই থাকোতে ডকাইটি কাণ্ডত জড়িত কৰুণা গগৈ ওৰফে গুণ্ডা আৰু তৰুণ গগৈক চাচনীৰ অভিমুখে মটৰ চাইকেলত গৈ থকা অৱস্থাত ৰ’বলৈ সংকেত দিয়ে। কিন্তু ডকাইতি দুটাই আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰিবলৈ চেষ্টা চলায় ‌। কিন্তু আৰক্ষীয়ে তেওঁলোকক খেদি যোৱাত অৱশেষত ডকাইত দুটাই আত্মৰক্ষা কৰিবলৈ চাচনীৰ দিহিং কিনাৰ কলাগড়া গাঁৱৰ সমীপত পিষ্টল দলিয়াই বুঢ়ীদিহিং নৈৰ বুকুত জাপ দিয়ে । আৰক্ষীৰ অভিযানকাৰী দলটোৱে বুঢ়ীদিহিং নৈৰ বুকুত অভিযান চলাই নাহৰকটীয়াৰ বালিমৰা গাঁৱৰ কৰুণা গগৈ (৪৮) ক আটক কৰিবলৈ সক্ষম হয় । অৱশ্যে আনটো ডকাইত টিংখাংৰ কপৌহুৱা গাঁৱৰ তৰুণ গগৈ(৩৪) নদীৰ মাজলৈ গৈ স্থানীয় লোকে মাছ মাৰিবলৈ পাতি থোৱা জালত আৱদ্ধ হৈ কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হয় । শেহতীয়াকৈ নাহৰকটীয়া আৰক্ষীয়ে নিহত তৰুণ গগৈৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ।আনহাতে আৰক্ষীয়ে ধৃত কৰুণা গগৈক নাহৰকটীয়া আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে । ইতিমধ্যে আৰক্ষীয়ে ধৃত কৰুণা গগৈৰ কবলৰ পৰা ইটালীত নিৰ্মিত এটা ৭.৬৫ নম্বৰৰ পিষ্টল সহ ৩ জাই সজীৱ গুলী আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ইফালে ভুক্তভোগী পুৰুষোত্তম ছেত্ৰীয়ে ঘটনা সৰ্ন্দভত নাহৰকটীয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ২৪/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত অন্য দুটা ডকাইতক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানৰ লৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

You might also like