নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ দুই সহস্ৰাধিক জ্যেষ্ঠ ব্যক্তিক বিহুৰ মানবস্ত্ৰ প্ৰদান

বিজেপিৰ নেতা তৰংগ গগৈৰ মহানুভৱতা

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ লকডাউনৰ বাবে এইবাৰ ৰাজ্যখনত নাই ৰঙালীৰ উছাহ। কিন্তু তাৰ মাজতেই গ্ৰামাঞ্চলৰ জ্যেষ্ঠজনক পৰম্পৰা অনুসৰি মানবস্ত্ৰ প্ৰদানৰ উদ্যোগ গ্ৰহণ কৰিলে নাহৰকটীয়াৰ বিজেপি নেতা তৰংগ গগৈ আৰু তেওঁৰ সহধৰ্মিণীয়ে। লকডাউনৰ সময়ছোৱাত
প্ৰযোজ্য সামাজিক দূৰত্ব ৰাখি যুৱ নেতাগৰাকীয়ে নাহৰকটীয়া কাছাৰীগাঁৱৰে নিজা আবাসৰ পৰা শনিবাৰে দলীয় সতীৰ্থৰ জৰিয়তে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ গাঁওবুঢ়া, প্ৰচাৰ বিমুখ
সমাজকৰ্মীসকলৈ বিহুৰ শুভেচ্ছাসহ মান বস্ত্ৰ প্ৰেৰণ কৰে যুৱ নেতাগৰাকীয়ে সমষ্টিটোৰ আঢ়ৈ হাজাৰৰো অধিক বৰ্ষীয়ান লোকক এনেকৈয়ে বিহুৰ সেৱা যচাৰ লগতে লকডাউনৰ নীতি-নিয়ম পালনেৰে এই জটিল পৰিস্থিতিত হেঁপাহৰ ব’হাগক ঘৰৰ সীমাৰ মাজতেই পালন কৰিবলৈ আহ্বান জনায়।

You might also like