নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিউজ লাইভ’ৰ বাতৰিয়ে পোহৰ আনিলে দেৱাৰু মাঝিৰ পৰিয়াললৈ…

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ টিংখাঙৰ এটা দৰিদ্ৰ পৰিয়াল । থাকিবলৈ এটা ঘৰ অথবা খোৱাপানীকে ধৰি প্ৰয়োজনীয় সা-সামগ্ৰী নথকা দৰিদ্ৰ পৰিয়ালটোৰ জীৱনলৈ হঠাতে আহিল পোহৰ । মাত্ৰ এটা দিন পূৰ্বে অসমৰ জনপ্ৰিয় চেটেলাইট চেনেল ‘নিউজ লাইভ’ত এই দৰিদ্ৰ পৰিয়ালটোৰ দুৰ্বিষহ জীৱন সম্পৰ্কে বাতৰি সম্প্ৰচাৰ হৈছিল । বাতৰি সম্প্ৰচাৰ হোৱাৰ ২৪ ঘণ্টা নৌহওতেই এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছে অসংখ্য লোক ।

হাবিতলীয়া পৰিৱেশত টিংখাং সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাঁও পঞ্চায়তৰ থেকেৰাগুৰি গাঁৱত এইদৰে বছৰ বছৰ ধৰি বসবাস কৰি অহা দেৱাৰু মাঝিৰ পৰিয়াললৈ এই বাতৰিৰ পাচতেই আহিছে অভাৱনীয় পৰিৱৰ্তন । দীৰ্ঘদিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাকে ধৰি চৰকাৰী সা-সামগ্ৰীৰ পৰা বঞ্চিত হৈ থকা এই পৰিয়ালটোৱে এতিয়া লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ । ইয়াৰ লগতে স্ব-ইচ্ছাই বহুলোক ওলাই আহি সহায়ৰ হাত আগবঢ়াইছে পৰিয়ালটোক ।

কোনোৱে যদি ঘৰ মেৰামতিৰ কামত লাগিছে কোনোৱে আকৌ উপযুক্ত খোৱাপানীৰ ব্যৱস্থা কৰি দিছে পৰিয়ালটোক । ইফালে , কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী এই বাতৰিৰ পাচতেই দেৱাৰু মাঝিৰ উপস্থিত হৈ দীৰ্ঘদিনে এই পৰিয়ালটো দৃষ্টিগোচৰ নোহোৱাৰ বাবে দুখ প্ৰকাশ কৰে । পৰিয়ালটোৰ কৰুণগাঁথা সম্পৰ্কত সকলোৰে দৃষ্টিগোচৰ কৰাৰ বাবে সভানেত্ৰী গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে নিউজ লাইভ লগতে স্থানীয় সাংবাদিক কৃষ্ণ গগৈক ।

ইফালে, এই অভাৱনীয় পৰিৱৰ্তনৰ পাচতেই সাংবাদিকৰ আগত আবেগিক হৈ পৰে দেৱাৰু মাঝিৰ লগতে তেওঁৰ পত্নী । পূৰ্বে কুঁৱাৰ পানীৰেই জীৱন পাৰ কৰা পৰিয়ালটোৱে এই সমস্ত কামৰ বাবে আবেগিক হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰে । সাংবাদিকৰ প্ৰশ্নৰ মাজতে হাতযোৰ কৰি আবেগিক দেৱাৰু মাঝিয়ে যেন নোকোৱাকৈয়ে কৈ গ’ল বহু কথা । দৃষ্টিশক্তি নথকা বয়সে কোঙা কৰা দেৱাৰু মাঝিয়ে যেন অনুভৱ কৰিব পাৰিছে ঘৰটো নিৰ্মাণ কৰি থকাৰ লগতে নতুনকৈ দমকল স্থাপন কৰাৰ কথা ।

You might also like